নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত উঃ–পূবৰ উগ্রপন্থীলৈ অস্ত্র চীনৰ; পৰেশ বৰুৱাই নিয়ন্ত্রণ কৰিছে মাৰণাস্ত্রৰ সৰবৰাহ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ যোগান ধৰিছে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র৷ মূলতঃ ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে যোগান ধৰা হৈছে এই অস্ত্র৷ ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহে ম্যানমাৰৰ উগ্রপন্থী সংগঠনলৈ চীনে অস্ত্র–শস্ত্র যোগান ধৰা বিষয়টো বিশেষ গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ যোৱা জুন মাহৰ শেষ সপ্তাহত চীন–থাইলেণ্ড সীমান্তত এনে এক বৃহৎ অস্ত্রভাণ্ডাৰ উদ্ধাৰ হোৱাৰ পাছতে এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷

উল্লেখ্য যে থাইলেণ্ডৰ মি ছট জিলাৰ এটা বাসগৃহত জুন মাহৰ শেষৰ সপ্তাহত এ কে ছিৰিজৰ অত্যাধুনিক ৰাইফল, এণ্টি টেংক মাইন, গ্রেনেড, মেচিনগানকে ধৰি এক বৃহৎ অস্ত্রভাণ্ডাৰ জব্দ কৰে থাইলেণ্ড আৰক্ষীয়ে৷ এই অস্ত্রভাণ্ডাৰ জব্দ কৰাৰ পাছত থাইলেণ্ড আৰক্ষীৰ উপ–মুখপাত্র কর্নেল কিষাণা ফাট্টানাছাৰনে কয় যে চীনৰ এটা বিশেষ গোটে এই অস্ত্রসমূহ প্রেৰণ কৰিছিল৷ ইয়াৰ আঁৰত এটা গভীৰ ষড়যন্ত্র লুকাই আছে৷ এই অস্ত্র বিশেষভাৱে ব্যৱহাৰ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ এই অস্ত্রভাণ্ডাৰ জব্দৰ পাছতে ইয়াক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত ইতিমধ্যে এই সম্পর্কীয় বাতৰি বিশদভাৱে প্রকাশ পাইছে৷

চোৰাংচোৱা সংস্থাৰ এক বিশেষ সূত্রই সদৰী কৰা অনুসৰি ম্যানমাৰত ভাৰত চৰকাৰৰ সহযোগত চলি থকা প্রকল্পসমূহ নির্মাণ বন্ধ কৰাটোৱে চীনৰ মূল লক্ষ্য৷ লাডাখত চীন–ভাৰত সংঘাতৰ পাছত চীনে এতিয়া ভাৰতৰ বিৰুদ্ধে পৰোক্ষভাৱে চলোৱা ছায়াযুদ্ধৰ ক্ষেত্র হিচাপে বাছি লৈছে চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰক৷ উল্লেখ্য যে ২০০৮ চনত ভাৰত আৰু ম্যানমাৰৰ মাজত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ আধাৰত ভাৰত চৰকাৰে চুবুৰীয়া ৰাষ্ট্রখনৰ আন্তঃগাঁথনিমূলক প্রকল্প নির্মাণৰ প্রস্তাৱ আগবঢ়ায়৷ এই প্রস্তাৱৰ জৰিয়তে ভাৰত চৰকাৰে চুবুৰীয়া ৰাষ্ট্রখনত সবল উপস্থিতি সাব্যস্ত কৰাৰ লগতে চিটৱে বন্দৰ ব্যৱহাৰৰ কৌশল গ্রহণ কৰে৷ এই বন্দৰৰ সৈতে মিজোৰাম সংযোগী এটা ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰো সিদ্ধান্ত লয় ভাৰতৰ বৈদেশিক মন্ত্রালয়ে৷ এই প্রকল্পটো কালাদান প্রকল্প হিচাপে পৰিচিত আৰু ই দক্ষিণ–পূব এছিয়াত প্রৱেশৰ বাবে ভাৰতৰ মূল পথ ৰূপে বিবেচিত হৈছে৷

এই কালাদান প্রকল্পটোৰ নির্মাণকার্য ৭০ শতাংশ সম্পূর্ণ হোৱাৰ পাছত এতিয়া ভাৰত চৰকাৰ থমকি ৰ’বলগীয়া হৈছে ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ হেঁচাৰ পৰিপ্রেক্ষিতত৷ ম্যানমাৰৰ আৰাকান আর্মী আৰু ইউনাইটেড ৱা ষ্টেট আর্মী নামৰ দুটা উগ্রপন্থী সংগঠনে এই প্রকল্পটো নির্মাণৰ ক্ষেত্রত বাধা প্রদান কৰি আহিছে৷ এই দুয়োটা সংগঠনক পৰোক্ষভাৱে পূর্ণ সহযোগিতা আগবঢ়াইছে চীনে৷ ইতিমধ্যে যোৱা বর্ষৰ নৱেম্বৰ মাহত ভাৰতীয় সেনা আৰু ম্যানমাৰ সেনাই যৌথভাৱে চলোৱা অপাৰেচন ছানৰাইজত আৰাকান আর্মীৰ বহু অস্ত্র–শস্ত্র জব্দ কৰাৰ লগতে শিবিৰ ধ্বংস কৰিছিল৷ উক্ত সামৰিক অপাৰেচনত মিজোৰাম সীমান্তত থকা লাউংলাই জিলাত আৰাকান আর্মীৰ শিবিৰ ধ্বংস কৰিছিল দুয়োখন দেশৰ সেনাবাহিনীয়ে৷ এতিয়া সম্পূর্ণ সামৰিক দৃষ্টিকোণৰ পৰা ম্যানমাৰৰ এই দুই উগ্রপন্থী সংগঠনক অস্ত্র–শস্ত্রৰে শক্তিশালী কৰাৰ কৌশল গ্রহণ কৰিছে চীনে৷ বেইজিঙে ইতিমধ্যে ম্যানমাৰত বাহৰ পাতি থকা ভাৰতবিৰোধী উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহকো পূর্ণ সহযোগিতা আগবঢ়াইছে৷

উল্লেখ্য যে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই দীর্ঘদিন ধৰি চীনৰ ৰুইলি চহৰত বাহৰ পাতি আছে৷ আলফাৰ এই শীর্ষ নেতাজনে এতিয়া ম্যানমাৰ আৰু দক্ষিণ–পূব এছিয়াত উগ্রপন্থী সংগঠনক চীনৰ অস্ত্র যোগানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা বুলি ভাৰতৰ চোৰাংচোৱা সূত্রত প্রকাশ৷ উল্লেখ্য যে অপাৰেচন ছানৰাইজৰ সময়ছোৱাত উত্তৰ–পূব আৰু ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ শিবিৰত জব্দ হোৱা এম–২২ ৰাইফল, ২৯ মিডিয়াম মেচিনগান, এম–২১ ৰাইফল, ২১ আৰ পি জি, এম–১৬, এফ এন–৬ মিছাইল আদিৰ দৰে অত্যাধুনিক অস্ত্রসমূহৰ সকলোৱেই চীনত নির্মিত আছিল৷ এই বৃহৎ অস্ত্র সৰবৰাহৰ আঁৰত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ গুৰুত্বপূর্ণ ভূমিকা থকা বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে নিশ্চিত কৰে৷ ইতিমধ্যে ভাৰতত উগ্রপন্থী কার্যকলাপ বৃদ্ধি কৰাৰ বাবে বেইজিঙে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত কার্যকলাপ অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে৷ আই এছ আয়ে বাংলাদেশৰ ৰাজধানী ঢ়াকাৰ পৰা উত্তৰ–পূবৰ উগ্রপন্থী সংগঠনসমূহৰ সৈতে অহৰহ যোগাযোগ ৰাখি থকাৰ তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই৷ এইক্ষেত্রত পাকিস্তানী চোৰাংচোৱা সংস্থাটোৱে ম্যানমাৰৰ ৰহিংগ্যা জেহাদী গোটৰ সৈতেও যোগাযোগ স্থাপন কৰাৰ তথ্য প্রকাশ পাইছে৷

ম্যানমাৰত ৰহিংগ্যা বংশোদ্ভৱ আব্দুছ কুদুছ বার্মি নামৰ পাকিস্তানী ব্যক্তি এগৰাকীয়ে জেহাদী কার্যকলাপ অব্যাহত ৰাখিছে৷ এই আব্দুছ কুদুছ বার্মি নামৰ জেহাদীজনৰ লস্কৰ–ই–তৈবাৰ মুৰব্বী হাফিজ ছয়ীদৰ সৈতে যোগাযোগ থকাৰ তথ্য আছে চোৰাংচোৱা সংস্থাৰ হাতত৷ ইছলামিক উগ্রপন্থী সংগঠনৰ এই গোটটোকো চীনে অস্ত্র–শস্ত্র যোগান ধৰিছে ম্যানমাৰত৷ ফলস্বৰূপে এতিয়া চীনৰ অস্ত্রৰে ম্যানমাৰৰ ভূমি উত্তপ্ত হোৱাটো নিশ্চিত হৈ পৰিছে৷ বিশেষকৈ চুবুৰীয়া ৰাষ্ট্রখনত ভাৰতৰ নির্মীয়মাণ প্রকল্পসমূহ বন্ধ কৰাৰ লক্ষ্যৰে বেইজিঙে যি কৌশল অৱলম্বন কৰিছে, উক্ত কৌশলে ভৱিষ্যতে দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখস্বৰূপ অঞ্চলটো ৰক্তাক্ত কৰাৰ সম্ভাৱনা প্রবল৷

You might also like