নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ দিনৰ অন্তত উদ্ধাৰ সোৱণশিৰিত আত্মহত্যা কৰা নৱবিবাহিতৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ ৫ দিন পাছত উদ্ধাৰ হ’ল ১৩ জুলাইৰ দিনা দিন–দুপৰতে সোৱণশিৰি নদীৰ দলঙৰ পৰা জঁপিয়াই সোৱণশিৰি নদীৰ বুকুত আত্মহত্যা কৰা নৱবিবাহিত যুৱতীৰ মৃতদেহ৷

উল্লেখ্য যে লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অধীনৰ চাউলধোৱা উপ–আৰক্ষী চকী এলেকাৰ থেকেৰাগুৰি গাঁৱৰ মনোৰঞ্জন নাথৰ নৱবিবাহিত পত্নী দীপা বৰুৱা নাথে সোৱণশিৰি নদীত জঁপিয়াই আত্মহত্যা কৰিছিল৷ ইয়াৰ পাছতে এন ডি আৰ এফ বাহিনীৰ সহযোগত বগীনদী আৰু চাউলধোৱা দুদিন ধৰি সোৱণশিৰি নদীত যুৱতীগৰাকীৰ মৃতদেহ বিচাৰি চলাথ কৰিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷

ইয়াৰ পাছতে আজি পোৱা খাগৰিজানৰ ওচৰত সোৱণশিৰি নৈত যুৱতীগৰাকীৰ মৃতদেহ পানীত ওপঙি থকা প্রত্যক্ষ কৰি স্থানীয় মাছমৰীয়াসকলে চাউলধোৱা আৰক্ষী চকীত খবৰ দিয়ে৷ এই খবৰৰ ভিত্তিত চাউলধোৱা আৰক্ষীয়ে গৈ সোৱণশিৰি নৈৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলালৈ প্রেৰণ কৰে৷

You might also like