নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ কাৰাগাৰসমূহত ক’ভিড–১৯ৰ সংক্রমণৰ পর্যালোচনা কৰিলে মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ  কাৰাগাৰসমূহৰ ক’ভিড–১৯ৰদ্বাৰা আক্রান্ত কয়দীসকলৰ চিকিৎসা আৰু চিকিৎসাধীন হৈ থকা অৱস্থাত নিৰাপত্তাৰ বিষয়টো পর্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ক’ভিড–১৯ আক্রান্ত কয়দী আৰু তেওঁলোকক চিকিৎসা প্রদান কৰি থকাৰ সময়ত নিৰাপত্তাৰ ব্যৱস্থাটো কিদৰে গঢ়ি তুলিব লাগিব, সেই বিষয়টো অধ্যয়ন কৰাৰ বাবে প্রতিখন জিলাতে একোখনকৈ সমিতি গঠন কৰাৰ বাবে শীঘ্রে পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, কাৰাগাৰৰ অধীক্ষকক লৈ এই সমিতিখন গঠন কৰিবলৈ উপায়ুক্তক তেওঁ নির্দেশ দিয়ে৷

উল্লেখ্য যে ৰাজ্যখনৰ ৩১খন কাৰাগাৰৰ ভিতৰত বর্তমানলৈকে ৭খন কাৰাগাৰত ক’ভিড পজিটিভ কয়দী পোৱা গৈছে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত সুকীয়াকৈ ক’ভিড কেয়াৰ চেণ্টাৰ গঢ়ি তোলাৰ বাবে সকলো দিশ পর্যালোচনা কৰি শীঘ্রে যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ প্রধান সচিবগৰাকীক নির্দেশ দিয়ে৷

You might also like