নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ২৩.% লোকৰ দেহত ক’ভিড ১৯

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ভাৰতকে ধৰি বিশ্বৰ দেশসমূহত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা বৃদ্ধি পাই আছে৷ সমগ্র বিশ্বজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ১ কোটি ৫০ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ৬ লাখ ১৫ হাজাৰ অতিক্রম কৰিছে৷ নিশা ১১.৩০ বজালৈ প্রাপ্ত তথ্য মতে, ভাৰতত আক্রান্তৰ সংখ্যা ১১ লাখ ৯২ হাজাৰ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছে ২৮,৭৪৩জন৷

তথ্য মতে, এতিয়ালৈকে ভাৰতত সুস্থ হৈ উঠিছে ৭,৪৮,৩৭৩জন লোক৷ দেশত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষস্থানত থকা মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা ৩ লাখ ২৭ হাজাৰ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ১২,২৭৬জন৷ ৰাজ্যখনৰ সর্বাধিক আক্রান্ত মৃতকৰ তালিকাত আছে বাণিজ্যিক ৰাজধানী মুম্বাই৷ মায়ানগৰী মুম্বাইত আক্রান্তৰ সংখ্যা ১ লাখ অতিক্রম কৰাৰ বিপৰীতে প্রাণ হেৰুওৱা লোকৰ সংখ্যা প্রায় ৬ হাজাৰ৷ আক্রান্তৰ দ্বিতীয় স্থানত আছে ১.৮০ লক্ষাধিকেৰে তামিলনাডু৷ ৰাজ্যখনত প্রাণ হেৰুৱাইছে ২,৬২৬জন লোকে৷ ইপিনে, দেশৰ ৰাজধানী নতুন দিল্লী আক্রান্তৰ তালিকাৰ তৃতীয় স্থানত আছে৷ আজি বাতৰি যুগুতোৱা পৰলৈকে দিল্লীত আক্রান্তৰ সংখ্যা ১.২৫ লক্ষাধিক আৰু মৃতকৰ সংখ্যা ৩,৬৯০জন৷ তাৎপর্যপূর্ণ যে দেশৰ ৰাজধানী দিল্লীত ২৩.৪ শতাংশ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে অধিকসংখ্যক উপসর্গবিহীন৷

ছেৰ’লজিকেল সমীক্ষাত প্রকাশ কৰা মতে, ৰাজধানী দিল্লীৰ ২৩.৪৮ শতাংশ লোকৰ দেহত আইজি জি (ইম’ন’গ্ল’বুলিন জি) বিকশিত হৈছে৷ অর্থাৎ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে  ঘোষণা কৰা মতে, দিল্লীত ক’ভিড–১৯ আক্রান্তৰ অধিকাংশই উপসর্গবিহীন৷ অর্থাৎ উপসর্গবিহীনভাৱে ক’ভিড–১৯ত আক্রান্ত হৈছে৷ প্রায় ৬ মাহ ধৰি মহামাৰী ক’ৰোনা ভাইৰাছে ৰাজধানী দিল্লীত ভয়াৱহ ৰূপ ধাৰণ কৰিলেও ঘন বসতি অঞ্চল ৰাজধানীত মাত্র ২৩.৪৮ শতাংশ লোক ক্ষতিগ্রস্ত হোৱাটো তাৎপর্যপূর্ণ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, লকডাউন, কনটেইনমেণ্ট প্রক্রিয়া আৰু নিৰীক্ষণ পদ্ধতি সক্রিয় কৰাৰ বাবে ৰাজধানী দিল্লীত ক’ভিড–১৯ৰ সংক্রমণ প্রায় নিয়ন্ত্রিত হৈ আছে৷ আনহাতে, ক’ভিড–১৯ত একেটা পৰিয়ালৰ ৬জন লোকে প্রাণ হেৰুওৱা এক শোকাৱহ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত৷ ৰাজ্যখনৰ ধানবাদৰ কাট্রা অঞ্চলৰ এটি পৰিয়ালৰ ৬জন লোকৰ মাত্র ১৬ দিনৰ ভিতৰতে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ ১৫ দিনৰ পূর্বে পৰিয়ালটোৰ ৮৮ বছৰীয়া বৃদ্ধা এগৰাকীৰ মৃত্যু ঘটাৰ পিছত সেই পৰিয়ালটোৰ বাকী পাঁচজন লোক ক’ভিড–১৯ত মৃত্যু ঘটিছে৷

দিল্লীৰ সম্পর্কীয় লোকৰ বিবাহত অংশগ্রহণ কৰাৰ পিছতেই ৮৮ বছৰীয়া বৃদ্ধাগৰাকী ক’ভিড–১৯ত আক্রান্ত হয়৷ দিল্লীৰ পৰা উভতি অহাৰ পিছত ক’ভিড–১৯ত আক্রান্ত হোৱা মহিলাগৰাকীক বোকাৰৰ নার্ছিং হোমত ভর্তি কৰোৱা হয় আৰু তাতেই যোৱা ৪ জুলাইত মহিলাগৰাকীৰ মৃত্যু ঘটে৷ ক’ভিড–১৯ প্রট’কল নমনাকৈ মহিলাগৰাকীক অন্তিম সৎকাৰ কৰে পৰিয়ালৰ লোকে৷ অৱশ্যে মৃত্যুৰ পূর্বে মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি জনা নাছিল পৰিয়ালৰ লোকে৷ সৎকাৰ কৰি অহাৰ পিছত পৰিয়ালৰ লোক শংকিত হৈ পৰিছিল৷ ইয়াৰ পিছতেই অন্তিম সৎকাৰত অংশগ্রহণ কৰা মহিলাগৰাকীৰ ৬ পুত্রৰ ভিতৰত ৫জনৰ ১৬ দিনৰ ভিতৰত এজন এজনকৈ মৃত্যু ঘটে৷ ক’ভিড–১৯ত আক্রান্ত হৈ মাতৃ আৰু পাঁচ পুত্রৰ প্রাণহানি হোৱা ঘটনাই অঞ্চলটোক শংকিত কৰাৰ লগতে শোকত ম্রিয়মাণ কৰি তুলিছে৷

You might also like