নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ মুম্বাইস্থিত ৱেষ্টার্ন নেভেল কমাণ্ডত ৬.৭৬ কোটি টকাৰ ভুৱা বিল দাখিল কৰাৰ অভিযোগত চাৰি নৌ বিষয়া আৰু আন ১৪জনৰ বিৰুদ্ধে চিবিআয়ে গোচৰ ৰুজু কৰিছে৷ তথ্য প্রযুক্তি আৰু নেটৱর্কিং সম্পর্কীয় হার্ডৱেৰ যোগান ধৰাৰ ক্ষেত্রত উল্লিখিত চাৰি বিষয়াই ২০১৬ চনৰ জানুৱাৰীৰ পৰা মার্চলৈকে সাতখন ভুৱা বিল প্রস্তুত কৰিছিল৷ ৬.৭৬ কোটি টকাৰ এই ভুৱা বিল প্রস্তুত কৰি দাখিল কৰা কেপ্ঢেইন অতুল কুলকার্ণী, কমাণ্ডাৰ মান্দাৰ গড়বলে আৰু আৰ পি শর্মা, পেট্টি অফিচাৰ এল’জি কুলদ্বীপ সিং বাঘেলসহ ১৪জনৰ বিৰুদ্ধে চিবিআয়ে গোচৰ ৰুজু কৰে৷
চিবিআয়ে এজাহাৰত উল্লেখ কৰা মতে, উল্লিখিত নৌ বিষয়াকেইজনে নিজৰ পদবীৰ ক্ষমতাৰ অপব্যৱহাৰেৰে নৌ বাহিনী কর্তৃপক্ষক প্রৱঞ্চনা কৰিছে আৰু ৰাজহুৱা ধন লুণ্ঠন কৰাৰ অভিসন্ধি কৰিছে৷ এই গোচৰ সন্দর্ভত ইতিমধ্যে চিবিআয়ে উল্লিখিত বিষয়াকেইজনৰ লগতে আন ১৪জন লোকৰ বিৰুদ্ধে অভিযানো চলাইছে৷ চাৰি বিষয়াৰ উপৰি গোচৰ ৰুজু কৰা ১৪গৰাকীৰ ভিতৰত আছে কণ্ড্র’লাৰ অৱ ডিফেন্স একাউণ্টৰ চাৰি বিষয়া, ব্যক্তিগত কোম্পানী ষ্টাৰ নেটৱর্ক, এচিএমই নেটৱর্কছ, চাইবাৰ স্পেচ ইনপ্র’ভিচন আৰু মোক্ষ ইনফ’ছিছ৷