২৩ৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্রতিগৰাকী শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–অধ্যাপিকাৰ ক’ৰোনাৰ পৰীক্ষা বাধ্যতামূলক
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ‘মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ যোৱা মার্চ মাহৰ মাজভাগৰ পৰাই বন্ধ হৈ আছে৷ কেতিয়ালৈ শিক্ষানুষ্ঠানসমূহ খোল খায় আৰু ছাত্র–ছাত্রীৰ পাঠদান আৰম্ভ হয়, তাক লৈ শিক্ষার্থীসকলৰ লগতে অভিভাৱকসকলো উদ্বিগ্ণ হৈ আছে৷ কেন্দ্রীয় চৰকাৰে কার্যকৰী কৰা আনলক–৩ত বহু শিথিলতা আনিছে যদিও শিক্ষানুষ্ঠানসমূহ খোলাৰ অনুমতি দিয়া নাই৷ অহা ৩১ আগষ্টলৈ শিক্ষানুষ্ঠানসমূহ খোলা নহয় বুলি ইতিমধ্যে কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে৷ পৰৱর্তী পর্যায়ত এই সম্পর্কত কেন্দ্রীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ তথাপি অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে প্রাৰম্ভিক চিন্তা–চর্চা আৰম্ভ কৰি তাৰ বাবে নিজকে মানসিকভাৱে সাজু কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে৷’ জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
ৰাজ্যৰ শিক্ষা বিভাগৰ এই প্রস্তুতিৰ বিষয়ে সদৰী কৰি মন্ত্রী ড০ শর্মাই কয় যে অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ লক্ষ্য আগত ৰাখি চৰকাৰে অহা ৩০ আগষ্টৰ ভিতৰত প্রতিগৰাকী শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–ধ্যাপিকাৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ চতুর্থ শ্রেণীৰ কর্মচাৰীলৈকে সকলোৰে ক’ৰোনা টেষ্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে৷ তেওঁলোকে অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্রত্যেকে ক’ৰোনা টেষ্ট কৰিব লাগিব৷ ইয়াৰ আগেয়ে কৰা টেষ্টৰ ফলাফল গ্রহণযোগ্য নহ’ব৷ তদুপৰি প্রথম শ্রেণীৰ পৰা চতুর্থ শ্রেণীলৈ পাঠদান অহা ছেপ্ঢেম্বৰ মাহতো সম্পূর্ণৰূপে বন্ধ থাকিব৷ পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ পাঠদান বিদ্যালয়ৰ পৰিৱর্তে শিক্ষানুষ্ঠানৰ খেলপথাৰ, গাঁৱৰ খেলপথাৰ বা কোনো লোকৰ চোতালত মুকলি পৰিৱেশত কৰিব লাগিব৷ চাৰিওটা শ্রেণীৰ ছাত্র–ছাত্রীসকলক চাৰিটা ভাগত বিভক্ত কৰি পাঠদান কৰিব লাগিব৷ এটা সময়ত একোটা ভাগত ১৫জন ছাত্র–ছাত্রীকহে শিক্ষাদান কৰিব পাৰিব৷ এই মুকলি পৰিৱেশত কৰা শিক্ষাদানত গাঁৱৰ শিক্ষিত যুৱক–যুৱতীয়ে স্বেচ্ছামূলকভাৱে পাঠদান কৰিব পাৰিব৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েও এই ব্যৱস্থাত অংশগ্রহণ কৰিব পাৰিব৷
কোনো অভিভাৱকে এই পাঠদানত নিজৰ ল’ৰা–ছোৱালীক পঠিওৱাটো বাধ্যতামূলক নহয়৷ তদুপৰি বাৰিষা বতৰৰ বাবে মুকলি আকাশৰ তলত পাঠদান কৰিব নোৱাৰিলে ছাত্র–ছাত্রীক বিদ্যালয়ৰ শ্রেণীকোঠালৈ নিব নোৱাৰিব৷ সেইদৰে অহা ১ ছেপ্ঢেম্বৰৰ পৰা নৱম আৰু একাদশ শ্রেণীৰ ছাত্র–ছাত্রীক সপ্তাহত দুদিন পাঠদান কৰা হ’ব৷ এইসকল ছাত্র–ছাত্রীৰ পাঠদান বিদ্যালয়ৰ শ্রেণীকোঠাত চলিব যদিও এটা কোঠাত ১৫জনতকৈ অধিক ছাত্র–ছাত্রীক পাঠদান কৰাব নোৱাৰিব৷ ছাত্র–ছাত্রীৰ সংখ্যা অধিক হ’লে ছেকচন হিচাপত পাঠদান প্রক্রিয়া সম্পন্ন কৰিব লাগিব৷ একেদৰে দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান সপ্তাহত চাৰি দিন চলিব৷ শ্রেণীকোঠাত হ’বলগীয়া এই পাঠদানতো এটা কোঠাত ১৫জনতকৈ অধিক ছাত্র–ছাত্রী সমৱেত কৰাব নোৱাৰিব৷
প্রয়োজনত নৱম–একাদশৰ দৰে ছেকচন হিচাপত কৰি ল’ব লাগিব৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে নৱম শ্রেণী, একাদশ শ্রেণীৰ পাঠদান যেতিয়া চলিব, এটা শ্রেণীৰ যদি পুৱাৰ ভাগত পাঠদান হয়, আনটো শ্রেণীৰ পাঠদান দুপৰীয়াৰ ভাগত হ’ব৷ এটা শ্রেণীৰ পাঠদান তিনি ঘণ্টা চলিব৷ একেই প্রক্রিয়াৰে দশম আৰু দ্বাদশ শ্রেণীৰো পাঠদান চলিব৷ শিক্ষানুষ্ঠানত ইটো শ্রেণীৰ ছাত্র–ছাত্রীয়ে সিটো শ্রেণীৰ ছাত্র–ছাত্রীৰ সৈতে দেখাদেখি নহ’ব৷ স্নাতক শ্রেণীৰ অন্তিম ছিমেষ্টাৰৰ পাঠদানো অহা ১ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ছাত্র–ছাত্রীসকলে অধ্যয়ন কৰি থকা নিজ কলেজৰ পৰিৱর্তে গাঁৱৰ আন কলেজতো পাঠদান গ্রহণ কৰিব পাৰিব৷ অৱশ্যে ছাত্র–ছাত্রীৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানত উপস্থিতিৰ বাধ্যবাধকতা নাথাকিলেও শিক্ষক–শিক্ষয়িত্রীস উপস্থিতি সংশ্লিষ্ট শিক্ষানুষ্ঠানত বাধ্যতামূলক৷
আনহাতে বিশ্ববিদ্যালয়ৰ ক্ষেত্রত শিক্ষা বিভাগে কোনো নির্দেশনা দিব বিচৰা নাই বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে বিশ্ববিদ্যালয়সমূহ যিহেতু স্বায়ত্তশাসিত প্রতিষ্ঠান, সেয়ে চৰকাৰে নির্দেশনা দিব বিচৰা নাই৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে শিক্ষা বিভাগে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে যুগুতোৱা এই এছ’পি অহা সোমবাৰে সর্বশিক্ষাৰwww.ssa.assam.gov.in ৱেবছাইটযোগে প্রকাশ কৰি ৰাইজৰ পৰামর্শ বিচাৰিব৷ অহা ২০ আগষ্টলৈ অভিভাৱক, শিক্ষাবিদ, ছাত্র সংগঠন আদিয়ে মতামত দাখিল কৰিব পাৰিব৷ ইয়াৰ পিছত অহা ২১ আগষ্টত চৰকাৰে যাৱতীয় পৰিকল্পনা সাজু কৰিব৷ তেওঁ আৰু কয় যে ক’ৰোনাৰ সাম্প্রতিক স্থিতি অব্যাহত থাকিলে অহা ১ ছেপ্ঢেম্বৰৰ পৰা এই ব্যৱস্থাৰে শিক্ষানুষ্ঠানসমূহ খুলিব পৰা যাব বুলি আশা কৰা হৈছে৷ কোনো কাৰণত ছেপ্ঢেম্বৰৰ ভিতৰত সেয়া সম্ভৱ নহ’লে বা কেন্দ্রীয় চৰকাৰে অনুমতি নিদিলে অক্টোবৰ মাহত হ’লেও একেই পৰিকল্পনাৰে শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰা হ’ব৷
ইপিনে ক’ৰোনাৰ বাবে এইবাৰ পাঠদান প্রক্রিয়া ব্যাহত হোৱাৰ পৰিপ্রেক্ষিতত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক পাঠ্যক্রম সংকুচিত কৰা অথবা পাঠ্যক্রমত ২০ৰ পৰা ৫০ শতাংশ অধ্যয়ন কৰিয়েই ছাত্র–ছাত্রীয়ে যাতে পৰীক্ষাত অৱতীর্ণ হ’ব পাৰে, সেই সম্পর্কত তেওঁলোকৰ পৰাও প্রতিবেদন বিচৰা হৈছে বুলি সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷