নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৩৭ স্থানত গির্জা পাতি ধর্মান্তৰকৰণ

অসমক ‘মিছন ফিল্ড’ হিচাপে লৈ ভয়ংকৰ ব্লুপ্রিণ্ঢ

 নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ  গুৱাহাটীৰ মাজমজিয়াত গির্জা স্থাপন কৰি অসমত খ্রীষ্টান ধর্মৰ ব্যাপক প্রচাৰ আৰু প্রসাৰৰ ভয়ংকৰ কুচকাৱাজ অব্যাহত ৰাখিছে কেইবাজনো মিজো লোকে৷ গুৱাহাটীৰ ছাত্রীবাৰীত প্রেছবেটেৰিয়ান চার্চ স্থাপন কৰি মিজো লোক তথা পাষ্টৰ ৰেভাৰেণ্ড যোছেফৰ নেতৃত্বত অসমত চলি আছে খ্রীষ্টান ধর্মৰ ধর্মান্তৰকৰণ ব্যাপক অভিযান৷ কেইবছৰমান পূর্বে হিন্দু ধর্ম ত্যাগ কৰি প্রেছবেটেৰিয়ান চার্চৰ অধীনত খ্রীষ্টান ধর্ম গ্রহণ কৰা জনৈক শর্মা উপাধিৰ এজন লোকে অভিযোগ কৰি জনোৱা চাঞ্চল্যকৰ তথ্য মতে, ২০১০ চনত গুৱাহাটীৰ ছাত্রীবাৰীত প্রেছবেটেৰিয়ান চার্চ স্থাপন কৰি অসমক এখন মিছন ফিল্ড মেপ হিচাপে লৈ হিন্দু–মুছলমান উভয় ধর্মৰ মানুহক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণৰ জাল পেলাইছে৷ মিজোৰামৰ পৰা পৰিচালিত প্রেছবেটেৰিয়ান খ্রীষ্টান মিছনেৰীয়ে অসমৰ গুৱাহাটীৰ ছাত্রীবাৰীৰ উপৰি চানমাৰি, বেলতলাত ঘৰ ভাৰা লৈ ৰেভাৰেণ্ড যোছেফৰ নির্দেশত একাংশ অর্থিকভাৱে দুর্বল, সহজ–সৰল তথা নিৰক্ষৰ লোকক ‘টার্গেট’ কৰি লৈ খ্রীষ্টান ধর্মৰ প্রচাৰ আৰু প্রসাৰ চলোৱাৰ লগতে অব্যাহত ৰাখিছে ধর্মান্তৰকৰণ প্রক্রিয়া৷ বিদেশৰ অজ্ঞাত উৎসৰ পৰা অহা ধনেৰে প্রেছবেটেৰিয়ান চার্চৰ পাষ্টৰ ৰেভাৰেণ্ড যোছেফৰ নেতৃত্বত জেমছ, লালপা কান লাওমে, বিয়াল থুথমুন, বিয়াল লালপান, লালৰাম থাংগা নেংটে, ৰামালিয়ানিনী (মাহেৰি), কুৰী আদি মিজো লোকে মিজোৰামৰ পৰা আহি অসমত সক্রিয়ভাৱে ধর্মান্তৰকৰণ প্রক্রিয়া চলাই আহিছে৷ এই কার্যত মিজো লোকসকলক অসমৰ সন্দিকৈ আৰু শর্মা উপাধিৰ দুজন লোকে বিশেষকৈ অসমীয়া লোকক ধর্মান্তৰিত কৰাত আগভাগ লৈ আহিছে৷

ইফালে, ছাত্রীবাৰীৰ প্রেছবেটেৰিয়ান চার্চৰ এগৰাকী কর্মকর্তাই জনোৱা মতে, গুৱাহাটীৰ চানমাৰি আৰু বশিষ্ঠৰ উপৰি নলবাৰী, ওদালগুৰি, ঢ়েকীয়াজুলি, ভৈৰৱকুণ্ড, ধিং, মৈৰাবাৰী, লাহৰীঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্রুগড়, তিনিচুকীয়া আদি ৩৭টা স্থানত ঘৰ ভাৰা লৈ খ্রীষ্টান ধর্ম প্রচাৰ কৰি অহাৰ লগতে ধর্মান্তৰকৰণ প্রক্রিয়া চলাই আহিছে৷ বর্তমান অসমত ৩৭টা স্থানত ৩ সহস্রাধিক লোকক ধর্মান্তৰকৰণ কৰিছে এই মিজো লোকসকলে৷ খ্রীষ্টান ধর্মত দীক্ষিত হোৱা জনৈক শর্মাই জনোৱা মতে, নলবাৰীৰ পল্লা ৰোডৰ বৰকটকী উপাধিৰ এজন লোকৰ ঘৰ ভাৰা লৈ এক মিজো দম্পতীয়ে জিলাখনৰ কেইবাখনো গাঁৱৰ দুখীয়া লোকক ধনৰ প্রলোভন দি ধর্মান্তৰিত কৰিছে৷ আনকি এই দম্পতীটোৱে নলবাৰী সদৰ থানাৰ পিছফালে থকা ডেকা উপাধিৰ এজন লোকৰ ঘৰত দেওবৰীয়া সমূহীয়া প্রার্থনাৰ আয়োজন কৰি আহিছে৷ অৱশ্যে লকডাউনৰ বাবে শেহতীয়াকৈ প্রার্থনা কার্যসূচী বন্ধ ৰখা হৈছে৷ সেইদৰে মৰিগাঁৱৰ লাহৰীঘাটত বহুসংখ্যক মুছলমান লোকক খ্রীষ্টান ধর্মত দীক্ষিত কৰিছে জিলাখনত বাহৰ পাতি ধর্ম প্রচাৰ কৰি অহা একাংশ মিজো লোকে৷ লাহৰীঘাটৰ উপৰি এই মিজো খ্রীষ্টান মিছনেৰীসকলে তিনিচুকীয়াৰ ৰূপাই চাইদিং, ডুমডুমা আদিতো বহুসংখ্যক মুছলমান লোকক ধর্মান্তৰকৰণ কৰিছে৷ সেইদৰে ডিব্রুগড়তো বহুসংখ্যক হিন্দু–মুছলমান লোকক বিভিন্ন ছল–চাতুৰীৰে খ্রীষ্টান ধর্মলৈ ধর্মান্তৰিত কৰিছে৷ আনহাতে বিদেশৰ পৰা অহা পুঁজিৰে ধেমাজি, চিলাপথাৰ, লাইমেটৰীত হাইস্কুল স্থাপন কৰি ৰাইজৰ মন আকর্ষণ কৰাৰ চেষ্টা চলাই আহিছে এই মিজো লোকসকলে৷ জনৈক শর্মাই অভিযোগ কৰি জনোৱা মতে, এই মিজো খ্রীষ্টান মিছনেৰীসকলৰ বিভিন্ন প্রলোভনত বন্দী হৈ ইতিমধ্যে ধর্মান্তৰিত হোৱা লোকসকলে নিজ নিজ ধর্মীয় ৰীতি–নীতি, পৰম্পৰা তথা অসমীয়া সংস্কৃতি পৰিত্যাগ কৰিছে৷ এই মিজো প্রেছবেটেৰিয়ান মিছনেৰীসকলে সম্পূর্ণ পাশ্চাত্য সংস্কৃতিক আদৰি লোৱাৰ লগতে অনুসৰণ কৰা বাবে জনৈক শর্মাৰ এই ধর্মৰ প্রতি শেহতীয়াকৈ মোহভংগ হোৱা বুলি জানিবলৈ দিয়ে৷

উল্লেখ্য যে ভাৰত এখন ধর্মনিৰপেক্ষ দেশ হোৱা হেতুকে এটা ধর্মৰ লোকে আন এটা ধর্মক সন্মান কৰে৷ কিন্তু সেইবুলি ধর্মনিৰপেক্ষতাৰ সুযোগ গ্রহণ কৰি নিজ ধর্মৰ প্রসাৰৰ বাবে একাংশ মিজো লোকে অসমত বিভিন্ন প্রলোভন দি অসমত নিজ ধর্মৰ প্রসাৰৰ বাবে অন্য ধর্মৰ দুখীয়া লোকক ধর্মান্তৰকৰণ কৰাটো গ্রহণযোগ্য হ’ব নোৱাৰে বুলি সচেতন মহলে মন্তব্য কৰি আহিছে৷

বিশেষকৈ অসমক ‘মিছন ফিল্ড’ হিচাপে ‘মেপ’ প্রস্তুত কৰি একাংশ মিজো লোকে পৰিকল্পিতভাৱে খ্রীষ্টান ধর্মপ্রধান ৰাজ্যলৈ পর্যবসিত কৰিব বিচৰাক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰিছে হিন্দু যুৱ–ছাত্র পৰিষদ, অসমে৷ পৰিষদৰ সভাপতি বলেন বৈশ্যই এই সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়– জেহাদী আৰু খ্রীষ্টিয়ান মিছনেৰী এই দুয়োটা শক্তিয়ে অসমৰ হিন্দু সমাজ আৰু সংস্কৃতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ জেহাদীয়ে বন্দুক দেখুৱাই ধর্মান্তৰকৰণ কৰে আৰু খ্রীষ্টান মিছনেৰীসকলে বিভিন্ন প্রলোভন দি ধর্মান্তৰকৰণ কৰি আহিছে৷ গুৱাহাটীত খুঁটি পুতি বহি লৈ একাংশ মিজো লোকে অসমত হিন্দু লোকক ছলে–বলে–কৌশলে খ্রীষ্টান ধর্মলৈ ধর্মান্তৰিত কৰি অহা কার্য পৰিষদে কেতিয়াও মানি ল’ব নোৱাৰে৷ সন্দেহজনক উৎসৰ পৰা মিজোৰামলৈ অহা ধনেৰে চলা প্রেছবেটেৰিয়ান চার্চ আৰু ইয়াৰ বিভিন্ন শাখাৰ এনে দুষ্কার্যৰ বাবে চৰকাৰে শীঘ্রে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ অন্যথা পৰিষদে উক্ত চার্চৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ব৷ ইফালে, ছাত্রীবাৰীৰ প্রেছবেটেৰিয়ান চার্চে বিভিন্ন প্রলোভনেৰে খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ প্রক্রিয়া অব্যাহত ৰখা কার্যক অখিল ভাৰত হিন্দু মহাসভাৰ অসম শাখাই তীব্র গৰিহণা দিয়ে৷ মহাসভাৰ অসম শাখাৰ সভানেত্রী লীনা মহন্তই কয়– আমি অখিল ভাৰত হিন্দু মহাসভা, অসমৰ তৰফৰ পৰা উক্ত কার্যক গৰিহণা দিয়াৰ লগতে এই ধর্মান্তৰকৰণ প্রক্রিয়া অতি সোনকালে বন্ধ কৰিবলৈ দাবী জনালোঁ৷ যদি এনেদৰে ধর্মান্তৰকৰণ চলি থাকে তেতিয়া হ’লে অসমৰ পৰা হিন্দু ধর্ম হেৰাই যোৱাৰ উপক্রম হ’ব৷ উদাহৰণস্বৰূপে সত্রীয়া–সংস্কৃতিৰ পৃষ্ঠভূমি হিন্দু ধর্মৰ বিশেষ এক স্থল মাজুলীতো খ্রীষ্টান ধর্মৰ আগ্রাসনত হিন্দু ধর্মৰ সাধকসকলে আদালতৰ মজিয়ালৈকে যাবলগীয়া হৈছে৷ খ্রীষ্টান ধর্মৰ আগ্রাসনৰ ক্ষেত্রত অসমত আমাৰ কৰণীয় বহু আছে৷ কিয়নো পর্যায়ক্রমে ই আমাৰ জনজীৱনত ব্যাপক প্রভাৱ বিস্তাৰ কৰিছে৷ অতি দুখৰ বিষয় যে আমি হিন্দু ধর্মৰ মানুহখিনি নিজৰ ধর্ম প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত সক্রিয় নহয়৷ এতিয়া ইয়াৰ বিৰুদ্ধে সক্রিয় হোৱাৰ সময় আহি পৰিছে আৰু অসমৰ জনসাধাৰণক সক্রিয় তথা সজাগ হোৱাৰ বাবে আহ্বান জনালোঁ৷ লগতে প্রেছবেটেৰিয়ান চার্চক অতি সোনকালে এই কার্য বন্ধ কৰাৰ দাবী জনালোঁ৷

You might also like