নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠৰ পৰা অষ্টম শ্রেণীৰ বাবে বিকল্প শৈক্ষিক দিনপঞ্জী

মুকলি কৰিলে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রীযে

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ উচ্চ প্রাথমিক শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে সোমবাৰে বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকই৷ এই বিকল্প শৈক্ষিক দিনপঞ্জী অহা ৮ সপ্তাহ অর্থাৎ দুমাহৰ বাবে কার্যকৰী হ’ব৷ টুইটাৰযোগে কেন্দ্রীয় মানৱ সম্পদ মন্ত্রী নিশাংকই উচ্চ প্রাথমিক শ্রেণী (ষষ্ঠৰ পৰা অষ্টমমান)লৈ বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰে৷ উল্লেখ্য যে ইয়াৰ পূর্বে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে চাৰি সপ্তাহৰ বাবে বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰিছে৷ প্রধানতঃ এই বিকল্প শৈক্ষিক দিনপঞ্জীত অন্তর্ভুক্ত কৰা হৈছে অনলাইন শিক্ষা পদ্ধতিৰ গাইড লাইন৷ এই সন্দর্ভত টুইটাৰত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী নিশাংকই কয়– ‘এই বিকল্প শৈক্ষিক দিনপঞ্জীৰ মূল লক্ষ্য হ’ল আমাৰ শিক্ষার্থীসকলৰ লগতে বিদ্যালয়প্রধান, শিক্ষক আৰু অভিভাৱকসকলক সবলীকৰণ কৰা৷ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত ইতিবাচক পথেৰে যাতে অনলাইনযোগে শিকন আৰু শিক্ষা আহৰণৰ সম্ভৱ হৈ পৰে৷ এই শৈক্ষিক দিনপঞ্জীত সকলোবোৰ বিষয়ৰ সাপ্তাহিক পৰিকল্পনা সন্নিৱিষ্ট কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ক’ভিড–১৯ৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত সম্প্রতি সমগ্র দেশৰে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে৷ এনে প্রেক্ষাপটত বিকল্প শৈক্ষিক দিনপঞ্জীৰ গুৰুত্ব ছাত্র–ছাত্রীসকলৰ বাবে বিবেচিত হৈছে অপৰিসীম ৰূপে৷

You might also like