নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ‘ছুপাৰ থার্টী’খ্যাত আনন্দ কুমাৰক

নিয়মীয়া বাৰ্তা,  ২৭ নৱেম্বৰঃ ‘ছুপাৰ থার্টী’ খ্যাত আনন্দ কুমাৰক বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ‘ছুপাৰ থার্টী’ সন্দর্ভত ৰুজু হোৱা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ এ এম বুজৰবৰুৱাৰ খণ্ড বিচাৰপীঠে এই নির্দেশ জাৰি কৰে ৷ উল্লেখ্য যে ইয়াৰ পূর্বেও গোচৰটো সন্দর্ভত আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল ৷ উচ্চ ন্যায়ালয়ৰ জাননীৰ কোনো উত্তৰ প্রদান নকৰাত ক্ষুণ্ণ হৈ আনন্দ কুমাৰক মঙলবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিছিল ৷ ইয়াৰ পিছতো তেওঁ আদালতত হাজিৰ নোহোৱাত উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্রকাশ কৰি পুনৰ বৃহস্পতিবাৰে সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ দিয়ে ৷ তদুপৰি মঙলবাৰে আদালতত উপস্থিত থকা শিক্ষার্থী আৰু অভিভাৱক প্রত্যেককে ১০ হাজাৰকৈ মুঠ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ কুমাৰক খণ্ড বিচাৰপীঠে নির্দেশ দিছে ৷ আনহাতে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ জৰিয়তে গুৱাহাটী আই আই টিৰ কেইগৰাকীমান শিক্ষার্থীয়ে অভিযোগ কৰিছিল যে ছুপাৰ থার্টীৰ জৰিয়তে আনন্দ কুমাৰে মেধাৱী শিক্ষার্থীক প্রতাৰণা কৰি আহিছে ৷ প্রকৃতার্থত ‘ছুপাৰ থার্টী’ৰ নাম লৈ কুমাৰে ব্যক্তিগত কোচিং চেণ্টাৰহে চলাই আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে শিক্ষার্থীকেইগৰাকীয়ে ৷ 

You might also like