নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ আলফা–চৰকাৰৰ আলোচনাই শীঘ্রেই নতুন মোৰ ল’ব৷ ক’ৰোনাকাল শেষ হোৱাৰ পাছতে আৰম্ভ হ’ব আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমক আলোচনাৰ মেজলৈ অনা প্রক্রিয়া৷ ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ত এই বিষয়টোক লৈ আৰম্ভ হৈছে যাৱতীয় তৎপৰতা৷ লক্ষণীয় বিষয়টো হ’ল– আলফা (স্বাধীন)ৰ মূল নেতাগৰাকীক আলোচনালৈ অনা প্রক্রিয়াটোৰ এইবাৰ আঁত ধৰিছে শাৰদ পাৱাৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্রেছ পার্টী (এন চি পি)ৰ অসম ৰাজ্যিক সমিতিয়ে৷ বিষয়টো আচহুৱা যেন লাগিলেও সমগ্র প্রক্রিয়াটো ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে৷ দেশত ক’ৰোনা মহামাৰীৰ সংক্রমণ অব্যাহত থকা বাবে এতিয়াও পৰেশ বৰুৱাৰ লগত আলোচনাৰ আনুষ্ঠানিক পদক্ষেপ আৰম্ভ কৰা নাই কেন্দ্রীয় গৃহ বিভাগে৷ কিন্তু জটিল পৰিস্থিতিৰ অৱসানৰ লগে লগে বিষয়টোৱে ল’ব নতুন গতি৷ গৃহ বিভাগৰ শীর্ষ সূত্রই ‘নিয়মীয়া বার্তা’ৰ আগত এই কথা সদৰী কৰিছে৷
উল্লেখ্য যে এন চি পিৰ অসম ৰাজ্যিক সমিতিয়ে যোৱা ১৩ ফেব্রুৱাৰীত দেশৰ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰিছিল৷ দলটোৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ডি ডি অধিকাৰী, কার্যকৰী সভাপতি কে কে মহন্ত, বিমল চন্দ্র শইকীয়া, সাধাৰণ সম্পাদক পৰেশ বৰুৱা, জেনাট মোল্লা আৰু সম্পাদক দীপক কুমাৰ দাসে স্মাৰক–পত্রখনত উল্লেখ কৰিছিল যে আলফা (স্বাধীন) ৰাজ্যখনত সক্রিয় হৈ থকাৰ পৰিপ্রেক্ষিতত অসমৰ পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে৷ পৰেশ বৰুৱা নেতৃত্বাধীন গোটটোৱে আলোচনা প্রক্রিয়াত অংশগ্রহণ নকৰিলে সমগ্র শান্তি আলোচনা প্রক্রিয়াটো বেবেৰিবাং হৈ পৰিব৷ লক্ষ্য কৰা হৈছে যে ‘সার্বভৌমত্ব’ বিষয়টোক বাদ দি আলফা (স্বাঃ) আলোচনাৰ মেজত বহিবলৈ আগ্রহী নহয়৷ সেই বাবেই আমি ৰাজ্যখনৰ কেইজনমান সন্মানীয় ব্যক্তিৰ নাম আপোনালোকৰ বিবেচনালৈ আগবঢ়ালোঁ৷ যিসকলৰ কোনো ৰাজনৈতিক পৰিচয় নাই৷ আমি বিশ্বাস কৰোঁ যে ইতিহাস, ভূগোল আৰু সামাজিক দিশৰ ওপৰত থকা বিশেষ জ্ঞান থকা এইকেইজন ব্যক্তিৰ মধ্যস্থতাৰ জৰিয়তে আলফা (স্বাধীন)ক আলোচনা প্রক্রিয়ালৈ অনাটো সম্ভৱ হ’ব৷
এন চি পিৰ ৰাজ্যিক সমিতিয়ে স্মাৰক–পত্রখনত প্রস্তাৱিত আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকা, ড০ লক্ষ্মীনন্দন বৰা আৰু প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকৰ নাম কেন্দ্রীয় চৰকাৰৰ বিবেচনার্থে আগবঢ়াইছে৷ প্রায় ছমাহ পূর্বে এন চি পিয়ে প্রেৰণ কৰা স্মাৰক–পত্রখনক প্রধানমন্ত্রীৰ কার্যালয়ে বিশেষ গুৰুত্বসহকাৰে লয় আৰু যাৱতীয় পদক্ষেপ গ্রহণৰ বাবে গৃহ মন্ত্রালয়লৈ প্রেৰণ কৰে৷
ইতিমধ্যে এন চি পিৰ স্মাৰক–পত্রখনৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্রালয়ে পৰেশ বৰুৱাৰ লগত আলোচনাৰ পাতনি মেলিবলৈ প্রাৰম্ভিক প্রস্তুতি আৰম্ভ কৰিছে৷ ইয়াৰ বাবে প্রাথমিক পর্যায়ৰ অনুসন্ধানো সমাপ্ত কৰিছে৷ কিন্তু দেশজুৰি মহামাৰী ক’ৰোনাৰ সংক্রমণ অব্যাহত থকাৰ বাবে এতিয়াও আনুষ্ঠানিকভাৱে এই প্রক্রিয়া আৰম্ভ কৰিব পৰা হোৱা নাই৷ কিন্তু ক’ৰোনাজনিত পৰিস্থিতিৰ অৱসানৰ পাছতে কেন্দ্রীয় চৰকাৰে আলফা (স্বাধীন)ৰ লগত আলোচনা প্রক্রিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে৷ অৱশ্যে আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে এন চি পিয়ে প্রস্তাৱ কৰা ব্যক্তিসকল নে আন ব্যক্তিক নিয়োগ কৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু উত্তৰ–পূর্বাঞ্চলত বিদ্রোহী সমস্যাৰ স্থায়ী সমাধানৰ বাবেই আলফা (স্বাধীন)কো আলোচনাৰ মেজলৈ আনিবলৈ আগ্রহী হৈ উঠিছে কেন্দ্রীয় চৰকাৰখন৷
শেহতীয়াকৈ বি টি আৰ চুক্তিৰ জৰিয়তে বড়োসকলৰ সশস্ত্র বিদ্রোহৰ মোখনি মৰাৰ পাছত কেন্দ্রীয় চৰকাৰখনৰ এই আগ্রহ বিশেষ তাৎপর্যপূর্ণ হৈ পৰিছে৷ বিষয়টো সন্দর্ভত এন চি পিৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পৰেশ বৰুৱাই কয় যে তেওঁলোকে পিতা–পুত্রৰ সম্পর্কৰ দৰেই জ্যেষ্ঠ–সন্মানীয় ব্যক্তিসকলৰ জৰিয়তে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব বিচাৰে৷ এই ইচ্ছাৰ কথা এখন স্মাৰক–পত্রৰ জৰিয়তে কেন্দ্র আৰু ৰাজ্য চৰকাৰক অৱগত কৰা হৈছে৷ কিন্তু তাৰ পাছতে দেশত ক’ৰোনাৰ সংক্রমণ আৰম্ভ হোৱা বাবে বিষয়টো সম্প্রতি স্থবিৰ হৈ আছে৷এই জটিল পৰিস্থিতিৰ সামৰণিৰ পাছতে বিষয়টোৱে নতুন গতি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷
উল্লেখ্য যে ইয়াৰ পূর্বেও ২০০৫ চনত পি চি জি গঠনৰ জৰিয়তে আলফাই আলোচনাৰ প্রতি আগ্রহ দেখুৱাইছিল৷ সেই সময়ত জ্ঞানপীঠ বঁটা বিজয়িনী লেখিকা মামণি ৰয়ছম গোস্বামীৰ নেতৃত্বত হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, অৰূপ বৰবৰা, লাচিত বৰদলৈ, দিগন্ত কোঁৱৰ, ৰেৱতী ফুকন, ব্রজেন গগৈ আদিক লৈ গঠন কৰা পি চি জিৰে দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ কেইবালানি বৈঠকো অনুষ্ঠিত হৈছিল৷ কিন্তু পৰেশ বৰুৱাই নিজে আলোচনাৰ মেজত বহিবলৈ অস্বীকাৰ কৰা বাবেই আদবাটতে আলোচনাৰ যতি পৰে৷ তাৰ পাছৰ পৰা চৰকাৰ অথবা আলফা– কোনো এটা পক্ষই বিশেষ আগ্রহ দেখুওৱা নাই৷ ইতিমধ্যে ব্রহ্মপুত্রৰ বুকুৱেদি বহু পানী বৈ গ’ল, অসমৰ সামাজিক–ৰাজনৈতিক পৰিস্থিতি সলনি হ’ল৷ আলফাৰ পৰেশ বৰুৱা গোটটোৰ শক্তি–সামর্থ্য হ্রাস পালেও পৰিৱেশ সাপেক্ষে বহু ছাত্র–যুৱকে এতিয়াও আলফা (স্বাধীন)ত যোগদান কৰিয়ে আছে৷ ভিন্ন সময়ত চীনৰ পৃষ্ঠপোষকতাত অসমত সশস্ত্র বিদ্রোহীৰ কুচকাৱাজ চলি থকাৰ খবৰো চোৰাংচোৱা সংস্থাসমূহে প্রকাশ কৰি আহিছে৷ খোদ পৰেশ বৰুৱাৰ অৱস্থানক কেন্দ্র কৰিও অব্যাহত আছে বিতর্ক৷ গতিকে কূটনৈতিক দিশৰ পৰাও পৰেশ বৰুৱাই আলোচনা প্রক্রিয়াত অংশগ্রহণ কৰাটো অত্যন্ত জৰুৰী৷ স্বাভাৱিকতে এন চি পিৰ স্মাৰক–পত্রখনৰ আলম লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই আলোচনাক নতুন গতি দিবলৈ সাজু হৈছে৷ এতিয়া অপেক্ষা মাথোঁ ক’ৰোনা পৰিস্থিতিৰ অৱসান ঘটালৈ৷