নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ শতাংশ আৰোগ্য লোকৰ হাঁওফাঁওৰ সমস্যা

ৱুহানত পুনৰ আতংকঃ ক’ভিডৰ পাছত নতুন ভাইৰাছত ৭জনৰ মৃত্যু চীনত

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ক’ভিড–১৯ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত গৰিষ্ঠসংখ্যক লোকৰ হাঁওফাঁওৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ চীনে আৰোগ্য লাভ কৰা ৱুহান চহৰৰ একাংশ লোকৰ ওপৰত চলাইছিল পৰীক্ষা৷ পৰীক্ষা চলোৱা ৯০ শতাংশৰ হাঁওফাঁওৰ সমস্যা সৃষ্টি হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছে৷ ক’ভিড–১৯ মহামাৰীয়ে ৱুহানত এনেদৰে ৯০ শতাংশ আৰোগ্য লাভ কৰা ৰোগীৰ হাঁওফাঁওৰ ক্ষতিসাধন কৰাৰ তথ্য দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ৱুহান বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে উল্লেখ কৰা অনুসৰি ১০০গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ এপ্রিল মাহৰ পৰা হাস্পতালত বিভিন্ন পৰীক্ষা চলাই থকা হৈছে৷ ইয়াৰ ৯০ শতাংশ ৰোগীৰ হাঁওফাঁওৰ ক্ষতিসাধন হোৱা বুলি পৰীক্ষাত প্রমাণিত হৈছে৷ গ্ল’বেল টাইমছৰ প্রতিবেদন অনুসৰি এই ৰোগীসকলৰ গৰিষ্ঠসংখ্যককে ৰখা হৈছিল ভেণ্টিলেটৰত৷ হাঁওফাঁওত ভেণ্টিলেটৰ আৰু গেছৰ বিনিময় কার্যৰ কোনো ধৰণৰ উন্নতি ঘটা নাই এই ৰোগীসকলৰ৷ গতিকে ৬ মিনিটৰ ভিতৰত ৫০০ মিটাৰ দূৰত্ব খোজ কাঢ়িব পৰা ক’ভিডমুক্ত ব্যক্তিয়ে ৪০০ মিটাৰ দূৰত্বও অতিক্রম কৰিবলৈ সক্ষম হোৱা নাই৷ চীনৰ গৱেষকসকলৰ এই পৰীক্ষাৰ পাছতে বিশ্বৰ বিভিন্ন দেশত বিষয়টোক লৈ চলিছে চর্চা৷ ইফালে ক’ভিড মহামাৰীয়ে বিশ্বজুৰি বিভীষিকা অব্যাহত ৰখাৰ সময়তে দেশখনৰ পূব প্রান্তৰ প্রদেশ জিয়াংছুত নতুন এক ভাইৰাছৰ সংক্রমণত ৬০গৰাকী লোক আক্রান্ত হোৱাৰ উপৰি অন্য সাতগৰাকী নিহত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ মানুহৰ পৰা মানুহলৈ বিয়পিবলৈ সক্ষম এছইটিএছ নামৰ এই ভাইৰাছবিধৰ প্রাদুর্ভাৱৰ কথা গ্ল’বেল টাইমছে প্রকাশ কৰাৰ লগে লগে সৃষ্টি হৈছে নতুন আতংক।

You might also like