যুদ্ধমুক্ত পৃথিৱীৰ সংকল্পৰে হিৰোছিমাৰ বিভীষিকাক ৰোমন্থন
জাপানত আণৱিক হিংস্রতাৰ ৭৫ বছৰ সম্পূর্ণ
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ জাপানৰ হিৰোছিমা চহৰত পাৰমাণৱিক হিংস্রতাৰ ৭৫সংখ্যক বার্ষিকীত বৃহস্পতিবাৰে দেশবাসীয়ে বিভীষিকাত প্রাণ হেৰুওৱা লোকসকলক স্মৰণ কৰিছে৷ উল্লেখনীয় যে ১৯৪৫ চনৰ ৬ আগষ্টত মার্কিন বোমাৰুৱে পেলোৱা প্রথমটো পাৰমাণৱিক বোমাত হিৰোছিমা চহৰত তাৎক্ষণিকভাৱে ঢ়লি পৰিছিল ১.৪০ লাখ লোকৰ জীৱন৷ এই নৃশংসতাই পৃথিৱীবাসীক হতচকিত কৰাৰ তিনি দিন পাছত পুনৰ নাগাছাকি চহৰত আমেৰিকাই পেলাইছিল দ্বিতীয়টো আণৱিক বোমা৷ এই আণৱিক আক্রমণৰ দুসপ্তাহ পাছতেই জাপানে আত্মসমর্পণ কৰিছিল আৰু অন্ত পৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ৷ ৭৫ বছৰ ধৰি জাপানৰ লগতে বিশ্বৰ শান্তিকামী জনসাধাৰণে হিৰোছিমা–নাগাছাকিৰ বিভীষিকাক স্মৰণ কৰি এক যুদ্ধমুক্ত পৃথিৱীৰ পোষকতা কৰি আহিছে৷ অৱশ্যে এইবাৰ ক’ভিড–১৯ মহামাৰীৰ বাবে হিৰোছিমা দিৱসত পূর্বৰ দৰে জাপানবাসীয়ে শান্তি সমাৱেশ অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু হিৰোছিমাৰ গণবিধ্বংসী বোমাৰ আঘাতৰ পৰা ৰক্ষা পৰা লোকসকল আৰু প্রাণ হেৰুওৱা অসংখ্যজনৰ নিকট আত্মীয়ক বৃহস্পতিবাৰে দেশখনৰ প্রধানমন্ত্রী শ্বিনজো আবে আৰু হিৰোছিমাৰ মেয়ৰে লগ কৰে শান্তি উদ্যানত৷ এই শান্তি উদ্যান বা পীচ পার্কত উপস্থিত থাকি প্রধানমন্ত্রী আবে আৰু হিৰোছিমাৰ মেয়ৰ কাজুমি মাট্ছুয়ে বিভীষিকাৰ স্মৃতি ৰোমন্থন কৰি কয় যে হিৰোছিমাত কেতিয়াও পুনৰ জীৱন সম্ভৱ নহ’ব বুলি প্রচাৰ চলিছিল৷ কিন্তু যুদ্ধৰ বিষক্রিয়াত বিধ্বস্ত হোৱা চহৰখনে পুনৰ প্রাণ পাই উঠিছে৷ যুদ্ধমুক্ত এখন পৃথিৱীৰ বাবে হিংস্রতাত ক্ষত–বিক্ষত হিৰোছিমাই সদায় শান্তিৰ বার্তা প্রেৰণ কৰি অহা বুলিও আবে আৰু মেয়ৰগৰাকীয়ে উল্লেখ কৰে৷