নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ৰাজস্থানৰ কংগ্রেছ চৰকাৰৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ অন্ত পৰাৰ সম্ভাৱনাই দেখা দিছে৷ কালি দলটোৰ বিদ্রোহী নেতা তথা প্রাক্তন উপ–মুখ্যমন্ত্রী শচীন পাইলটে ৰাহুল আৰু প্রিয়ংকা গান্ধী ভদ্রাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত আজি ৰাজস্থানত উপস্থিত হৈছে নেতাগৰাকী৷ ৰাজধানী জয়পুৰত উপস্থিত হৈ শচীন পাইলটে উল্লেখ কৰিছে যে চৰকাৰত তেওঁ কোনো ধৰণৰ পদবী নিবিচাৰে৷ পৰিয়ালৰ মুৰব্বীয়ে সমস্যাৰ সমাধান কৰিব বুলি উল্লেখ কৰি অশোক গেহলটে এইক্ষেত্রত সিদ্ধান্ত লোৱাৰ ইংগিত দিছে পাইলটে৷
এইক্ষেত্রত প্রিয়ংকা গান্ধীৰ বক্তব্যৰ উদ্ধৃতি দি পাইলটে উল্লেখ কৰিছে যে একেটা পৰিয়ালৰ মাজত কোনো ধৰণৰ মতবিৰোধ থকা উচিত নহয়৷ উল্লেখনীয় যে জয়পুৰত ১৮ বিদ্রোহী বিধায়কক লৈ পাইলট উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্রী গেহলটে জয়ছালমেৰত আন বিধায়কসকলৰ সৈতে আলোচনা চলাই আছে৷ ৬০০ কিলোমিটাৰ দূৰৈৰ জয়ছালমেৰত দলীয় বিধায়কসকলক লগত লৈ বাহৰ পাতি থকা গেহলটে অৱশ্যে তাৎক্ষণিকভাৱে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিন্তু শচীন পাইলটে কংগ্রেছ শিবিৰ ত্যাগ নকৰাটো প্রায় নিশ্চিত হৈ পৰিছে৷