আইবিপিএছত ১,৪১৭ পদ খালী; ২৬ আগষ্ট আবেদনৰ অন্তিম তাৰিখ
ইনষ্টিটিউট অৱ বেংকিং পার্ছনেল ছিলেকচনত খালী হৈছে ১,৪১৭ পদ৷ উক্ত খালী পদসমূহ প্রবেচনাৰী অফিচাৰ আৰু মেজেনমেণ্ট ট্রেইনীৰ পদ৷ আই বি পি এছৰ সঞ্চালকে প্রকাশ কৰা বিজ্ঞানৰ তথ্য অনুসৰি, ১,৪১৭ পদ পূৰণ হ’বলগীয়া বেংকসমূহ হৈছে– বেংক অৱ ইণ্ডিয়া ৭৩৪, বেংক অৱ মহাৰাষ্ট্র ২৫০, পঞ্জাব এণ্ড সিন্ধ বেংক ৮৩, ইউকো বেংক ৩৫০৷ আবেদনকাৰী প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১ আগষ্ট, ২০২০লৈ ২০–৩০ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ মুঠ খালী পদ ১,৪১৭টাৰ ভিতৰত এছ চিৰ ১৯৬টা, এছ টিৰ ৮৯, অ’বিচিৰ ৩০০টা, অসংৰক্ষিত ৬৯০ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ১৪২টা পদ সংৰক্ষিত থাকিব৷
ইয়াৰ উপৰি দিব্যাংগ শ্রেণীৰ প্রার্থীৰ বাবে ৮৩টা পদ বিশেষভাৱে সংৰক্ষিত থাকিব৷ আবেদন মাচুল হিচাপে অনলাইন মাধ্যমেৰে আই বি পি এছৰ হকে এছ চি , এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১৭৫ টকা পৰিশোধ কৰিব লাগিব৷ আনহাতে, অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৮৫০ টকা পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স শ্রেণীকে ধৰি অনলাইনযোগে আবেদন কৰিবলৈ আই বি পি এছৰ ৱেবছাইটwww.ibps.in, http://cgrs.ibps.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল, নাম পঞ্জীয়ন আৰু মাচুল পৰিশোধ প্রক্রিয়া ৫ আগষ্ট, ২০২০ৰ পৰা আৰম্ভ হৈছে৷
অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ আগষ্ট, ২০২০৷