নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০৭ চনৰ টি-২০ বিশ্বকাপত অন্তিমটো অভাৰত যোগিন্দৰ শৰ্মাক বলিঙৰ দায়িত্ব দি কি কৈছিল ধোনীয়ে…

নিয়মীয়া বাৰ্তা ১৬ আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেটৰ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। বিশ্ব ক্ৰিকেট জগতত ধোনীয়েই একমাত্ৰ অধিনায়ক, যিয়ে আইচিচিৰ তিনিটা বৃহৎ টুৰ্নামেণ্টৰ ট্ৰফী নিজৰ নামত দখল কৰিছে। অধিনায়ক হিচাপে ধোনীয়ে প্ৰথমটো ট্ৰফী ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি হাতত তুলি লৈছিল।

এই ফাইনেলখনত ধোনীয়ে লৈছিল এটা ঐতিহাসিক তথা বিৰল সিদ্ধান্ত। খেলখনৰ শেষলৈ ধোনীৰ ওপৰত বহুত চাপ আছিল, কাৰণ পাকিস্তানী বেটছমেন মিচবাউল হকে প্ৰতিজন বলাৰৰ বল নিৰ্দয়ভাৱে প্ৰহাৰ কৰিব ধৰিছিল। শেষ অভাৰটোলৈ ক্ৰিজত থকা মিছবাউল হক হৈ আছিল দুৰ্ধৰ্ষ। শেষ অভাৰটোৰ দায়িত্ব কোন বলাৰক দিয়া হ’ব তাক লৈ সকলোৰে মুখত দেখা দিছিল বৃহৎ প্ৰশ্ন। এনে সময়তে ধোনীয়ে সকলোকে হতভম্ব কৰি অন্তিম অভাৰটোৰ দায়িত্ব দিছিল যোগিন্দৰ শৰ্মাক।

 সেই সময়ৰখিনিৰ কথা স্মৰণ কৰি যোগিন্দৰ শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কয়- ধোনীক মই ঘৰুৱা ক্ৰিকেট খেলি থকাৰ সময়ৰ পৰা চিনি পাওঁ। গতিকে তেওঁ মোৰ বলিঙৰ কথা জানিছিল। সেইবাবে অন্তিম অভাৰটো মোক দিবলৈ সংকোচ কৰা নাছিল। পাকিস্তানক অন্তিম অভাৰত ১৩ ৰানৰ প্ৰয়োজন আছিল। ধোনীয়ে মোৰ হাতত বল তুলি দি কৈছিল ৰানৰ বিষয়ে ভাবি লাভ নাই। বলিঙৰ কথা ভাবা। যদি কোনো বল বেছিকৈ হিট কৰে, সেইটো ভাবি থকাৰ  প্ৰয়োজন নাই, পৰৱৰ্তী বলটোৰ কথা চিন্তা কৰা। যিয়েই পৰিণাম নহওক, মোৰ সৰ্মথন তোমাৰ লগত আছে।

ধোনীৰ বিশ্বাস আৰু আস্থাই যোগিন্দৰ সিঙক আত্মবিশ্বাসী কৰি তুলিছিল। তেওঁ ধোনীক নিৰাশ নকৰি অন্তিম অভাৰত মিছবাউল হকক আউট কৰিছিল আৰু টি-২০ বিশ্বকাপৰ ট্ৰফী ভাৰতৰ হাতত তুলি দিছিল।

ধোনীৰ হাতত অন্তিম অভাৰৰ বাবে ইউচুফ পাঠান অথবা হৰভজন সিঙৰ দৰে বিকল্প বলাৰ আছিল। কিন্তু ধোনীয়ে যোগিন্দৰকে অন্তিম অভাৰটো তুলি দিছিল। ইয়ে প্ৰমাণ কৰে কেনে  দূৰদৰ্শী চিন্তাৰ অধিকাৰী আছিল ধোনী।

You might also like