APSC কেলেংকাৰিৰ নতুন মোৰঃ দুটাকৈ বেংক একাউণ্ট সন্দর্ভত নৱকান্ত পাটিৰক জেৰা
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তই হঠাৎ নতুন মোৰ লৈছে৷ সম্প্রতি কাৰাবন্দী হৈ থকা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ অত্যন্ত ঘনিষ্ঠ দালাল নৱকান্ত পাটিৰক আজি তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে প্রায় ৩ ঘণ্টা সময় ধৰি জেৰা কৰে৷ কেলেংকাৰিটোৰ অন্যতম অভিযুক্ত নৱকান্ত পাটিৰৰ বেংক একাউণ্টৰ জৰিয়তে হোৱা বিয়াগোম লেনদেন সন্দর্ভতে সোধা–পোছা কৰা হয় বুলি তদন্তকাৰী বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে ডিব্রুগড়ৰ নগৰ পৰিকল্পনা বিভাগৰ সহকাৰী অভিযন্তা নৱকান্ত পাটিৰে দন্ত চিকিৎসক ডাঃ অংশুমিতা গগৈক এ পি এছ চিত নিযুক্তিৰ নামত ২০ লাখ টকাৰ উৎকোচ বিচাৰিছিল৷ কিন্তু চিকিৎসগৰাকীয়ে উৎকোচ দিবলৈ অস্বীকাৰ কৰি ডিব্রুগড় আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷
উক্ত গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হয় সেই সময়ৰ ডিব্রুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰক৷ পানেছাৰে ২০১৬ চনৰ অক্টোবৰ মাহৰ শেষৰ ফালে নৱকান্ত পাটিৰক গ্রেপ্তাৰৰ পাছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে৷ পাটিৰৰ লগত ৰাকেশ পালৰ সঘন টেলিফোনিক বার্তালাপৰ তথ্য লাভ কৰাৰ পাছতে ২০১৬ চনৰ ৪ নৱেম্বৰত আৰক্ষীৰ জালত পৰে এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পাল৷ পৰৱর্তী সময়ত জালিয়াতিৰে এ পি এছ চিৰ চাকৰি লাভ কৰা দুর্নীতিগ্রস্ত বিষয়াসকল এজন এজনকৈ গ্রেপ্তাৰ হৈ যায়৷ একে সময়তে ৰাকেশ পালৰ আয়ৰ লগত সামঞ্জস্যহীন সম্পত্তি সন্দর্ভত চি বি আই আৰু ই ডিয়ে আৰম্ভ কৰে পৃথক তদন্ত৷ ইফালে, লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত প্রক্রিয়া নিৰীক্ষণৰ বাবে তদানীন্তন চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান ড০ এল আৰ বিষ্ণয়ৰ নেতৃত্বত আন এখন বিশেষ কমিটীও গঠন কৰা হৈছিল৷ এই কমিটীৰ নিৰীক্ষণত স্পষ্ট হৈ পৰিছিল যে কেৱল ৰাকেশ পালেই নহয়, আন আন অভিযুক্তসকলৰ জৰিয়তেও বহু অবৈধ লেনদেন চলিছিল৷
ইয়াৰ ভিতৰত অন্যতম আছিল নৱকান্ত পাটিৰ৷ ডিব্রুগড় ষ্টেট বেংকত আছিল নৱকান্ত পাটিৰৰ দুটা একাউণ্ট৷ এটা একাউণ্টত দৰমহাৰ টকা জমা হৈছিল আৰু আনটো একাউণ্টৰ জৰিয়তে ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত কেইবাকোটি টকাৰ লেনদেন চলিছিল৷ এই লেনদেন সন্দর্ভত সোধা–পোছা কৰিবৰ বাবেই নৱকান্ত পাটিৰক আজি গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ তলব কৰা হয়৷ তাতেই তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে প্রায় ৩ ঘণ্টা সময় নৱকান্ত পাটিৰক জেৰা কৰে৷ আজিৰ জেৰাৰ পাছত কংগ্রেছ আমোলৰ সর্ববৃহৎ কেলেংকাৰিত জড়িত আৰু বহু নতুন মুখ জনচক্ষুৰ সন্মুখলৈ অহাৰ সম্ভাৱনা আছে৷