নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰিয়াৰ জীৱনত এইকেইটা কাৰণত তীব্র সমালোচনাৰ মুখামুখি হৈছিল মহেন্দ্ৰ সিং ধোনী

  • চন ২০১২। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ত্রিদেশীয় শৃংখলাত মুখামুখি ভাৰত-অষ্ট্ৰেলিয়া। ৰানৰ বাবে দৌৰাৰ সময়তে মাইকেল হাচিক ষ্টাম্প আউট কৰিছিল ধোনীয়ে। থার্ড আম্পায়াৰে আউট দিয়াৰ পাছতো ফিল্ড আম্পায়াৰৰ দায়িত্বত থকা বিলি বাউডেনে হাচিক পুনৰ খেল পথাৰলৈ মাতিছিল। যি একেবাৰেই পছন্দ কৰা নাছিল ধোনীয়ে। ফিল্ড আম্পায়াৰৰ সৈতে তৰ্কাতৰ্কিও হৈছিল ধোনীৰ ।

  • ধোনীৰ কেৰিয়াৰৰ সম্ভৱতঃ সকলোতকৈ আলোচ্য সিদ্ধান্ত, যাৰ বাবে তীব্ৰ বিতর্কও হৈছিল। ২০০৭ চনৰ বিশ্বকাপত ভাৰতৰ অতি দুৰ্বল প্ৰদৰ্শনৰ পাছত সৌৰভ গাংগুলী-ৰাহুল দ্রাবিড়ক দলৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিলে ধোনীয়ে । তাত যুক্তি আছিল এদিনীয়া দলত গৌতম গম্ভীৰ-সুৰেশ ৰাইনাৰ দৰে তৰুণসকলক স্থান দিয়া। সেই সাহসী সিদ্ধান্তৰ বাবে পাছত তেওঁক সকলোৱে প্রশংসা কৰিলেও সেই সময়ত অভিজ্ঞ তাৰকা ক্ৰিকেটাৰক দলৰ পৰা বাদ দিয়াৰ বাবে সমালোচিত হৈছিল ধোনী।

  • ২০১৯ বিশ্বকাপত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলত ধোনীৰ গ্ল’ভছত দেখা গৈছিল ভাৰতীয় সেনাৰ বিশেষ বেজ। আইচিচিয়ে সাধাৰণতে এনেধৰণৰ কোনো ল’গো ব্যৱহাৰৰ অনুমতি নিদিয়ে । ফলত ইয়াক লৈ তীব্ৰ সমালোচনা হয়।

  • ২০১৫ চনত বাংলাদেশৰ শ্বেৰ-ই-বাংলা ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া মেচত এক ৰানৰ বাবে দৌৰোতে বাংলাদেশী বেগীবলাৰ মুছতাফিজুৰ ৰহমানক খুন্দা মাৰিছিল ধোনীয়ে। পাছত ইয়াৰ উত্তৰত ধোনীয়ে কৈছিল- বলাৰগৰাকীৰে যাতে খুন্দা নালাগে, তাৰহে চেষ্টা কৰিছিল। কিন্তু এই ঘটনাৰ বাবে ৭৫ শতাংশ মেচ ফি কটা গৈছিল ধোনীৰ। অৱশ্যে ৫০ শতাংশ মেচ ফি বলাৰ ৰহমানৰো কটা হৈছিল।

You might also like