সমাজ কল্যাণ বিভাগত চাকৰি; আবেদনৰ অন্তিম তাৰিখ ২৭ আগষ্ট
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত খালী হৈছে ২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, এম আই এছ অফিচাৰ আৰু ই চি চি ই কো–র্ডিনেটৰৰ পদত একোজনকৈ প্রার্থী নিয়োগ কৰা হ’ব৷ এম আই এছ অফিচাৰ পদৰ প্রার্থী চাইল্ড ডেভেলপমেণ্ট, ছ’চি’লজী, ছ’চিয়েল এনথ্রপ’লজী, ছ’চিয়েল ছায়েঞ্চ, নিউট্রিয়েচন, পাব্লিক হেল্থ, ৰুৰেল ডেভেলপমেণ্ট বিষয়ত পোষ্ট গ্রেজুৱেট হোৱাৰ উৰি সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া অভিজ্ঞতা থকাটো জৰুৰী৷
আনহাতে, ই চি চি ই কো–র্ডিনেটৰ পদৰ প্রার্থী চাইল্ড ডেভেলপমেণ্ট, ছ’চি’লজী, ফিল’ছফী এণ্ড ছাইক’লজী বিষয়ত পোষ্ট গ্রেজুৱেট হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্মভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ৪৪ বছৰ৷ দৰমহাৰ নিৰিখ ৫৫,০০০ টকা৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসমূহ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা–Office of the Directorate of Social Welfare, Assam, State Bal Bhawan, Uzanbazar, Guwahati-1৷ আগ্রহীসকলে বিজ্ঞান বিষয়ক বিশদ বিৱৰণৰ বাবে বিভাগীয় ৱেবছাইটhttps://socialwelfare.assam.gov.in, https://womenandchildren.assam.gov.in৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট, ২০২০৷