প্রথমবাৰলৈ চেম্পিয়নছ লীগৰ ফাইনেলত পি এছ জি
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ নেইমাৰ, এঞ্জেল ডি মাৰিয়া, কিলিয়ান এমবাপে আদিৰ দৰে তাৰকাৰে সমৃদ্ধ পেৰিছ ছেইণ্ট জার্মেইনে প্রথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেলত প্রৱেশ কৰিছে৷ মঙলবাৰে নিশা লিছবনত অনুষ্ঠিত প্রতিযোগিতাৰ ছেমিফাইনেলত পি এছ জিয়ে লিপজিগক ৩–০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়৷
দলটোৰ এই ঐতিহাসিক জয়ৰ মূলতেই আছিল এঞ্জেল ডি মাৰিয়া, মার্কুইনহ’ছ, জুৱান বার্নেট আৰু নেইমাৰৰ চমকপ্রদ প্রদর্শন৷ নৱাগত দল লিপজিগৰ ৰক্ষণ বিভাগৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি মেচৰ ১৩ মিনিটতে পি এছ জিয়ে প্রথমটো অগ্রগতি অর্জন কৰে৷
মার্কুইনহ’ছে ১৩ মিনিটত গ’লটো কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত ৪২ মিনিটত এঞ্জেল ডি মাৰিয়াই পি এছ জিৰ দ্বিতীয়টো সফলতা কঢ়িয়াই আনে৷ ৫৬ মিনিটত জুৱান বার্নেটে দলটোৰ হৈ তৃতীয়টো গ’ল কৰি পি এছ জিৰ বিজয় সুনিশ্চিত কৰে৷ উল্লেখ্য যে বিগত তিনি বছৰ ধৰি পি এছ জিয়ে চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিছিল৷