‘বিগ ব্রাদাৰ’ কংগ্রেছৰে ইউডিএফৰ মিত্রতা চূড়ান্ত; তৰুণ গগৈৰ বাসভৱনত দুই দলৰ নেতৃত্বই মাৰিলে ছীল–মোহৰ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: বহুচর্চিত কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাই আনুষ্ঠানিকভাৱে চূড়ান্ত ৰূপ পালে৷ কালি নিশা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত কংগ্রেছ আৰু এআইইউডিএফ নেতৃত্বৰ মাজত হোৱা এখন বৈঠকত দুয়োটা দলে মিত্রতাপাশত আবদ্ধ হোৱাৰ প্রস্তাৱত ছীল–মোহৰ মাৰি চূড়ান্ত ৰূপ প্রদান কৰে৷ আনকি কালিৰ এই বৈঠকতে এআইইউডিএফে কংগ্রেছক বিগ ব্রাডাৰ হিচাপে গ্রহণ কৰিছে বুলিও প্রকাশ কৰে৷
উল্লেখ্য যে যোৱা ১৮ আগষ্টত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এআইইউডিএফৰ সৈতে মিত্রতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰি আজমলৰ দলক মিত্রতাৰ প্রস্তাৱ আগবঢ়ায়৷ কংগ্রেছৰ ক’ৰ কমিটীৰ সেই প্রস্তাৱৰ প্রতি এআইইউডিএফেও ইতিবাচক সঁহাৰি জনায়৷ সেই অনুসৰি কালি নিশা প্রাক্তন মুখ্যমন্ত্রী গগৈৰ বাসভৱনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলাম, এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকতে বহু চর্চিত মিত্রতাক আনুষ্ঠানিক ৰূপ প্রদান কৰে৷ বৈঠকৰ অন্তত এআইইউডিএফৰ নেতা আমিনুল ইছলামে কয় যে তেওঁলোকৰ মিত্রতাৰ কালি চূড়ান্ত ৰূপ দিয়া হৈছে৷ কংগ্রেছে মিত্রতাৰ ক্ষেত্রত তেওঁলোকক দিয়া প্রস্তাৱক আদৰণি জনাই আজি কংগ্রেছ নেতৃত্বৰে আলোচনাত মিলিত হয়৷ এই মিত্রতাত কংগ্রেছ বিগ ব্রাদাৰ হিচাপে থাকিব৷ বিজেপিয়ে বিভিন্ন সময়ত অসম এদিন মৌলবাদীৰ হাতলৈ যাব, বাংলাদেশীয়ে শাসন কৰিব বুলি যি কথা কৈ আহিছে তাৰ পৰিপ্রেক্ষিততে সাংবিধানিকভাৱে মুখ্যমন্ত্রী হোৱাত বাধা নাই যদিও আজমলে মুখ্যমন্ত্রী নহওঁ বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ আজমল মুখ্যমন্ত্রী পদৰ প্রতি মুঠেই লালায়িত, আগ্রহী নহয়৷ সামাজিক ন্যায় প্রতিষ্ঠা আৰু উন্নয়নহে তেওঁলোকৰ মূল লক্ষ্য৷ সাম্প্রদায়িক বিজেপিক প্রতিহত কৰাৰ লগতে ৰাজ্যখনত সামাজিক ন্যায় প্রতিষ্ঠাৰ স্বার্থতে তেওঁলোকে এই মিত্রতাপাশত আবদ্ধ হৈছে৷
ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে গ্রহণ কৰা সিদ্ধান্তৰ প্রতি সঁহাৰি জনাই এআইইউডিএফ নেতৃত্বই কালি তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে৷ অৱশ্যে এয়া প্রাৰম্ভিক আলোচনাহে৷ মিত্রতা চূড়ান্ত হ’বলৈ এতিয়াও বহু বাকী আছে৷ মিত্রতা চূড়ান্ত হোৱাৰ পূর্বে মিত্রতাপাশত আবদ্ধ হ’ব বিচৰা প্রতিটো দলৰে কমন মিনিমাম প্র’গ্রেম আৰু মডেলিটী থাকিব আৰু তাৰ ভিত্তিতে চুক্তি হ’ব৷ বৰাই লগতে এআইইউডিএফৰ উপৰি অন্যান্য বিজেপিবিৰোধী শক্তিৰ সৈতেও মিত্রতাপাশত আবদ্ধ হৈ মহাজোঁট গঠন কৰিবলৈ কংগ্রেছে বিচাৰিছে বুলি জানিবলৈ দিয়ে৷ ইপিনে, কংগ্রেছ–এআইইউডিএফৰ্ মাজত মিত্রতা চূড়ান্ত হোৱাৰ পিছতেই কংগ্রেছৰ অভ্যন্তৰত সৃষ্টি হৈছে তীব্র ক্ষোভ–সন্তুষ্টি৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কেৱল এআইইউডিএফৰ সৈতে মিত্রতা কৰাত তেওঁৰো আপত্তি আছে৷ এআইচিচিৰ সম্পাদক ৰাণা গোস্বামীয়ে আজি দিনৰ ভাগত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক সাক্ষাৎ কৰি যিদৰে অকল এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰিছে তেওঁৰো সেইক্ষেত্রত একেই স্থিতি৷ তেওঁ আৰু কয় যে তৰুণ গগৈৰ বাসভৱনত আয়োজিত বৈঠকখনত গগৈ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, তেওঁ আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–সভাপতি ৰকিবুল হুছেইনহে উপস্থিত থকাৰ কথা আছিল৷ এআইইউডিএফৰ নেতৃত্ব কেনেদৰে সেই বৈঠকত উপস্থিত হ’ল, সেই বিষয়ে তেওঁ অজ্ঞ৷ সেইদৰে ছিনিয়ৰ মাইন’ৰিটী কংগ্রেছ লীডার্ছ টীমৰ যুটীয়া আহ্বায়ক প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা চূড়ান্ত হোৱা বুলি তেওঁলোকে নাভাবে৷ তেওঁলোক এতিয়াও আত্মবিশ্বাসী এআইইউডিএফৰ সৈতে কংগ্রেছৰ মিত্রতা নহয়৷
মন কৰিবলগীয়া এয়ে যে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এআইইউডিএফৰে মিত্রতাৰ সিদ্ধান্ত গ্রহণৰ পিছতেই ৰাজ্যৰ কংগ্রেছ দলত উলম্ব বিভাজন ঘটিছে৷ দলটোৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়কৰ লগতে উজনি অসমৰ কংগ্রেছ নেতৃত্বই প্রকাশ্যে সেই মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ উজনি অসমৰ জ্যেষ্ঠ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীৰ মুকলি বিৰোধিতাৰ পিছত এআইচিচিৰ সম্পাদক তথা প্রাক্তন বিধায়ক ৰাণা গোস্বামীয়ে কালি দিনৰ ভাগত দলৰ জ্যেষ্ঠ নেত্রী বিধায়িকা অজন্তা নেওগৰ সৈতে প্রাক্তন মুখ্যমন্ত্রী গগৈক সাক্ষাৎ কৰে৷ সেই সাক্ষাৎকালত গোস্বামীয়ে অকল এআইইউডিএফৰে পোনপটীয়া মিত্রতা কোনোপধ্যে নামানো বুলি গগৈক স্পষ্ট কৰি দি অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক দলটোৰ লগতে আছুৰ নেতৃত্বত গঠন হ’বলগীয়া দল আদিৰ সৈতেও মহাজোঁট গঠনৰহে পৰামর্শ আগবঢ়ায়৷ মহাজোঁট গঠন বেলেগ কথা৷ কিন্তু অকল এআইইউডিএফৰে মিত্রতা হ’ব নোৱাৰিব৷ মহাজোঁট গঠন নহ’লে অকল এআইইউডিএফৰে মিত্রতা কৰিলে দলে সুফল লাভ নকৰে৷ উজনি অসমত দল সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হ’ব৷ তাৰ পৰিৱর্তে কংগ্রেছে অকলে যুঁজিলেই সুফল লাভ কৰিবলৈ সক্ষম হ’ব৷
আনহাতে কালিৰ দিনৰ ভাগত গগৈয়ে এআইইউডিএফৰে মিত্রতা সম্পর্কত বিধায়ক ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, আব্দুল হাইনাগৰী, এ কে ৰছিদ আলম, ডাঃ মতিউৰ ৰহমান মণ্ডল, জাকিৰ হুছেইন শিকদাৰ আদিৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকত বিধায়ক আলম আৰু হুদাই এআইইউডিএফৰে মিত্রতাৰ পূর্ণ পোষকতা কৰে৷ তেওঁলোকৰ মতে, এআইইউডিএফ আৰু কংগ্রেছ ঐক্যবদ্ধ নহ’লে কংগ্রেছ ক্ষমতালৈ আহিব নোৱাৰে৷ দুয়োটা দলৰ তৃণমূল কর্মীয়ে মিত্রতা বিচাৰিছে৷ ইপিনে, প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰি সংবাদ মাধ্যমৰ আগত কয় যে ২০০৬ চনত যেতিয়া তেওঁ হু ইজ বদৰুদ্দিন বুলি কৈছিল, সেইবাৰ উজনি অসমত কংগ্রেছ ক্ষতিগ্রস্ত হৈছিল৷ গোলাঘাট জিলাত অজন্তা নেওগৰ বাহিৰে সকলো কংগ্রেছ প্রার্থী হাৰিছিল৷ শিৱসাগৰ জিলাৰ নাজিৰাত হেমপ্রভা শইকীয়া, আমগুৰিত অঞ্জন দত্ত পৰাজিত হৈছিল৷ ডিব্রুগড়তো দুলীয়াজানকে ধৰি দুটা সমষ্টিত কংগ্রেছ হাৰিছিল৷ সেয়ে তেওঁ নাভাবে এআইইউডিএফৰে মিত্রতা কৰিলে উজনিত কংগ্রেছ ক্ষতিগ্রস্ত হ’ব৷ ক্ষমতাৰ মোহ এৰিব নোখোজা গগৈয়ে আৰু কয় যে ২০২১ত তেওঁ নির্বাচন খেলিব৷ কিন্তু মুখ্যমন্ত্রী নহয়৷ উপদেষ্টা হিচাপেহে তেওঁ থাকিব৷ একে সময়তে পুত্র গৌৰৱ গগৈৰ প্রসংগত তেওঁ কয় যে গৌৰৱ গগৈ এতিয়া সাংসদ হৈ আছে৷ ১০ বছৰ পিছত গৌৰৱ গগৈ অহাটো বেলেগ কথা৷ কিন্তু এতিয়া নাহে৷ গগৈয়ে লগতে বিজেপিয়ে এইবাৰ বিধানসভা নির্বাচনত ১০০খন আসন পালে তেওঁ ৰাজনীতিয়েই এৰি দিব বুলি ঘোষণা কৰি হিমন্ত বিশ্ব শর্মাকো সেই প্রত্যাহ্বান গ্রহণ কৰিবলৈ আহ্বান জনায়৷