শিক্ষা সংসদৰ সিদ্ধান্ত উচ্চতৰ মাধ্যমিকত হ্রাস কৰা হ’ব ৩% পাঠ্যক্রম
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে এইবাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ব্যাপক প্রভাৱ পৰিছে৷ প্রাথমিক পর্যায়ৰ পৰা স্নাতকোত্তৰ পর্যায়লৈ সকলোতে ইয়াৰ ব্যাপক প্রভাৱ পৰিছে৷ ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক আগুৱাই নিবলৈ বিশেষ পৰিকল্পনা হাতত লৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ শিক্ষার্থীক সকাহ দিয়াৰ উদ্দেশ্যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্রম হ্রাস কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা সংসদে৷ শেহতীয়াকৈ একাডেমিক কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত লৈছে শিক্ষা সংসদে৷
৩০ শতাংশ পাঠ্যক্রম হ্রাসেৰে শিক্ষার্থীক সকাহ দিয়াৰ পদক্ষেপ হাতত লৈছে শিক্ষা সংসদ কর্তৃপক্ষই৷ ইতিমধ্যে শিক্ষা সংসদে পাঠ্যক্রম হ্রাসৰ এই সিদ্ধান্ত শিক্ষা বিভাগটোৰ যাৱতীয় অনুমোদনৰ বাবে প্রেৰণ কৰিছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে বিগত ৫ মাহ ধৰি ৰাজ্যত স্থবিৰ হৈছে শিক্ষা ব্যৱস্থা৷ ইতিমধ্যে চি বি এছ ইয়ে পাঠ্যক্রম হ্রাসৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ শিক্ষার্থীৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি আন আন ব’ৰ্ডৰ দৰে শিক্ষা সংসদেও ৩০ শতাংশ পাঠ্যক্রম হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইফালে, ক’ভিডৰ সময়ছোৱাৰ পৰা অনলাইন শিক্ষাৰ জৰিয়তে ১০০ শতাংশৰ ভিতৰত কেৱল ৬০ৰ পৰা ৭০ শতাংশ ছাত্র–ছাত্রীক স্পর্শ কৰিব পাৰিছে বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে৷ যাৰ বাবে শিক্ষার্থীসকলৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰাৰ কথা প্রকাশ কৰিছে শিক্ষা সংসদৰ সচিবগৰাকীয়ে৷
আনহাতে, ছেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ্ শ্রেণী আৰম্ভ নহ’লেও ৱেবছাইটযোগে কর্তন হোৱা পাঠ্যক্রম প্রকাশ কৰিব বুলি সদৰী কৰিছে শিক্ষা সংসদ কর্তৃপক্ষই৷ ইয়াৰ মাজতে ছেপ্টেম্বৰ মাহৰ প্রথম ভাগত শিক্ষার্থীসকলক নতুন পাঠ্যক্রম দিয়া হ’ব বুলি সদৰী কৰিছে শিক্ষা সংসদে৷ ইয়াৰ আধাৰত আগন্তুক বর্ষত একাদশ আৰু দ্বাদশ শ্রেণীৰ শিক্ষার্থীসকলে পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব বুলিও স্পষ্ট কৰিছে শিক্ষা সংসদে৷
অৱশ্যে এইক্ষেত্রত পৰৱর্তী সময়ত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি ইংগিত দিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ আনহাতে, ক’ৰোনা মহামাৰী আৰু সমাগত বিধানসভা নির্বাচনৰ বাবে আগন্তুক বর্ষত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বিলম্ব হ’ব পাৰে৷ প্রায় ৫ মাহ ধৰি বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ হৈ থকাত শিক্ষা সংসদৰ এনে সিদ্ধান্তই ছাত্র–ছাত্রীসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰিব পাৰি৷