নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্রাসী সমাজ ব্যৱস্থাৰ প্রতীক আজমলৰ চৰণত পৰিছে কংগ্রেছ

তৰুণ গগৈৰ তেজ সলনি হৈ থাকে বর্তমান আছে আজমলৰ তেজ ‘কাজিয়া মোৰ লগত, কিন্তু গগৈয়ে মিছাতেই সাঙুৰিছে ৰঞ্জন গগৈৰ নাম’

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক বাতাৱৰণ উত্তপ্ত হৈ থকাৰ সময়তে এআইইউডিএফক লৈ পুনৰ সৰৱ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মন্ত্রীগৰাকীয়ে আজি স্পষ্টকৈ কয়– বিজেপিৰ যুদ্ধ আজমলৰ বিৰুদ্ধে নহয়৷ আজমলে প্রতিনিধিত্ব কৰা আগ্রাসী সমাজ ব্যৱস্থাৰ বিৰুদ্ধেহে৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যক্তিগতভাৱে আমাৰ কোনো শত্রুতা নাই৷ এনে আজমল নিতৌ জন্ম হৈ আছে৷ কিন্তু এই আগ্রাসী সমাজ ব্যৱস্থাটোহে আমাৰ কাৰণে ক্ষতিকাৰক৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা প্রসংগত আজি এইদৰে মন্তব্য কৰি মন্ত্রী ড০ শর্মাই কয়– কংগ্রেছ আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে দিনে–নিশাই যিমানবাৰ আজমলৰ নাম লৈ আছে, তাৰ বিপৰীতে কিন্তু আজমল নীৰৱ৷ বদৰুদ্দিন আজমলে মিত্রতাক লৈ কোনো এটা বিবৃতি দিয়া নাই৷ আজমল এতিয়া ক’ত? তেওঁ ক’ত বহি আছে কোনেও নাজানে৷ সকলোৱে তেওঁক লৈ চুপতি কৰি আছে আৰু তেওঁ বহি মজা লৈ আছে৷ যি তৰুণ গগৈৰ শ্রাদ্ধ খাবলৈ সাজু হৈ থকা বুলি আজমলে কৈছিল, সেই আজমলৰ চৰণত পৰিছে গগৈ৷ এআইইউডিএফৰ সৈতে মিত্রতা গঢ়ি তৰুণ গগৈয়ে ৰাজনৈতিক জীৱনৰ মর্যাদা হেৰুৱালে৷ ৰাজনীতি শৰীৰৰ পৰাও কৰিব পাৰে, মনৰ পৰাও কৰিব পাৰে৷ কংগ্রেছক সাম্প্রদায়িক শক্তিৰ পৰা বচাই ৰখাব বুলি গগৈয়ে যি হুংকাৰ দি আছিল, সেয়া এই মিত্রতাই শেষ কৰি দিলে৷ এইদৰে সাম্প্রদায়িক শক্তিক কংগ্রেছৰ পৰা আঁতৰাই ৰাখিছিল৷ যাৰ বাবে মানুহে তেওঁক ভোট দিছিল৷ কিন্তু মানুহক এইদৰে প্রতাৰণা কৰিলে ৰাজনীতি কৰাৰ অর্থ কি থাকিল৷ আনহাতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বিজেপিৰ মুখ্যমন্ত্রী পদৰ প্রার্থী হ’ব বুলি কৰা মন্তব্য সন্দর্ভত আজি মন্ত্রী ড০ শর্মাই কয়– তৰুণ গগৈয়ে বিবাদ কৰি ভাল পায়৷ যিকোনো মানুহ এজনৰ নাম লৈ বিতর্ক কৰে৷ তেওঁৰ কথা বা শব্দ–ব্যৱহাৰে ৰাজনৈতিক মর্যাদা লাঘৱ কৰে৷ ৰঞ্জন গগৈ ৰাষ্ট্রপতিৰ দ্বাৰা মনোনীত ৰাজ্যসভাৰ সদস্য৷ তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য নহয়৷ তেওঁ বিজেপিৰো সদস্য নহয়৷ তেওঁক বিতর্কৰ মাজলৈ কিয় আনিছে৷ কাজিয়া লাগি আছে মোৰ লগত৷ ৰঞ্জন গগৈক টানি অনাৰ প্রয়োজন নাছিল৷ তেওঁ এই কামবোৰ কৰি ভাল পায় আৰু কৰি থাকে৷ ড০ শর্মাই পুনৰ কয়– তৰুণ গগৈয়ে যোৱাবাৰ নির্বাচনত কোচ ৰাজবংশী সম্প্রদায়ৰ মানুহক লগ পালে কৈছিল মোৰ গাত বীৰ চিলাৰায়ৰ তেজ আছে, আহোম সম্প্রদায়ৰ লোক পালে চুকাফাৰ তেজ থকা বুলি কয়, কেতিয়াবা কয় বীৰছা মুণ্ডাৰ তেজ থকা বুলি কয়৷ মানুহৰ শৰীৰত পিতৃ–মাতৃৰ তেজহে থাকে৷ গগৈৰ শৰীৰত কাৰ তেজ আছে পৰীক্ষা কৰিব লাগিব৷ মোৰ ধাৰণা হয় গগৈৰ শৰীৰত এতিয়া আজমলৰহে তেজ আছে৷

You might also like