প্রায় তিনি মাহমানৰ আগতে এখন অসমীয়া দৈনিক কাকতত প্রকাশ হোৱা ময়ূৰ বৰাৰ ৰচনা এখন সাম্প্রতিক ক’ৰোনা সম্পর্কীয় পৰিস্থিতিত যথেষ্ট পলমকৈ পঢ়াৰ সৌভাগ্য হ’ল প্রায় একে সময়তে সেই ৰচনাখনৰ ওপৰত ব্যক্তিগত প্রতিক্রিয়া প্রকাশ কৰি মৰমী বৰঠাকুৰে লিখা এখন চিঠিও (সম্পাদকলৈ) আমাৰ হাতত পৰিলহি৷ সেইখনো পঢ়াৰ পিছত মোৰ আনুষংগিক আন কিছুমান কথাও মনলৈ আহিল৷ সেইখিনিকে আমাৰ এই ৰচনাখনত আলোচনা কৰিবলৈ লোৱা হৈছে৷
মদ বা চিগাৰেট মানুহে কিয় খাবলৈ আৰম্ভ কৰে– এই কথাটো মাজে মাজে ভবাৰ দৰে এতিয়াও মনলৈ আহিছে৷ লগে লগে মনলৈ আহিছে এটি সৰু ঘটনাৰ কথা৷ এইখিনিতে এইদৰে কৈ থ’লে বোধকৰো বেছি ভুল নহ’ব যে মদ, চিগাৰেট বা অন্য নিষিদ্ধ ড্রাগ্ছ আদি খাবলৈ বা সেৱন কৰিবলৈ প্রথম আৰম্ভ কৰাৰ যি মানসিকতা, সেইক্ষেত্রত এই আটাইকেইবিধৰ ক্ষেত্রত যথেষ্ট মিল আছে৷ সি যি কি নহওক, সেই ঘটনাটোলৈ ঘূৰি আহিছোঁ৷ ১৯৭৩ চনৰে কথা৷ মেট্রিকৰ ডেওনা পাৰ কৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্রি–ইউনিভার্ছিটী শ্রেণীত নামভর্তি কৰি ছাত্রাবাসত থাকিবলৈ আৰম্ভ কৰিলোঁ৷ দুর্গাপূজাৰ বন্ধত তেজপুৰৰ ঘৰলৈ ঘূৰি আহিছোঁ এদিন বন্ধুকেইজনমানৰ লগত আবেলি পূজা চাই ঘূৰি ফুৰিছোঁ৷ হঠাতে এজনে মোৰ ফালে হুঁপি থকা চিগাৰেটটো আগবঢ়াই দিলে৷ মই বন্ধুক ক’লোঁ– ‘আৰে, তইতো জানই মই চিগাৰেট নাখাওঁ বুলি, কিয় দিছ?’
‘তেন্তে কটনলৈ গৈ তই কৰিছ কি?’ – সি ক’লে
গতিকে কথাবোৰ কেতিয়াবা এনেকুৱাও হ’ব পাৰে এইধৰণৰ ভাবেও কোনো কোনোৰ মনৰ পিছফালে ক্রিয়া কৰিব পাৰে৷
মৰমী বৰঠাকুৰে তেওঁৰ সেই চিঠিখনৰ শেষৰফালে এটি বাক্য লিখিছে– ‘আজিকালি মানসিক তৃপ্তি বা সুখৰ বাবেই সুৰা বা মদৰ আশ্রয় লয়৷’ কিন্তু কথাটো আচলতে ইমানো সৰলীকৃত কৰিব নোৱাৰি৷ ওপৰত কৈ অহা মোৰ কাহিনীটোৱেই এইটো বাক্যৰ ভিতৰত নপৰিব, অৱশ্যে যদিও সেইটো চিগাৰেটৰ কাহিনীহে আছিল৷ মই এইবাবেই সেই প্রসংগটো টানি আনিছোঁ, কাৰণ আবেলি পূজা চোৱাৰ পৰিৱর্তে মোৰ বন্ধুকেইজনৰ কোনোবা এজনৰ ঘৰত যদি ৰাতি ‘পার্টী’ এটা হ’লহেঁতেন, তেতিয়া হয়তো মোৰ সেই বন্ধুজনে মোলৈ চিগাৰেটৰ পৰিৱর্তে মদৰ গিলাচ এটা আগবঢ়াই দিয়াৰ পিছত মই এইবাৰ ক’ব লগা হ’লহেঁতেন যে ‘তইতো জানই মই মদ নাখাওঁ, তই মোক কিয় মদৰ গিলাচটো দিছ?’ আৰু সি ক’লেহেঁতেন– ‘মদ নেখাব? তেন্তে তই কটনলৈ গৈ কৰিছ কি?’ আকৌ মই তাক ক’ব লগা হ’লহেঁতেন যে কটনলৈ মই যোৱাৰ কাৰণ অন্য কিছুমানহে ইয়াত চিগাৰেট বা মদ জড়িত হৈ আছে ‘কলেজ লেভেল’ৰ ছাত্রৰ বাবে এটা ‘ষ্টেটাছ ছিম্বল’ হৈ অথবা কৈশোৰৰ পৰা মানসিকভাৱে কিছু আগতীয়াকৈয়ে ‘প্রাপ্তবয়স্ক’ হোৱাৰ অথবা অধিক আত্মবিশ্বাসপূর্ণ হোৱাৰ এক কিঞ্চিত অসুস্থ মানসিকতা৷ সি যি কি নহওক, আমি অন্য ক্ষেত্রতো দেখিছোঁ যে মানুহে যেনেকৈ সুখতো মদ খায়, তেনেকৈ দুখতো খায় ‘পার্টী’ত মদ খায়, পিকনিকত মদ খায়, ‘অফিচিয়েল পার্টী’তো অফিচিয়েল নীতি–নিয়মৰ দৰেই মদ খায় (সকলো নিশ্চয় নহয়), পুনর্মিলন উৎসৱত মদ খায়, সৰুৰে পৰাই অগ্রজক দেখি দেখি এইধৰণৰ বস্তুকেইপদৰ প্রতিInhibition বা দোষণীয় একো অনুভৱ নকৰাৰ বাবে কিছুমানে সহজেই এইবোৰ কিছুমান পৰিয়ালত আৰম্ভ কৰা দেখা যায়৷ আকৌ কোনো কোনোৱে মানসিক সুস্থিৰতা হেৰুৱাই কিছু সময়ৰ বাবে হ’লেও ঘৰুৱা বা পাৰিবাৰিক দুশ্চিন্তাৰ পৰা মুক্তি পাবলৈ মদ খায় দৈহিক আৰু সামাজিক অক্ষমতাজনিত পীড়াক অকণমান সময় পাহৰি থাকিবলৈকো কোনো কোনোৱে মদ খায় কেতিয়াবা আনকি গাৰ বিষকোপ হ’লেও মদ খায় ইত্যাদি৷ মদ খোৱাৰ এশ এটা কাৰণ বা অজুহাত আমাৰ সময়ৰ (ডেকা বয়সৰ) গান এটা আছিল (হিন্দী গীত)– ‘পীনেৱালোকো পীনে কা বাহানা চাহিয়ে…’ কথাও আচলতে সেইটোহে কর্মফেৰা এবাৰ আৰম্ভ হৈ যোৱাৰ পিছত মদাহীসকলক মাথোঁ এটি অজুহাতহে লাগে খৰচটো নিজৰ পকেটৰ পৰা দিব লগা নহ’লেতো আৰু ভাল কথা৷ প্রকৃততে মই যথাবিধি মদ খোৱা মানুহৰ কথা কোৱা নাই, ওলোটাই মদে খোৱা মানুহৰ কথাহে কৈছোঁ৷ এনে বহু লোকৰ ঘৰ কেৱল মদৰ বাবেই ধ্বংস হোৱা দেখিছোঁ৷ মদ নোখোৱাৰ সময়ত মদাহীয়ে সকলো কথাই ভালকৈ বুজে, নুুবুজে বটলটো দেখিলেহে৷ ভৱিষ্যতে আৰু মদ নাখাওঁ বুলি তেওঁলোকৰ অনেকেই ঘৈণীয়েক আৰু আনকি সন্তানৰো গা চুই আৰু কেতিয়াবা ভগৱানৰ নামতো শপত খায় পিছে আচলতে দুর্বল মনৰ সকলেহে শপতৰ আশ্রয় লয়, শপত খায়৷ শক্তিশালী মনৰ মানুহে শপত খাবলগীয়া নহয় বৰং তেওঁলোকে ভাবি–চিন্তি এটা সিদ্ধান্তহে লয় আৰু সেইমতে কার্য সম্পাদন কৰে৷ প্রকৃততে বেছিভাগ ক্ষেত্রতে শপত খোৱাসকলেও শপত খায় শপত ভংগ কৰিবলৈহে প্রথমবাৰ মদ খেৱাৰ দৰে প্রথমবাৰ শপত ভঙাটোও কিঞ্চিত টান কাম পিছে সেইটো ঢ়াপ পাৰ হৈ গ’লে পিছলৈ নির্বিবাদে চলি থাকে এইবোৰ৷ মদো খাব, শপতো খাব
সঁচা কথা যে ময়ূৰ বৰা বা মৰমী বৰঠাকুৰে কোৱাৰ দৰে পুৰুষে মদৰ লগত যিয়েই নকৰক লেঠা নাই, মহিলাই সুৰাপান কৰাটো জনাজনি হ’লেহে লেঠা৷ যিটো কার্যক আমাৰ সমাজত এতিয়াও গ্রহণযোগ্য কামৰ ভিতৰত ধৰা হোৱা নাই (অর্থাৎ মদে খোৱা মদাহীসকলৰ সুৰাপানৰ কথা কোৱা হৈছে), সেইটোৰ বিচাৰ কৰোঁতে পুৰুষ–মহিলাৰ প্রশ্ণটো অহাই উচিত নহয়৷ এইক্ষেত্রত মৰমী বৰঠাকুৰে আৰু এটা কথাৰ উল্লেখ কৰিছিল যে মদ খোৱা মহিলাৰ সমালোচনাৰ ক্ষেত্রত মহিলাসকলেহে আগভাগ লয়৷ মহিলাৰ বাবে এনে অপ্রিয় সত্য বিশেষকৈ সমগ্র ভাৰতৰ পটভূমিত বিবেচনা কৰিলে আৰু আছে৷ প্রকৃততেই ভাৰতত মহিলাৰ বহুখিনি প্রধান সমস্যা জীয়াই ৰখাত বেছিকৈ ভাগ লৈছে মহিলাসকলেই, যেনে– ছোৱালীৰ শিক্ষা আৰু উচ্চ শিক্ষা, ছোৱালীৰ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ ক্ষেত্রত বাধা (চাকৰি আৰু অন্য স্ব–নিয়োজন আদিৰ ক্ষেত্রত), যৌতুক, ভ্রূণ হত্যা (ইয়াত যৌতুক প্রথাই বিশেষ উৎসাহ যোগাইছে), সামাজিক ক্ষেত্রত আমাৰ এইবোৰ অঞ্চলতো ডাইনী হত্যা, যুৱতীসকলক নানান ধৰণে প্রলোভিত কৰি ধনৰ বিনিময়ত মধ্যভোগীৰ হাতত তুলি দিয়া, বদনাম ৰটা, বিধৱাৰ জীৱনত অযুক্তিকৰ বাধা–নিষেধবোৰ জীয়াই ৰখা আৰু বিধৱাৰ পুনৰ বিবাহত হেঙাৰৰ সৃষ্টি কৰা ইত্যাদি৷ দুর্ভাগ্যজনকভাৱে যিসকলৰ মাজত এইবোৰ হ’ব নালাগিছিল, সেই অশিক্ষিত, অর্ধশিক্ষিত আৰু অর্থনৈতিকভাৱে পিছপৰাসকলৰ মাজতেই এই সমস্যাবোৰ বেছিকৈ জীয়াই আছে৷ এইবোৰৰ বাবে মানৱ সম্পদৰ হানি হৈছে, মহিলাসকলৰ বহু গুৰুত্বপূর্ণ কাম পিছপৰি ৰৈছে আৰু প্রগতি বাধাগ্রস্ত হৈছে৷ এই অগ্রহণযোগ্য কামবোৰত মহিলাসকলেই নহয়, বহু পুৰুষেও হাত উজান দিয়ে৷ সেইবাবে এইবোৰ কার্যত কোনে ক’ত আগভাগ লৈছে, তাতকৈ বেছি গুৰুত্বপূর্ণ কথা হ’ল এই যে এনেবোৰ কার্যক সমাজৰ পৰা আঁতৰাই পঠিওৱাত পুৰুষ–মহিলা সকলোৱেই হাত উজান দিবলৈ চেষ্টা কৰিব লাগে৷
যদিও নাৰী–পুৰুষৰ সমধিকাৰৰ কথাটো সভা–সমিতি, লেখা–মেলা আৰু বিভিন্ন আলোচনা আদিত এটা সঘনে আলোচিত হোৱা বিষয়, তথাপি এটা কথা নকৈ নোৱাৰি যে আমাৰ সমাজত ৰাজহুৱাভাৱে প্রদান কৰা ভাষ্য আৰু সেইসকলৰে জীৱনৰ বাস্তৱ সত্যৰ মাজত বহু ক্ষেত্রতে প্রকৃততে বহু ব্যৱধান ৰৈ যোৱা দেখা যায়৷ আমাৰ অতীতৰ পুৰুষপ্রধান সমাজখন, বর্তমানৰ নাৰী–পুৰুষৰ সমধিকাৰৰ প্রক্ষেপিত সমাজ এখনৰ ফালে নানান বাধাৰ মাজেৰে অগ্রসৰহে হৈছে, সেইখিনি এতিয়াও গৈ পোৱা নাই অর্থাৎ আমি এক পৰিৱর্তনৰ পথৰ মাজতহে আছোঁ৷ সেয়ে পৰিৱর্তিত সমাজ এখনৰ চূড়ান্ত ছবিখন এতিয়াই বিচাৰিলে প্রায়ে হতাশাজনক পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱাটো নিতান্তই স্বাভাৱিক৷
আধুনিক চিন্তাৰে পুষ্ট পুৰুষ–নাৰীৰ সমধিকাৰৰ এখন সমাজ এদিন নিশ্চয় আমাৰ পিছৰ প্রজন্মসমূহে লাভ কৰিব৷ কিন্তু বর্তমানৰ সেই দিশমুখী প্রগতিক আৰু অধিক গতি প্রদান কৰিব লাগিব বর্তমানৰ সকলো নাৰী–পুৰুষে একেলগে৷ এনে এখন ঈপ্সিত সমাজৰ এই পৰিৱর্তনশীল যাত্রাত বাধাৰ সৃষ্টি কৰা কাৰকবোৰক যথাসম্ভৱ সোনকালে আমি আঁতৰাই পঠিয়াব পাৰিব লাগিব৷
কন্যা–ভ্রূণ হত্যা পিছ দুৱাৰেদি হ’লেও নোহোৱাকৈ থকা নাই৷ ভাৰতৰ দুই–এখন ৰাজ্যত সেয়েই হয়তো কন্যা শিশুৰ সংখ্যা কিছু চকুত লগাকৈয়েই কমি গৈছে৷ এই দিশত যৌতুক প্রথাৰ কু–প্রভাৱো পৰোক্ষভাৱে পৰিছে৷ কাৰণ একোজনী ছোৱালীৰ বিবাহৰ প্রক্রিয়াত একোটা সাধাৰণ অৱস্থাৰ পৰিয়াল সর্বস্বান্ত হৈ পৰিবলগীয়া হয়৷ আনহাতে, কন্যা শিশু কম থকা ৰাজ্য বা স্থানসমূহ নাৰী সৰবৰাহকাৰী কু–চক্রৰ ভূ–স্বর্গত পৰিণত হৈছে৷ এখন সভ্য সমাজত বাস কৰিব খুজিলে এইবোৰ নিশ্চিতভাৱে বন্ধ হ’ব লাগিব৷ সমাজৰ প্রত্যেকটি কন্যা শিশুৰ প্রাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে পাৰিবাৰিক, অর্থনৈতিক, সামাজিক বা অন্য কোনো অন্তৰায় থাকিব নালাগিব৷ ‘ছোৱালীক বেছি পঢ়াই–শুনাই কি লাভ’ ধৰণৰ মানসিকতা সমাজত বিলুপ্ত হ’ব লাগিব কাৰণ একোটা বিশেষ বা নির্দিষ্ট কামৰ বাবে প্রয়োজনীয় শিক্ষাখিনি একোজনী ছোৱালীয়ে লাভ কৰিব পাৰিলেহে আমাৰ সমাজত অধিক পৰিমাণে স্ব–নির্ভৰশীল নাৰী সম্পদৰ সৃষ্টি হোৱাৰ পথ মুকলি হ’ব৷ এনে একোগৰাকী নাৰী বিশেষকৈ অর্থনৈতিকভাৱেও স্বাৱলম্বী হ’ব পাৰিব লাগিব আমাৰ সমাজত– সেয়াও সম্পূর্ণ শুদ্ধ পথেৰে, যি পথত হত্যা কৰা নহ’ব কোনো এগৰাকী নাৰীৰো বিবেক আৰু স্বাভিমানক৷ অর্থাৎ সুৰক্ষিত হ’ব লাগিব নাৰীৰ আপোচহীন আত্মসন্মানবোধ আৰু আত্মমর্যাদাবোধ৷
নাৰী স্বাধীনতাৰ একপ্রকাৰৰ ভেল্কীবাজী দেখুৱাই বা এটা টোপ দি এতিয়াও মুখ্যতঃ পুৰুষপ্রধান সমাজৰ চতুৰ দেশীয় বা বহুজাতিক কোম্পানীবোৰে নাৰীক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰি আছে কেৱল নিজৰ ব্যৱসায়িক লাভৰ বাবে৷ উদাহৰণস্বৰূপে আমি ঘৰৰ টিভিটোতে নিতৌ দেখি থকা বিজ্ঞাপনবোৰ, ধৰক মূৰৰ চুলিত ঘঁহা এটা তেলৰ বিজ্ঞাপনত এগৰাকী যুৱতীৰ কৌশলেৰে দেখুওৱা অর্ধ উন্মুক্ত বক্ষস্থলৰ পৰা আৰম্ভ হোৱাৰ অন্য কি যুক্তি থাকিব পাৰে, সেয়া আমাৰ দৰে মানুহে বুজিব নোৱাৰোঁ৷ বহুক্ষেত্রত হয়তো সকলো বুজি পায়ো দুর্ভাগ্যজনকভাৱে অর্থনৈতিক কাৰণতো এনে ফান্দত নাৰীয়ে ভৰি দিব লগা হ’ব পাৰে৷ বহু চলচ্চিত্রতো নাৰী দেহৰ সৌন্দর্যক নানাধৰণে শোষণ কৰি ব্যৱসায়ীয়ে ধন উপার্জন কৰিয়েই আছে৷
বর্তমানৰ সমাজৰ পটভূমিত এইখিনি আমাৰ একান্তই ব্যক্তিগত ধাৰণা৷ ব্যক্তিগতভাৱে মই নাৰী–পুৰুষৰ সমধিকাৰৰ সমর্থক৷ ৰাজহুৱাভাৱে নাৰী স্বাধীনতা আৰু সমধিকাৰৰ কথা কোৱা বা লিখা মানুহ অসংখ্য কিন্তু প্রকৃততে যিদিনা আমাৰ সমাজৰ ঘৰে ঘৰে এইবোৰ কথাই প্রকৃত ভাবমূর্তিৰে বিৰাজ কৰিবলৈ সমর্থ হ’ব, সেইদিনাহে এই বিষয়বোৰে বহু ঈপ্সিত সার্থকতা লাভ কৰিব৷ নাৰী স্বাধীনতাক পকেটত ভৰাই লৈ ফুৰাৰ অধিকাৰ কাৰো নাই যে সময়ে সময়ে তাক পকেটৰ পৰা উলিয়াই প্রদর্শন কৰিব, লাগিলে তেওঁ পুৰুষেই হওক বা মহিলা৷