টার্গেট সভাপতিৰ চকীঃহোটেল লিলিত মহন্তপন্থীৰ বৈঠক, অতুলপন্থীৰো পৃথক সভা
আজি উত্তপ্ত হ’ব অগপৰ কেন্দ্রীয় সাধাৰণ অধিৱেশন
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ৰাজ্যৰ শাসকীয় মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ অভ্যন্তৰত বিৰাজ কৰা সংঘাত–বিসম্বাদ তুংগত উঠিছে৷ আজি অনুষ্ঠিত হ’বলগীয়া একাদশ কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ প্রাক্মুহূর্তত সম্পূর্ণ দুটা শিবিৰত বিভক্ত হৈ পৰিছে ৰাজ্যৰ প্রধান আঞ্চলিক দলটো৷ ইয়াৰে এটা শিবিৰৰ নেতৃত্বত বর্তমানৰ সভাপতি অতুল বৰা থকাৰ বিপৰীতে আনটো শিবিৰৰ নেতৃত্ব লৈছে প্রাক্তন মুখ্যমন্ত্রী তথা প্রতিষ্ঠাপক সভাপতি প্রফুল্ল কুমাৰ মহন্তই৷ এনে অৱস্থাত আমবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিতব্য বহুচর্চিত কেন্দ্রীয় সাধাৰণ অধিৱেশন উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রকট৷ প্রধানতঃ নেতৃত্ব বিশেষকৈ সভাপতি আৰু কার্যকৰী সভাপতিৰ চকী কুক্ষিগত কৰাৰ লক্ষ্যৰে অগপৰ দুয়োটা শিবিৰে ভাগে ভাগে ৰণকৌশল কার্যকৰী কৰাত নামি পৰিছে৷ এই ছবিখন স্পষ্ট হ’ল কেন্দ্রীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱাৰ আগদিনাখন৷ কালি পুৱাৰে পৰা দিছপুৰৰ পৰা আমবাৰীলৈ দুয়োটা শিবিৰৰ তৎপৰতা পৰিলক্ষিত হ’ল৷ আনকি বাদ নপৰিল বিলাসী হোটেলৰ মজিয়াও৷ অগপৰ এটা সূত্রই প্রকাশ কৰা অনুসৰি সভাপতিৰ চকীখন কাইলৈ কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ জৰিয়তে নিজৰ দখলত ৰখাৰ উদ্দেশ্যে অতুল বৰাই দিছপুৰস্থিত নিজৰ চৰকাৰী আৱাসত কালি পুৱাৰ ভাগতে একাংশ ঘনিষ্ঠ তথা দলৰ জ্যেষ্ঠ নেতাক লৈ গোপন মন্ত্রণাত বহে৷ ইয়াৰ পিছতো সভাপতি অতুল বৰাই একাধিকবাৰ ঘনিষ্ঠ নেতাসকলৰে আলোচনাত মিলিত হয়৷ অনুৰূপ তৎপৰতা সভাপতি অতুল বৰাৰ শিবিৰত অৱস্থান কৰা কার্যকৰী সভাপতি কেশৱ মহন্তৰো৷ সেইদৰে নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰি পুনৰ দলৰ সভাপতিৰ চকীখন নিজৰ শিবিৰৰ দখললৈ অনাৰ অংকৰে কালিৰ দিনটোত তৎপৰ হৈ আছিল প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তও৷ দিছপুৰৰ নিজ বিধায়ক আৱাসৰ সমান্তৰালভাৱে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই তেওঁৰ ঘনিষ্ঠ কেইবাজনো নেতাক লৈ মহানগৰীৰ হোটেল লিলিত দুখনকৈ গোপন বৈঠক অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে৷ মহন্ত শিবিৰৰ এজন নেতাই দাবী কৰা মতে এই বৈঠকতে দলৰ বর্তমানৰ নেতৃত্বক কিদৰে ওফৰাব পাৰি, সেই সন্দর্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷ বিশেষকৈ বহু বিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা) সন্দর্ভত দলীয় স্থিতি, বিজেপিৰে মিত্রতা, সমাগত বিধানসভা নির্বাচনত দলীয় প্রার্থিত্ব আদি বিষয়সমূহ উত্থাপনেৰে মহন্ত শিবিৰে বর্তমানৰ সভাপতি অতুল বৰা শিবিৰক কেন্দ্রীয় সাধাৰণ অধিৱেশনত ধৰাশায়ী কৰাৰ ৰণকৌশল যুগুত কৰিছে বুলি সূত্রটোৰ দাবী৷ তদুপৰি এনেধৰণৰ ৰণকৌশলৰ জৰিয়তে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ শিবিৰে পুনৰ অগপ সভাপতিৰ চকী দখলৰ লক্ষ্যৰে অভিযানত নামি পৰিছে৷ লক্ষণীয়ভাৱে সভাপতিৰ পদটোক লৈ অগপত উলম্ব বিভাজন ঘটাৰ সময়তে দলটোৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে কালি আমবাৰীস্থিত মুখ্য কার্যালয়ত সাধাৰণ পৰিষদৰ বৈঠকৰ প্রস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁ অতি স্পষ্টভাৱে কয় যে আমাৰ দলটোত জন্মলগ্ণৰ পৰা আমি আছোঁ৷ জন্মলগ্ণৰ পৰা থকাসকলৰ প্রত্যেকৰেই বয়স এতিয়া ৬০ৰ ঊর্ধ্বত৷ অর্থাৎ আমি ৬০ বছৰ অতিক্রম কৰিছোঁ৷ এতিয়া আমি ভাবোঁ–৬০ৰ ঊর্ধ্বত যিসকল লোক আছোঁ, সেইসকলে সভাপতিৰ দৰে গুৰু দায়িত্ব লোৱাটো উচিত নহ’ব৷ এই কথাটো আমি আৰু প্রতিনিধিসকলেও অনুভৱ কৰিছোঁ৷ গতিকে এইক্ষেত্রত কাইলৈ কোনফালে গতি কৰিব আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে৷ দলত জন্মলগ্ণৰ পৰা থকাসকলে পুনৰ নেতৃত্বলৈ অহাটো উচিত নহ’ব বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰে৷ মন্ত্রী চৌধুৰীৰ মতে উঠি অহা চামক নেতৃত্ব দিলেহে দলটো ঠন ধৰি উঠিব৷ এনেধৰণৰ মন্তব্যৰ জৰিয়তে মন্ত্রী চৌধুৰীয়ে কি ইংগিত কৰিব বিচাৰিছে সেয়া সহজে অনুমেয়৷ তেওঁ ইয়াৰ দ্বাৰা পৰোক্ষভাৱে কার্যতঃ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত পুনৰ যে দলৰ সভাপতি হোৱাটো বিচৰা নাই, সেই কথাটোকে বুজাব বিচৰা বুলি ধাৰণা কৰিব পাৰি৷ কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ প্রস্তুতি সন্দর্ভত মন্ত্রী চৌধুৰীয়ে প্রকাশ কৰা অনুসৰি ক’ভিড–১৯ৰ পৰিৱেশৰ লগত খাপ খুৱাই কেন্দ্রীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ পদক্ষেপ লোৱা হৈছে৷ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত দলৰ বিধান পৰিষদ আছে আৰু এই বিধান পৰিষদসমূহৰ পৰা অগপৰ সংবিধান অনুযায়ী ৬জনকৈ প্রতিনিধিয়ে কাইলৈৰ বৈঠকত অংশগ্রহণ কৰিব বুলি তেওঁ সদৰী কৰে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে কেন্দ্রীয় সাধাৰণ অধিৱেশনখন পৰিচালনা কৰাৰ বাবে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ নেতৃত্বত এখন অভ্যর্থনা সমিতি গঠন কৰ হৈছিল৷ কিন্তু বিধায়ক কলিতা ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত সমিতিয়ে আন সদস্যসকলে অভ্যর্থনাৰ দিশটো যাতে সূচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ ওপৰত নজৰ ৰাখিছে বুলিও মন্ত্রী চৌধুৰীয়ে জানিবলৈ দিয়ে৷ ইফালে, অগপৰ মজিয়াত উদ্ভৱ হোৱা সংঘাতে দলটোত উলম্ব বিভাজন ঘটোৱাৰ সময়তে প্রতিষ্ঠা কালৰ নেতা তথা প্রাক্তন মন্ত্রী গুণীন হাজৰিকাই সভাপতি অতুল বৰালৈ প্রেৰণ কৰা এখন বিস্ফোৰক পত্রই ব্যাপক চর্চা লাভ কৰিছে৷ ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত অগপ গঠনৰ বাবে গঠিত ১১জনীয়া পৰামর্শদাতা সমিতিৰ অন্যতম সদস্য তথা প্রাক্তন মন্ত্রী গুণীন হাজৰিকাই সভাপতি অতুল বৰালৈ প্রেৰণ কৰা পত্রখনত কেইজনমানৰ হাতত দলৰ ক্ষমতা কুক্ষিগত কৰাৰ বাবে তথাকথিত ‘টেব’ল কমিটী’ৰে সাধাৰণ পৰিষদ গঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ যাৰ বাবে দলৰ তৃণমূল পর্যায়ৰ কর্মীসকলে কেন্দ্রীয় সাধাৰণ অধিৱেশনত নতুন সভাপতি নির্বাচন প্রক্রিয়াত অংশগ্রহণৰ পৰা বিৰত থাকিব লাগিব বুলি উল্লেখ কৰি প্রাক্তন মন্ত্রী হাজৰিকাই পত্রখনত এইদৰে লিখিছে– ‘মই অগপ দলৰ প্রতিষ্ঠা কালৰ ১১জনীয়া কমিটীৰ সদস্য, দীর্ঘকাল উপ–সভাপতি হিচাপে কাম কৰিছিলোঁ৷ আপোনালোকৰ ‘কা’ সম্পর্কীয় স্থিতিৰ বাবে মই উপ–সভাপতিৰ পদ ত্যাগ কৰিছিলোঁ৷ কিন্তু কেন্দ্রীয় সাধাৰণ পৰিষদ আৰু সাধাৰণ সদস্য পদ ত্যাগ কৰা নাছিলোঁ৷ পিছে মোৰ দৰে বহু সদস্যক ‘কা’বিৰোধী স্থিতিৰ বাবে অধিৱেশনৰ বিভিন্ন স্তৰৰ সভালৈ নিমন্ত্রণ জনোৱা হোৱা নাছিল৷ দলটোক কেইজনমান মানুহৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি তৃণমূলত অগপক ইচ্ছাকৃতভাৱে দুর্বল কৰিছে৷ অধিৱেশনত আপোনালোকে অগপৰ কফিনত শেষ গজালটো মাৰিবলৈ উদ্যত হৈছে৷ মিত্রতাৰ নামত আপোনালোকে অসম চুক্তিৰ পৱিত্রতা ভূলুণ্ঠিত কৰাই নহয়, ‘কা’বিৰোধী দোদুল্যমান স্থিতি আৰু মন্ত্রিত্ব লৈ অগপৰ জাতীয়তাবাদী সত্তা নিঃশেষ কৰিছে৷’ প্রাক্তন মন্ত্রী হাজৰিকাই একেখন পত্রত পুনৰ উষ্মাৰে উল্লেখ কৰিছে– ‘শেহতীয়াকৈ বিজেপিৰ এজন শীর্ষ নেতাই অগপৰ সভাপতিক বর্তমানৰ সমষ্টি এৰি আন সমষ্টি বিচাৰিবলৈ নির্দেশ দিয়াৰ পিছতো আপোনাৰ বা দলৰ কোনো প্রতিক্রিয়া দেখা নগ’ল৷ মিত্রতাৰ নামত এনে গোলামি আপোনালোকে মানি ল’লেও তৃণমূল কর্মীয়ে সহ্য কৰিব নোৱাৰে৷ প্রাক্তন মন্ত্রী হাজৰিকাই অগপৰ বর্তমানৰ সভাপতি আৰু কার্যকৰী সভাপতিক দলক পুনৰুজ্জীৱিত কৰাৰ স্বার্থত পদত্যাগ কৰি শক্তিশালী ৰূপত অগপক আঞ্চলিক দল হিচাপে প্রতিষ্ঠা কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়৷ এই বিস্ফোৰক পত্রখনে অগপৰ ভিতৰচ’ৰাত চলি থকা সংঘাত, মতানৈক্য আৰু বিসম্বাদ কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ প্রাকমুহূর্তত পুনৰ প্রকট কৰি তুলিলে৷
উল্লেখ্য যে কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ দিন স্থিৰ হোৱাৰ পিছতেই দলৰ সংঘাত মৰিষণৰ বাবে সভাপতি অতুল বৰাই ক্ষুব্ধ নেতাসকলৰে আলোচনাত মিলিত হৈছিল৷ বিশেষকৈ যোৱা ১৭ আগষ্টত আমবাৰীস্থিত দলৰ মুখ্য কার্যায়ত অনুষ্ঠিত দলৰ জিলা সমিতিৰ সভাপতিসকলৰ সভাত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ উপৰি আন তিনি জ্যেষ্ঠ নেতা ক্রমে বৃন্দাবন গোস্বামী, পবিন্দ্র ডেকা আৰু উৎপল দত্ত উপস্থিত নথকাৰ পিছত সভাপতি অতুল বৰাই বিশেষ পদক্ষেপ গ্রহণ কৰে৷ এইক্ষেত্রত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল মন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ যোৱা ২১ আগষ্টত মন্ত্রী চৌধুৰীৰ মধ্যস্থতাত তেওঁৰ দিছপুৰৰ বাসভৱনত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এক ৰুদ্ধদাৰ বৈঠকত মিলিত হৈছিল৷ সেইদৰে ক্ষুব্ধ বিধায়ক তথা জ্যেষ্ঠ নেতা পবিন্দ্র ডেকাৰ সৈতেও সভাপতি অতুল বৰাৰ প্রতিনিধি হিচাপে বৈঠকত মিলিত হৈছিল বিধায়ক সত্যব্রত কলিতা৷ কিন্তু এই বৈঠকসমূহে কোনোধৰণৰ সমাধান সূত্র উলিয়াব নোৱাৰিলে৷ যাৰ ফলত অগপত অব্যাহত আছে সংঘাত–বিসম্বাদ৷ যিয়ে কাইলৈৰ কেন্দ্রীয় সাধাৰণ অধিৱেশন উত্তাল কৰি তোলাৰ আশংকা কৰা হৈছে৷ লক্ষণীয়ভাৱে সাধাৰণ বৈঠকৰ পূর্বে আজি সন্ধিয়া আমবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হয় কেন্দ্রীয় কার্যনির্বাহক সভা৷ কিন্তু এই কেন্দ্রীয় কার্যনির্বাহকৰ সভাত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, প্রাক্তন সভাপতি বৃন্দাবন গোস্বামীসহ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত নাথাকিল৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে তেওঁক কেন্দ্রীয় কার্যনির্বাহকৰ সভালৈ আমন্ত্রণ জনোৱা নহ’ল৷ চিঠিৰ কথা বাদে ৱাটছএপ যোগেও কেন্দ্রীয় কার্যনির্বাহকৰ সভালৈ তেওঁক নিমন্ত্রণ নজনালে৷ এই প্রসংগত তেওঁ দলৰ নেতৃত্বৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে৷ অকল সৰৱ হোৱাই নহয় দলৰ নেতৃত্বক চোকা সমালোচনা কৰে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ এনে অৱস্থাত তেওঁ কাইলৈ অনুষ্ঠিতব্য কেন্দ্রীয় সাধাৰণ পৰিষদৰ অধিৱেশনত উপস্থিত থাকিব নে নাই, সেইটোও একপ্রকাৰ অনিশ্চত হৈ পৰিছে৷ ইফালে অগপৰ মজিয়াত বিৰাজ কৰা এনে সংঘাতপূর্ণ পৰিৱেশ আদালতৰ মজিয়াও গৈ পাইছে৷ দলটোৰ মহানগৰ সমিতিৰ সভাপতি জিতেন ডেকা, কার্যকৰী সভাপতি হেমেন লহকৰ আৰু সাধাৰণ সম্পাদক গিৰিণ তালুকদাৰে ৰুজু কৰা ২২৮/২০২০ নম্বৰৰ এটি মিছেলিনিয়াছ কেছৰ বিপৰীতে দিয়া ৰায়যোগে অগপৰ ‘সাধাৰণ পৰিষদৰ বৈঠক’ত আজি অন্তর্ৱর্তীকালীন স্থগিতাদেশ জাৰি কৰিছে কামৰূপ (মহানগৰ) জিলাৰ দেৱানী আদালতে৷ একেটা ৰায়তে এই নির্দেশ কিয় স্থায়ী কৰা নহ’ব, সেই সন্দর্ভত অগপ নেতৃত্বলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে আদালতে৷ মুঠৰ ওপৰত আদালতৰ অন্তর্ৱর্তীকালীন স্থগিতাদেশৰ বাতৰি সংবাদ মাধ্যমত প্রচাৰিত হোৱাৰ বিপৰীতে এই সন্দর্ভত আদালতৰ নির্দেশনাৰ কোনো প্রতিলিপি পোৱা নাই বুলি ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে অগপ সভাপতি অতুল বৰাই৷ বিধায়ক সত্যব্রত কলিতাই কয়– অগপৰ মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজেন মেধি৷ তেওঁ আমাৰ অভ্যর্থনা সমিতিৰ লগত জড়িত হৈ আছে৷ কোনোবাই মহানগৰ সমিতিৰ নামত যদি গোচৰ তৰে, তেন্তে আদালতে বিচাৰ কৰিব৷