এয়াৰটেল–ভোডাফোনে হেৰুৱালে ৪.৭ নিযুত গ্রাহক
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ মহামাৰী ক’ভিড–১৯ লকডাউনৰ বাবে এমাহতে এয়াৰটেল–ভোডাফোনে ৪.৭ নিযুত গ্রাহক হেৰুওৱাৰ বিপৰীতে জি’ই লাভ কৰিলে ৩.৭ নিযুত নতুন গ্রাহক৷ টেলিকম ৰেগুলেটৰী অথ’ৰিটী অৱ ইণ্ডিয়া (ট্রাই) আজি প্রকাশ কৰা প্রতিবেদন মতে, মে’ মাহত তাঁৰবিহীন গ্রাহক বিশেষকৈ ২ জি, ৩ জি আৰু ৪ জিৰ গ্রাহকৰ সংখ্যা ০.৫ শতাংশ নিম্নগামী হৈছে৷
ট্রাইৰ তথ্য মতে, মে’ মাহত তাঁৰবিহীন গ্রাহকৰ সংখ্যা ৫.৬১ নিযুত নিম্নগামী হৈছে৷ চহৰ অঞ্চলত এপ্রিলৰ শেষৰ পৰা ৩ৰ মে’লৈকে ৬২৯ নিযুত গ্রাহকৰ পৰা ৬২০ নিযুতলৈ হ্রাস পাইছে৷ অৱশ্যে এই সময়ছোৱাত গ্রামাঞ্চলত গ্রাহকৰ সংখ্যা বৃদ্ধি পাইছে৷ এই মাহটোত পূর্বৰ ৫২০ নিযুতৰ পৰিৱর্তে ৫২৩ নিযুতলৈ বৃদ্ধি পাইছে৷ অর্থাৎ গ্রামাঞ্চলত ০.৭০ শতাংশ বৃদ্ধি পাইছে৷ তথ্য মতে, এপ্রিলৰ শেষৰ পৰা মে’ মাহলৈকে টেলিকম কোম্পানীসমূহে এই ৮.২ নিযুত গ্রাহক হেৰুৱাইছে৷ লকডাউনৰ বাবে চহৰৰ পৰা গ্রামাঞ্চললৈ যোৱা সংস্থাপন হেৰুওৱা আৰু ক’ভিড–১৯ৰ বাবে অনেক ছিমকার্ড নিষ্ক্রিয় হৈ পৰাৰ বাবে গ্রাহকৰ সংখ্যা হ্রাস পাইছে৷ জিঅ’ৰ সমান্তৰালকৈ ৰাজহুৱা খণ্ডৰ ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল)ৰ সংখ্যা ২০১৫৯৩ বৃদ্ধি পাইছে৷
আনহাতে, ২.৯৮ নিযুত গ্রাহকে ম’বাইল নম্বৰ প’র্টেবিলিটী (এমএনপি)ৰ বাবে আবেদন জনাইছে৷ তেনেদৰে দেশজুৰি এই মাহটোত লেণ্ডলাইনৰ গ্রাহকো হ্রাস পাইছে৷ এই মাহটোতে ১৯.৯ নিযুতৰ পৰা গ্রাহকৰ সংখ্যা ১৯.৭৭ নিযুতলৈ নিম্নগামী হৈছে৷ ট্রাইৰ অধ্যক্ষ আৰ এছ শর্মাই এই তথ্য সন্দর্ভত কয় যে দেশত ক’ভিড–১৯ মহামাৰীৰ বাবে এনেদৰে গ্রাহকৰ সংখ্যা হ্রাস পাইছে৷