নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউড পৰিচালক মহেশ মঞ্জেৰেকাৰক ৩৫ কোটি টকা দাবী আবু চালেম গেঙৰ

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য চলি থকাৰ সময়তে পৰিচালক, অভিনেতা মহেশ মঞ্জেৰেকাৰক ৩৫ কোটি টকা দাবী কৰিছে আবু চালেমৰ গেঙে৷ কুখ্যাত গেংষ্টাৰ আবু চালেমৰ গেঙৰ সদস্যই ৩৫ কোটি টকা দাবী কৰা বুলি পৰিচালক মঞ্জেৰেকাৰে ইতিমধ্যে মুম্বাই আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীয়ে এই সন্দর্ভত গোচৰ ৰুজু কৰিছে৷ গোচৰটোৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ এণ্টি–এক্সটর্চন চেলক দিছে৷

দুদিন পূর্বে মঞ্জেৰেকাৰে অচিনাক্ত লোক এজনে নিজকে ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক আক্রমণৰ দোষী কাৰাবন্দী আবু চালেমৰ লোক বুলি চিনাকি দি ম’বাইল ফোনত ৩৫ কোটি টকা দাবী কৰা বুলি দাদৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল৷ এই সংবেদনশীল আৰু ধনদাবীৰ অভিযোগটো গুৰুত্বসহকাৰে লৈ গোচৰ ৰুজু কৰি তদন্তৰ বাবে দায়িত্ব দিছে এণ্টি এক্সটর্চন চেলক৷

You might also like