নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ কৰাচীত অভিলেখসংখ্যক বৰষুণ, মৃত্যু ১৯

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ১৯৬৭ চনৰ পাছত এদিনত অভিলেখসংখ্যক বৰষুণৰ বাবে পাকিস্তানৰ চহৰ কৰাচী বিধ্বস্ত হয়৷ যাতায়াতকে ধৰি চহৰবাসীৰ জীৱনযাত্রা ব্যাহত হোৱাৰ লগতে প্রবল বৃষ্টিপাতৰ ফলত চহৰখনত অতিকমেও ১৯জন লোকৰ প্রাণহানি হৈছে৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, বৃহস্পতিবাৰে মাত্র ১২ ঘণ্টাতে ২২৩.৫ মিলিমিটাৰ বৰষুণ দিছে৷ ই হৈছে ১৯৬৭ চনৰ পিছত পাকিস্তানৰ চহৰত সর্বাধিক বৰষুণ৷ বহু বছৰীয়া অভিলেখ ভংগকাৰী এই বৰষুণৰ ফলত চহৰখনৰ অধিকাংশ অঞ্চল জলমগ্ণ হৈ পৰিছে৷ সিন্ধুপ্রদেশৰ মুখ্যমন্ত্রী মুৰাদ আলী শ্বাহে চহৰখনত চৰকাৰী বন্ধ ঘোষণা কৰিছে৷ আবদ্ধ লোকক উদ্ধাৰ আৰু সাহায্য প্রদান কৰিবলৈ নৌবাহিনীৰ দল মোতায়েন কৰিছে৷ পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে চহৰখনত বিদ্যুৎ সংযোগ দুদিনৰ বাবে কর্তন কৰিবলগীয়া হৈছে৷

You might also like