এইবাৰ অষ্ট্ৰেলিয়াত ইমামগিৰি… ক’ৰোনা ভেকচিনক ক’লে ‘হাৰাম’
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ধৰ্মৰ তুলাচনীত ক’ৰোনা। ইমানদিনে ধৰ্মৰ তুলাচনীত উঠোৱা হৈ আছিল ক’ৰোনা ভাইৰাছক। এইবাৰ ভাইৰাছবিধৰ ভেকচিনক লৈও সৃষ্টি কৰা হৈছে ধৰ্মীয় বাতাৱৰণ। অষ্ট্ৰেলিয়াৰ এগৰাকী বিতৰ্কিত ইমামে নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি সাৱধানবাণী শুনাইছে ক’ৰোনা ভেকচিন নল’বলৈ, কিয়নো ই হাৰাম।
অষ্ট্ৰেলিয়া নিৱাসী চুফয়ান খলিফা নামৰ ইমামগৰাকীয়ে ভিডিঅ’যোগে নিজৰ অনুকৰণকাৰীক এই ভেকচিন ল’বলৈ মানা কৰাৰ লগতে বিভিন্ন ইছলাম সংগঠনক সমালোচনা কৰিছে ভেকচিন প্ৰসংগত সমৰ্থনসূচক স্থিতিত থকা বাবে।
মূলতঃ অক্সফোৰ্ড ভেকচিনক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা ইমামগৰাকীয়ে নিজ মতৰ সপক্ষে কয় যে কেথলিক ইশ্বাই সম্প্ৰদায়ৰ ধৰ্মগুৰুৱেও এই ভেকচিনৰ বিৰোধিতা কৰিছে। অষ্ট্ৰেলিয়া চৰকাৰে অক্সফোৰ্ড ভেকচিনৰ আমদানি-ৰপ্তানিৰ প্ৰসংগত বুজাবুজিত উপনীত হোৱাৰ সময়তে এনেদৰে ধৰ্মীয় আৱেগ জড়িত কৰোৱা হৈছে ভেকচিনবিধত।
উল্লেখ্য, ইমামগৰাকীৰ উপৰি আন কিছু ইছলাম নেতায়ো ভেকচিনবিধ এবোৰ্টেড বেবী (অপৈণত কেঁচুৱা)ৰ কোষৰ পৰা নিৰ্মাণ কৰা বুলি আপত্তি দৰ্শাইছিল।
কিন্তু এই বাদ-বিবাদৰ ঊৰ্ধ্বত আছে অষ্ট্ৰেলিয়ান নেচনেল ইমাম কাউন্সিল। কাউন্সিলৰ প্ৰবক্তা বিলাল ৰৌফৰ মত- ইছলামৰ সিদ্ধান্তলৈ চালে দেখা যায় সকলোতকৈ উচ্চ সিদ্ধান্ত হ’ল জীৱন বচোৱা।