নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত সাম্প্রদায়িক হিংসা: জেএনইউৰ ছাত্রী অসমৰ দেৱাংগনা কলিতাৰ জামিন লাভ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ এক দীঘলীয়া আইনী যুঁজৰ অন্তত দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী অসমৰ দেৱাংগনা কলিতাক৷ লক্ষণীয়ভাৱে দিল্লীৰ সাম্প্রদায়িক হিংসাত উচটনি দিয়াৰ অভিযোগত দেৱাংগনাক গ্রেপ্তাৰ কৰা দিল্লী আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত কালি মুখথেকেচা খোৱা পৰিলক্ষিত হ’ল৷

সাম্প্রদায়িক হিংসা বিয়পাৰ কোনো ধৰণৰ প্রমাণাদি দাখিল কৰাত দিল্লী আৰক্ষী ব্যর্থ হোৱা হেতু উচ্চ ন্যায়ালয়ে দেৱাংগনাক জামিন প্রদান কৰে৷ লক্ষণীয়ভাৱে দিল্লী আৰক্ষীয়ে দেৱাংগনাৰ বিৰুদ্ধে মুঠ চাৰিটা গোচৰ ৰজু কৰিছিল৷ যোৱা মাহতেই ছাত্রীগৰাকীয়ে দুটা গোচৰত নিম্ন আদালতৰ পৰা জামিন লাভ কৰিছিল৷

ইয়াৰ পিছত কালি দিল্লী উচ্চ ন্যায়ালয়ে তৃতীয়টো গোচৰতো তেওঁক জামিন প্রদান কৰে যদিও দেৱাংগনাই কাৰাগাৰৰ পৰা মুক্তি লাভ নকৰে৷ কাৰণ ছাত্রাগৰাকীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে জাপি দিয়া চতুর্থটো গোচৰ হৈছে আনলফুল এক্টিভিটিজ প্রিভেনচন এক্ট চমুকৈ উপা আইনৰ অধীনত৷ এই বছৰটোৰ জামিন পালেহে কাৰাগাৰৰ পৰা মুক্তি পাব ছাত্রীগৰাকী৷

You might also like