নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ বায়’–ফ্লক পদ্ধতিৰে গহপুৰৰ বালিজানৰ উদ্দীপ্ত হাজৰিকাৰ চমক

টার্পলিনেৰে নির্মিত টেংকীত বছৰি ১ টন মাছ উৎপাদন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ অসমত ইজৰাইলৰ ‘বায়’–ফ্লক’ পদ্ধতিৰে মৎস্য পালন কৰি চমক সৃষ্টি কৰিছে গহপুৰৰ বালিজানৰ এজন উদীয়মান উদ্যোগীয়ে ৷ নাম উদ্দীপ্ত হাজৰিকা ৷ চৰকাৰী চাকৰিৰ বাবে আশা পালি ৰৈ নাথাকি তেওঁ এই নতুন পদ্ধতিৰে মৎস্য পালনত ব্যস্ত হৈ পৰিছে ৷ এক কথাত বায়’–ফ্লক পদ্ধতিৰে মাছ উৎপাদনত নামি পৰি উদ্দীপ্ত হাজৰিকাই ৰাজ্যখনৰ নিবনুৱা তথা কৃষকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ এইগৰাকী উদ্যোগী যুৱকে দেওবাৰে গুৱাহাটী প্রেছ ক্লাবত ‘অসমত বায়’–ফ্লক পদ্ধতিৰে মৎস্য উৎপাদনঃ সম্ভাৱনা আৰু প্রত্যাহ্বান’ৰ বিষয়ে ব্যাখ্যা কৰে ৷ ‘জনমত’ নামৰ অনুষ্ঠানটোৱে উল্লিখিত বিষয়ত আয়োজন কৰা বক্তৃতানুষ্ঠানত উদ্দীপ্ত হাজৰিকাই সমগ্র ভাৰতবর্ষত আধুনিক মৎস্য পালনৰ ক্ষেত্রত বায়’–ফ্লক প্রযুক্তিৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে ৷

উল্লেখ্য যে ‘বায়’–ফ্লক ফিছ ফার্মিং’ পদ্ধতিত মাছে অনিষ্ট কৰা খাদ্য আৰু মাছে ত্যাগ কৰা মল–মূত্রৰ লগত আমাৰ দেহৰ বাবে প্রয়োজনীয় কিছুমান বেক্টেৰিয়াৰ প্রাকৃতিকভাৱে সংযোজন ঘটাই মাছৰ খাদ্য প্রস্তুত কৰা হয় ৷ মাত্র ৪ মিটাৰ পৰিধিৰ টার্পলিনৰ দ্বাৰা নির্মিত এটা কৃত্রিম পানী টেংকীৰ ১০ হাজাৰ লিটাৰ পানীত প্রতিবছৰে এক টনপর্যন্ত মাছ উৎপাদন কৰিব পাৰি ৷ কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ পানীৰ নিয়মীয়া গুণাগুণ পৰীক্ষা, অক্সিজেন পৰীক্ষা আৰু উষ্ণতা নিয়ন্ত্রণৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত তেনেই কম পৰিসৰত মাছ উৎপাদন কৰা এই ব্যৱস্থাই অসমৰ মীন উৎপাদনৰ ক্ষেত্রত এক বৈপ্লৱিক পৰিৱর্তনৰ সূচনা কৰিব পাৰে বুলিও উদ্যোগী যুৱক হাজৰিকাই মতামত ব্যক্ত কৰে ৷ বায়’–ফ্লক পদ্ধতিৰে মৎস্য উৎপাদন কৰিব বিচৰা খেতিয়কসকলে যাতে নিয়মীয়াভাৱে পানীৰ পৰীক্ষণ, অক্সিজেন পৰীক্ষণ আৰু অন্যান্য প্রযুক্তিগত সহায়তা লাভ কৰিব পাৰে, তাৰ বাবে প্রস্তুত কৰি উলিওৱাwww.maslibazar.com ৱেব এপ্লিকেচনটোৰ বিষয়েও বক্তাজনে বিস্তাৰিতভাৱে কয় ৷ এই এপ্লিকেচনটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে বায়’–ফ্লক পদ্ধতিৰে মৎস্য পালন কৰি থকা সময়ছোৱাত সন্মুখীন হোৱা সকলো সমস্যাৰ বৈজ্ঞানিক ভিত্তিত সমাধান৷ এই ৱেব এপ্লিকেচনত পঞ্জীভুক্ত হোৱা সকলো মৎস্য পালকে তেওঁলোকৰ প্রধান সমস্যা, যেনে– মাছৰ পোনাৰ অভাৱ, প্র’টিনসমৃদ্ধ আহাৰ, পানীৰ গুণাগুণ পৰীক্ষা, বায়’–ফ্লক পদ্ধতিত প্রয়োজনীয় বৈজ্ঞানিক সা–সৰঞ্জামৰ মূল্য আদি সকলো বিষয়ত বিতংভাৱে তথ্য লাভ কৰিব ৷ ইপিনে বক্তৃতানুষ্ঠানৰ পাছতেই উদ্দীপ্ত হাজৰিকা আৰু নলবাৰীৰ কৈৰাৰা গাঁৱৰ উদ্যোগী যুৱক জ্যোতির্ময় গোস্বামীয়ে যুটীয়াভাৱে প্রস্তুত কৰা এপটো মুকলি কৰা হয় ৷

You might also like