নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পৰা মুক্ত হোৱা নাই চিএছকেৰ ১৩ সদস্য

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃক’ৰোনাৰ পৰা সম্পূর্ণ মুক্ত হোৱা নাই চেন্নাই ছুপাৰ কিংছ দলটো৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণত অংশগ্রহণ কৰাৰ উদ্দেশ্যে সম্প্রতি ডুবাইত থকা চি এছ কে দলটোৰ দুগৰাকী খেলুৱৈসহিতে ১৩জন সদস্য এতিয়াও ক’ৰোনাত আক্রান্ত হৈ আছে৷

দলটোৰ মুখ্য কার্যবাহী বিষয়া কে এছ বিশ্বনাথনে   এই কথা সদৰী কৰিছে৷ দলটোৰ ১৩গৰাকী সদস্যৰ বাহিৰে বাকী সকলো খেলুৱৈৰ ক’ৰোনাৰ পৰীক্ষা কৰা হয় আৰু তেওঁলোকৰ ফলাফল নিগেটিভ আহে৷ বাকী ১৩গৰাকী সদস্যৰ ৩ ছেপ্ঢেম্বৰত পুনৰ পৰীক্ষা কৰা হ’ব বুলি মুখ্য কার্যবাহী বিষয়াগৰাকীয়ে সদৰী কৰে৷

ইপিনে, ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে চি এছ কে দলটোৱে ৪ ছেপ্ঢেম্বৰৰ পৰা অনুশীলনত নমাৰ সম্ভাৱনা আছে বুলি চি ই অ’ কে এছ বিশ্বনাথনে জানিবলৈ দিয়ে৷

You might also like