ইউ এছ অ’পেন: জক’ভিচ–জেৰেভ–অ’ছাকা দ্বিতীয় ৰাউণ্ডত
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ সহজ জয়েৰে ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছত অভিযান আৰম্ভ কৰিলে শীর্ষ বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচে৷ ক’ৰোনাৰ আতংকৰ মাজতে কালিৰে পৰা আৰম্ভ হোৱা সন্মানীয় গ্রেণ্ডশ্লামখনৰ পুৰুষ ছিংগলছৰ প্রথম ৰাউণ্ডৰ মেচখনত জক’ভিচে বছনিয়া আৰু হেৰজেগ’ভিনৰ ডামিৰ ডুমহুৰক সহজেই ৬–১, ৬–৪, ৬–১ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়৷ চতুর্থটো ইউ এছ অ’পেনৰ খিতাপ দখলৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰা শীর্ষ বাছনিপ্রাপ্ত জক’ভিচে দ্বিতীয় ৰাউণ্ডৰ মেচখনত ব্রিটেইনৰ কাঈল এডমুণ্ডৰে মুখামুখি হ’ব৷
আন এখন প্রথম ৰাউণ্ডৰ মেচত এডমুণ্ডে আলেকজেণ্ডাৰ বাবলিকক পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে ৰ’জাৰ ফেডেৰাৰ আৰু ৰাফেল নাডালৰ অনুপস্থিতিত জক’ভিচকে প্রতিযোগিতাখনৰ খিতাপ দখলৰ প্রবল দাবীদাৰ হিচাপে চিহ্ণিত কৰা হৈছে৷ ইফালে, পঞ্চম বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভৰ লগতে চতুর্থ বাছনিপ্রাপ্ত ষ্টেফান’ছ টিটচিপাছেও দ্বিতীয় ৰাউণ্ডত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ জেৰেভে কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত দক্ষিণ আফ্রিকাৰ কেভিন এণ্ডাৰছনক ৭–৬ (৭–২), ৫–৭, ৬–৩, ৭–৫ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷
ইফালে, টিটচিপাছে এলবার্ট ৰাম’ছ ভিন’লাছক সহজেই ৬–২, ৬–১, ৬–১ ছেটত পৰাস্ত কৰে৷ ত্রয়োদশ বাছনিৰ ক্রিষ্টিয়ান গাৰিন, সপ্তম বাছনিৰ ডেভিদ গ’ফিনে প্রথম ৰাউণ্ডৰ ডেওনা অতিক্রম কৰিবলৈ সক্ষম হৈছে যদিও ষষ্ঠদশ বাছনিৰ জন ইজনাৰে মাৰাথন যুঁজৰ অন্তত ষ্টিভ জনছনৰ হাতত ৬–৭ (৫–৭), ৬–৩, ৬–৭ (৫–৭), ৬–৩, ৭–৬ (৭–৩) ছেটত পৰাস্ত হয়৷
ইফালে, মহিলা শাখাৰ দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰিছে চতুর্থ বাছনিপ্রাপ্ত জাপানৰ নাওমি অ’ছাকাৰ লগতে শীর্ষ বাছনিপ্রাপ্ত কাৰোলিনা প্লিছক’ভা, ষষ্ঠ বাছনিৰ পেট্রা কিট’ভা, অষ্টম বাছনিৰ পেট্রা মার্টিকে৷ অ’ছাকাই মিচাকি ড’য়িক ৬–২, ৫–৭, ৬–২ ছেটত পৰাস্ত কৰাৰ বিপৰীতে প্লিছক’ভাই এন হেলিনা কালিনিনাক ৬–৪, ৬–০ ছেটত পৰাস্ত কৰে৷ সপ্তদশ বাছনিৰ এঞ্জেলিক কেৰবাৰৰ লগতে ত্রয়োদশ বাছনিৰ এলিছন ৰিস্কেই প্রথম ৰাউণ্ডৰ ডেওনা অতিক্রম কৰিছে৷