নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনতো জিএছটি ৬০০ কোটি সংগ্রহ মার্চত সুস্থিৰ হ’ব অর্থনীতি

উদ্ভাৱক–ৰূপান্তৰ আয়োগৰ প্রতিবেদনক অবাস্তৱ আখ্যা বিত্তমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ  ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনৰ ফলত ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ দৰিদ্র হৈ পৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (চিটা)ৰ প্রতিবেদনত প্রকাশ পোৱা তথ্যক মঙলবাৰে অবাস্তৱ বুলি অভিহিত কৰিলে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধানসভাত  মন্ত্রীগৰাকীয়ে কয়– ‘চিটা’ৰ প্রতিবেদনত যি সম্ভাব্য পৰিস্থিতিৰ কথা উল্লেখ কৰিছে, সেয়া যোৱা এপ্রিল মাহৰ লকডাউনৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰিহে উল্লেখ কৰা হৈছে৷ সেয়েহে ‘চিটা’ৰ প্রতিবেদনখন কিমান বাস্তৱ হ’ব, সেয়া পৰৱর্তী সময়তহে স্পষ্ট হ’ব৷ কিয়নো প্রতিবেদনখন প্রস্তুত কৰাৰ সময়ত ধাৰণা আছিল যে লকডাউনৰ সময় বহু দীঘলীয়া হ’ব৷ যোৱা এপ্রিল মাহত লকডাউনৰ বাবে ৰাজ্যিক ৰাজহ ৯০ শতাংশ আদায় হোৱা নাছিল৷ মাত্র ডেৰশ কোটি টকাহে আদায় হৈছিল৷ কিন্তু পৰৱর্তী সময়ত আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছত মে’, জুন, জুলাই মাহত চৰকাৰে জিএছটি সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এই সময়ছোৱাত চৰকাৰৰ লক্ষ্য আছিল ৯৬০ কোটি টকা সংগ্রহ কৰা৷ কিন্তু লকডাউনৰ পাছতো ৬০০ কোটি টকাৰ জিএছটি সংগ্রহ কৰিবলৈ সক্ষম হৈছে চৰকাৰ৷ আনলকৰ পাছত ৰাজ্যৰ অর্থনৈতিক পৰিস্থিতিৰ যথেষ্ট সলনি হৈছে৷ বর্তমানৰ পৰিস্থিতি চলি থাকিলে অহা বছৰৰ মার্চ মাহলৈ অর্থনীতি পূর্বৰ অৱস্থালৈ আহিব৷ মঙলবাৰে বিধানসভাত অসম বিনিয়োজন বিধেয়ক উত্থাপনৰ সময়তে বিৰোধীয়ে ‘চিটা’ৰ প্রতিবেদন সন্দর্ভত মন্ত্রীগৰাকীৰ দৃষ্টি আকর্ষণ কৰিছিল৷ বিৰোধীয়ে উত্থাপন কৰা বিষয়টো সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– লকডাউনৰ ফলত ৰাজ্যৰ অর্থনীতি অধিক শোচনীয় হৈ পৰিব বুলি যি ধাৰণা কৰা হৈছিল, চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে অর্থনৈতিক পৰিস্থিতি আশংকা কৰাৰ দৰেভাগি নপৰিল৷ যিধৰণে ক’ভিড মেনেজমেণ্টৰ জৰিয়তে আমি ক’ৰোনাক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছোঁ, অর্থনীতি মেনেজমেণ্টৰ বাবেও পৰিৱেশ অধিক অৱনমিত নহ’ল৷ আন ৰাজ্যৰ দৰমহা কর্তন হ’ল যদিও অর্থনীতি মেনেজমেণ্টৰ বাবে ৰাজ্য চৰকাৰে কর্তন নকৰাকৈ প্রতি মাহতে দৰমহা দিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ‘চিটা’ৰ প্রতিবেদনত ক’ৰোনা মহামাৰী সংক্রমণ প্রতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ প্রভাৱ সন্দর্ভত বিভিন্ন দিশ উল্লেখ কৰা হৈছে, য’ত ৰাজ্যৰ নিবনুৱাৰ সংখ্যা ৮ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধিৰ কথাও উল্লেখ কৰা হৈছে৷ সোমবাৰে বিধানসভাত বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্রী ড০ শর্মাই এই প্রতিবেদনখন দাখিল কৰিছিল৷ ইফালে, লকডাউনৰ ফলত আর্থিকভাৱে ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰণ দিবলৈ অচিৰেই ৰাজ্য চৰকাৰে এলানি আঁচনি গ্রহণ কৰিব বুলিও মঙলবাৰে বিধানসভাত মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ অহা নৱেম্বৰ–ডিচেম্বৰ মাহত ক্ষতিগ্রস্তসকলক সহায়ৰ বাবে ৰাজ্য চৰকাৰে কিছু পুঁজি জমা কৰি ৰাখিছে বুলিও তেওঁ সদনক জানিবলৈ দিয়ে৷ ইফালে, কেগৰ প্রতিবেদনত ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ আলোচনা কৰাৰ লগতে বিভিন্ন বিভাগে পুঁজিৰ ব্যৱহাৰিক প্রমাণ–পত্র দিব পৰা নাই বুলি উল্লেখ কৰা বিষয় সন্দর্ভতো বিত্তমন্ত্রী ড০ শর্মাই বিৰোধীক উদ্দেশ্যি কয়– কেগৰ প্রতিবেদনখন ভালকৈ পর্যালোচনা কৰিলে দেখিব কেগে ৰাজ্য চৰকাৰখনক ভূয়সী প্রশংসা কৰিছে৷ আগৰ বছৰৰ তুলনাত বিত্তীয় শৃংখলা অনাত চৰকাৰ সফল হোৱাৰ কথা উল্লেখ কৰিছে৷ আনহাতে, পুঁজিৰ ব্যৱহাৰিক প্রমাণ–পত্র নিদিয়াৰ যি কথা উল্লেখ কৰিছে, সেয়া ২০২১ চনৰ মার্চ মাহত এই প্রমাণ–পত্র প্রদান কৰা হ’ব৷ বিত্ত বিভাগে পূর্বৰ বিত্তীয় বর্ষসমূহৰ তুলনাত পুঁজি ব্যৱহাৰিক প্রমাণ–পত্র দাখিলৰ সংখ্যা যথেষ্ট কমাই আনিছে৷ ২০১৬–১৭ বর্ষত ১২খন, ২০১৭–১৮ বর্ষত ৮খন ব্যৱহাৰিক প্রমাণ–পত্র দিবলৈ বাকী আছে৷ সেয়া চলিত বিত্তীয় বর্ষৰ শেষৰভাগত দাখিল কৰি পুঁজিৰ ব্যৱহাৰিক প্রমাণ–পত্র দাখিলৰ সংখ্যা শূন্য কৰাৰ লক্ষ্য লৈছে বিত্ত বিভাগে৷ উল্লেখ্য যে আজি বিধানসভাত বিনিয়োজন বিধেয়কখন সর্বসন্মতভাৱে পাৰিত হয়৷
ছেপ্টেম্বৰ মাহত মোকলাই দিয়া হ’ব বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজি
ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে বন্ধ হৈ থকা সমষ্টি উন্নয়ন পুঁজি ছেপ্ঢেম্বৰ মাহতে মোকলাই দিয়া হ’ব বুলি মঙলবাৰে ঘোষণা কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিধানসভাত  বিৰোধীৰ এক প্রশ্ণৰ উত্তৰৰ প্রসংগত এই কথা উল্লেখ কৰি মন্ত্রীগৰাকীয়ে স্পষ্টকৈ কয় যে ক’ভিডৰ লগত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ কোনো সম্পর্ক নাই৷ সকলো বিধায়কক অনাদায় হৈ থকা ৫০ শতাংশ পুঁজি মোকলাই দিবলৈ অচিৰেই জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে আবণ্টন হোৱা পুঁজিৰ বাবদ দিবলগীয়া ব্যৱহাৰিক প্রমাণ–পত্রৰো প্রয়োজন নহ’ব৷ ইয়াৰ বাবে ছেপ্ঢেম্বৰ মাহতে একোটা শিবিৰ আয়োজন কৰি একেলগে কেইবাটাও সমষ্টিৰ বাবে পুঁজি মোকলাই দিয়াৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ অহা ১৫ অক্টোবৰৰ ভিতৰতে সকলো বিধায়কে সমষ্টি উন্নয়ন পুঁজিৰ ধন লাভ কৰিব৷

You might also like