নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ চলিত বিত্তীয় বর্ষৰ বাজেটত ৰাজ্য চৰকাৰে গ্রহণ কৰা আঁচনিসমূহৰ ভিতৰত এখন সর্ববৃহৎ জনকল্যাণ আঁচনি হৈছে অৰুণোদয়৷ বছৰি ২ লাখ টকাতকৈ কম উপার্জনকাৰী ৰাজ্যখনৰ ১৯.১ লাখ পৰিয়ালক প্রতিমাহে ৮৩০ টকাকৈ প্রদান কৰাৰ বাবে চৰকাৰে এই আঁচনিখন গ্রহণ কৰিছে৷ অহা দুই অক্টোবৰৰ পৰা কার্যকৰী হ’বলগীয়া এই আঁচনিৰ হিতাধিকাৰীসকলে অহা দুই নৱেম্বৰত প্রথম কিস্তিৰ ৮৩০ টকা বেংক একাউণ্টযোগে লাভ কৰিব৷ মঙলবাৰে সদনত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰি কয় যে এই আঁচনিত প্রথম অধিকাৰ লাভ কৰিব বিধৱা মহিলাসকলে৷ যিসকল বিধৱা মহিলাই বিধৱা পেন্সন লাভ কৰি আহিছে, তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব৷ দ্বিতীয়তে, অবিবাহিত ছোৱালীও এই আঁচনিত অন্তর্ভুক্ত হ’ব৷ সেইদৰে পৰিয়ালত এজন দিব্যাংগ লোক থকা পৰিয়ালসমূহো এই আঁচনিৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট হ’ব৷ স্বামীগৃহৰ পৰা বিতাড়িত হ’বলগীয়া হোৱা দুর্ভগীয়া মহিলাসকলেও এই আঁচনিত অগ্রাধিকাৰ লাভ কৰিব৷ তদুপৰি যিসকল গৰিব লোকে আজিপর্যন্ত বিনামূলীয়া চাউলৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰা নাই, তেওঁলোকো এই আঁচনিৰ অন্তর্ভুক্ত হ’ব৷ কুশল কোঁৱৰ, ইন্দিৰা মিৰি পেন্সন লাভ কৰাসকলে এই আঁচনিৰ হিতাধিকাৰী হ’ব পাৰিব যদিও চৰকাৰী দৰমহা, পেন্সন লাভ কৰাসকলে এই আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰিব৷ তদুপৰি যিসমূহ পৰিয়ালৰ ১৫ বিঘা মাটি আছে, চাৰিচকীয়া বাহন আছে, ফ্রীজ আছে, বছৰি উপার্জন ২ লাখ টকাৰ অধিক, নিজা ট্রেক্টৰ আছে তেওঁলোক এই আঁচনিৰ হিতাধিকাৰী হ’ব নোৱাৰিব৷ এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ মৌজাদাৰ–গাঁওবুঢ়াৰ কোনো প্রমাণ–পত্র নালাগে৷ অৰুণোদয় সহায়কে ঘৰে ঘৰে গৈ হিতাধিকাৰী বিচাৰি উলিয়াব৷ অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত হিতাধিকাৰী নির্বাচন শেষ কৰি ১৫ ছেপ্ঢেম্বৰৰ পৰা ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত অৰুণোদয় সহায়কে ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ অৱস্থিতি নিৰূপণ কৰিব৷ তদুপৰি প্র–পত্র পূৰণৰ ক্ষেত্রত হিতাধিকাৰীয়ে সত্য তথ্য দাখিলৰ শপতনামা দাখিল কৰিব৷ তাত কোনো বিসংগতি ধৰা পৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী প্রক্রিয়াৰে ব্যৱস্থা লোৱা হ’ব৷ অহা দুই অক্টোবৰত শুভাৰম্ভ হ’বলগীয়া এই আঁচনিৰ হিতাধিকাৰীসকলে প্রথমটো কিস্তি ৮৩০ টকা অহা দুই নৱেম্বৰত বেংক একাউণ্টযোগে লাভ কৰিব৷ এইক্ষেত্রত পৰিয়ালটোৱে মনোনীত কৰা ঘৰখনৰ মহিলা সদস্যৰ বেংক একাউণ্টতহে সেই পুঁজি প্রদান কৰা হ’ব৷ মহিলাগৰাকী যদি ১৮ বছৰৰ তলৰ হয়, তেতিয়াহ’লে মহিলাগৰাকীৰ বয়স ১৮ বছৰ নোহোৱালৈকে পৰিয়ালৰ মূল পুৰুষ সদস্যজন যোগ্য বুলি বিবেচিত হ’ব৷ সদনত মন্ত্রী ড০ শর্মাই আৰু কয় যে বানপানী, পূজা, বিহু আৰু ছাত্র–ছাত্রীৰ নামভর্তিৰ সময়ত প্রতি হিতাধিকাৰীক এহাজাৰ টকাকৈ অতিৰিক্তভাৱে প্রদান কৰা হ’ব৷ যিসমূহ বিধানসভা সমষ্টিত ১.৫ লাখতকৈ কম ভোটাৰ আছে, সেইবোৰ সমষ্টিত ১৫ হাজাৰ হিতাধিকাৰী বাছনি কৰা হ’ব৷ ডেৰ লাখৰ পৰা দুই লাখ ভোটাৰ থকা সমষ্টিত ১৬ হাজাৰ, দুই লাখৰ পৰা আঢ়ৈ লাখ ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ, আঢ়ৈ লাখৰ পৰা ৩ লাখ ভোটাৰ থকা সমষ্টিত ১৮ হাজাৰ হিতাধিকাৰী বাছনি কৰা হ’ব৷