‘যুদ্ধলৈ সাজু হওক’ স্থল–বায়ু–নৌ সেনাক হাই এলার্ট দিল্লীৰ
হঠাৎ দ্রুত অৱনতি সীমান্তৰ পৰিস্থিতি লাডাখ–ৰুণাচল সীমান্তত তীব্র উত্তেজনা
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ লাডাখৰ এল এ চিৰ সমীপৱর্তী পাংগং ছ’ত চীনা সৈন্যই ভাৰতীয় ভূমি দখলৰ অপচেষ্টা ভাৰতীয় সেনাই বীৰত্বৰে প্রতিহত কৰাৰ পাছতেই সীমান্তত উত্তেজনা বৃদ্ধি পাইছে৷ চীন–ভাৰতৰ সম্পর্কৰ অৱনতি ঘটা লাডাখৰ সীমান্তত ভাৰতীয় সেনাবাহিনী সষ্টম হোৱাৰ সমান্তৰালকৈ লাডাখৰ পৰা পূব প্রান্তলৈকে সেনাৰ চাল–চলন বৃদ্ধি কৰিছে৷ লাডাখৰ সমীপৱর্তী সেনা ঘাটিত টেংক, যুদ্ধবিমান, অস্ত্র–শস্ত্রৰে সমৰসজ্জা গঢ়ি তুলিছে৷ ইপিনে, চীনৰ পি এল এৰ লাডাখৰ পাছত পূব সীমান্তসমূহলৈ দৃষ্টি দিয়াৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি অৰুণাচল প্রদেশৰ সীমান্তলৈ বিশাল সেনাবাহিনী প্রেৰণ কৰিছে নতুন দিল্লীয়ে৷ অৰুণাচল প্রদেশৰ আনজ জিলাৰ পূব প্রান্তলৈ সেনাৰ কেইবাটাও বাহিনী প্রেৰণ কৰা হৈছে বুলি শীর্ষ সূত্রত প্রকাশ৷ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈ চীনা সীমান্তত কর্তব্যৰত স্থল–বায়ু–নৌসেনাক হাই এলার্ট কৰি যুদ্ধলৈ সাজু হোৱাৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ তদুপৰি সীমান্তৰ পহৰাৰ দায়িত্বত থকা আই টি বি পি আৰু এছ এছ বিকো সজাগ হৈ থাকিবলৈ নির্দেশ দিছে মন্ত্রালয়ে৷ উল্লেখ্য যে যোৱা ৩১ আগষ্টত চীনৰ সেনাই পাংগং ছ’ৰ দুটা স্থানত অৱস্থান লৈ থকা ৫ শতাধিক জোৱানে ৰছী আৰু ট্রেকিং হার্থিয়াৰেৰে সজ্জিত হৈ ভাৰতীয় ভূমি দখলৰ অপচেষ্টা চলায়৷ এই চীনৰ সেনাক ভাৰতীয় সেনাই প্রতিহত কৰাৰ পাছতেই দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ নতুন দিল্লীয়ে লাডাখৰ এল এ চিত পুনৰ বেইজিঙে আগ্রাসন চলোৱাৰ অভিযোগ উত্থাপন কৰিলেও বেইজিঙে কোনো কাৰণতেই আন দেশৰ ভূমি এক ইঞ্চিও দখল কৰাৰ অভিসন্ধি নাই বুলি দাবী কৰে৷ লাডাখৰ এল এ চিৰ উত্তেজনা শাম কটাই সীমান্তত শান্তি আৰু সুস্থিৰতা বাহাল ৰখাৰ বাবে দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক এখন কালি অনুষ্ঠিত হৈ যায় যদিও বৈঠকত কোনো মীমাংসা নোলাল৷ ইপিনে, কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ নেতৃত্বত কালি প্রতিৰক্ষা বৈঠক এখন অনুষ্ঠিত হৈ যায়৷ এই বৈঠকৰ পাছতেই প্রতিৰক্ষা মন্ত্রালয় আৰু গৃহ মন্ত্রালয়ে আলোচনা কৰি লাডাখৰ এল এ চিত পৰিস্থিতি অৱনতি ঘটাৰ পৰিপ্রেক্ষিতত চীন–ভাৰতৰ সীমান্তত থকা সকলো সেনাক হাই এলার্ট জাৰি কৰা হৈছে৷ শীর্ষ বিষয়াৰ তথ্য মতে উত্তৰাখণ্ড, অৰুণাচল প্রদেশ, হিমাচল প্রদেশ, লাডাখ আৰু ছিকিম সীমান্তত থকা আই টি বি পিক হাই এলার্ট কৰা হৈছে৷ তেনেদৰে ভাৰত–নেপাল–চীনৰ ত্রিসংগমস্থলী আৰু উত্তৰাখণ্ডৰ কালাপানীত এছ এছ বি আৰু আই টি বি পিৰ পহৰা বৃদ্ধি কৰা হৈছে৷ তথ্য মতে ভাৰত–নেপাল সীমান্তলৈ এছ এছ বিৰ কেইবাটাও কোম্পানী প্রেৰণ কৰা হৈছে৷ গৃহ মন্ত্রালয়, সীমান্ত ব্যৱস্থাপনা সচিব আৰু আই টি বি পি–এছ এছ বিৰ শীর্ষ বিষয়াৰ বৈঠকৰ পাছতে কোম্পানীকেইটা প্রেৰণৰ সিদ্ধান্ত লোৱা হৈছে৷