নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় টি–২০ত ৫ ৰানত জয় পাকিস্তানৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে পাকিস্তানে৷ মানচেষ্টাৰত অনুষ্ঠিত মেচখনত পাক দলটোৱে পাঁচ ৰানত জয়লাভ কৰে আৰু শৃংখলাটো ১–১ত অমীমাংসিত হয়৷

মন কৰিবলগীয়া যে শৃংখলাটোৰ প্রথমখন মেচ পৰিত্যক্ত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত ইংলেণ্ডে বিজয় সাব্যস্ত কৰিছিল৷ যোৱানিশাৰ মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মঈন আলীৰ ৬১ আৰু বেণ্টনৰ ৪৬ ৰানৰ সহায়ত ইংলেণ্ডে নির্ধাৰিত ২০ অভাৰত আঠ উইকেটত ১৮৫ ৰান কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মহম্মদ হাফিজৰ অপৰাজিত ৮৬ আৰু হাইদৰ আলীৰ ৫৪ ৰানৰ সহায়ত পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটত ১৯০ ৰান কৰিছিল৷ হাফিজৰ ৫২টা বলৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৬টা ছয়৷

ইফালে, অভিষেক টি–২০ মেচখনত অর্ধশতক অর্জন কৰি পাকিস্তানৰ প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয় হাইদৰ৷ মেচখনত আৰু শৃংখলাটোত শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয় মহম্মদ হাফিজ৷

You might also like