একাঁঠু বোকা–পানী গচকি বেমাৰৰ বীজাণু কঢ়িয়াইছে ৰাইজে
ৰাজধানীৰ গাতে লাগি থকা বিষ্ণুজ্যোতি পথৰ দুৰৱস্থাঃ বিধায়ক অতুল বৰাৰ নির্লিপ্ততাক ধিক্কাৰ স্থানীয় বাসিন্দাৰ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ৰাজধানী দিছপুৰৰ কাষৰে এটা পথে স্থানীয় বাসিন্দাক জলা–কলা খুৱাইছে৷ বিধায়ক অতুল বৰাৰ চূড়ান্ত দায়িত্বহীনতা আৰু অকর্মণ্যতাৰ বাবে হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ গোলক ৰায়মেধি উপ–পথৰ বাসিন্দাসকলে দীর্ঘদিন ধৰি নৰক–যন্ত্রণা ভোগ কৰি আহিছে৷ কেৱল বাৰিষাতে নহয়, বছৰৰ ৩৬৫ দিনেই পয়ালগা পথটোৰে যাতায়াত কৰি বহু লোক দুর্ঘটনাত পতিত হৈছে৷ আনকি পথছোৱাৰে যাতায়াত কৰি পথচাৰীয়ে অচিন বেমাৰৰ বীজাণু কঢ়িয়াবলগীয়া হৈছে৷ এজাক বৰষুণতে পথছোৱাত একাঁঠু বোকা–পানী আৰু জাৱৰ–জোঁথৰ উপচি পৰে৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা পথটোৰ উন্নয়নৰ বাবে আজিলৈ ব্যৱস্থা গ্রহণ নকৰিলে স’ততে দম্ভালি মৰা বিধায়ক বৰাই৷ ৰাইজৰ আবেদন–নিবেদনো তেওঁৰ ওচৰত গুৰুত্বহীন৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, বিগত বিধানসভাৰ নির্বাচনত জয়ী হোৱাৰ পিছত বিধায়ক বৰাৰ ছাঁটোকেই দেখা নাই ৰাইজে৷ বিধায়কজনৰ এনে দায়িত্বহীনতা আৰু নির্লিপ্ততাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় যুৱ সমাজকর্মী দীপাংকৰ ৰায়মেধিয়ে (অংকুৰ)৷ তেওঁ কয়, ‘সভ্য সমাজৰ কলংকস্বৰূপ বিধায়ক অতুল বৰাৰ মাহী আইৰ দৃষ্টিৰ বাবেই গোলক ৰায়মেধি উপপথৰ বাসিন্দাসকলে বোকা–পানী গচকি বেমাৰৰ বীজাণু বহন কৰিবলগীয়া হৈছে৷ নির্বাচন আহিলেই ঘঁৰিয়ালৰ চকুপানী টোকা এইসকল নেতাৰ স্বৰূপ ৰাইজে বুজি পাইছে৷ ৰাইজে পুনৰ ভুল নকৰে বুলি মই ভাবো৷’ উল্লেখ্য যে গোলক ৰায়মেধি উপ–পথৰ বাসিন্দাসকলে গুৱাহাটী পৌৰ নিগমৰ দৃষ্টি আকর্ষণ কৰিছিল যদিও কোনো কাণসাৰ দিয়া নাই৷ দীপাংকৰ ৰায়মেধিয়ে জনোৱা মতে, অতি শীঘ্রে পথটোৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে ৰাইজে পথ অৱৰোধ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিছে৷