অৰুণাচলৰ মেওত এন এছ চি এন(কে)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও থানাৰ অন্তৰ্গত এমপেন গাঁৱত নগা উগ্ৰপন্থী সংগঠন এন এছ ছি এন(কে)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক আজি আটক কৰাৰ বাতৰি পোৱা গৈছে। ৩ আগষ্টৰ বিয়লি প্ৰায় ৪ বজাত ১৭১নং বেটেলিয়নৰ চি আৰ পি এফ, ১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে অভিযান চলাই এমপেন গাঁৱৰ পৰা ৱাংমন খিমন (২৭)নামৰ এজন এন এছ ছি এন(কে)ৰ দুধৰ্ষ সদস্যজনক আটক কৰি আজি অৰুণাচল প্ৰদেশৰ মেও আৰক্ষীক গতাই দিয়ে।
আটকাধীন কেডাৰজনৰ পৰা চীনত নিৰ্মিত এটা অট’এচাল্ট ৰাইফল, এটা মেগজিন, ২৯ জাঁই সক্ৰিয় গুলী, এটা বেগ, এখন এছ বি আইৰ এ টি এম কাৰ্ড, এখনকৈ পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জব্দ কৰিছে। ইতিমধ্যে ধৃত কেডাৰজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৮৪/৩৪ আইপিচি, আৰ ডব্লিউ চেকছন ২৫(১-এ)/২৭ আৰ্মছ এক্ট, ইউ পি এ এক্ট ১০/১৩ ৰ অধীনত মেও থানাত ১৩/২০২০ নম্বৰৰ এক গোছৰ ৰুজু কৰি সেনা আৰু অৰুণাচল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।