নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসম চৰকাৰে বিধানসভাত ‘কমতাপুৰ অটোনমাছ কাউন্সিল বিল-২০২০’ গৃহীত কৰাত সদৌ বিটিচি কোচ ৰাজংশী সন্মিলনীয়ে আনন্দ প্ৰকাশ কৰিছে। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ সমীপৱৰ্তী কদমতলা বজাৰস্থিত সন্মিলনীৰ জিলা কাৰ্যালয় চৌহদত বিয়লি অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে সন্মিলনীৰ বিষয়ববীয়াসকলে মনৰ আনন্দ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নিৰেন চন্দ্ৰ ৰায়ে সংবাদ মেল সম্বোধন কৰি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে দীৰ্ঘ সময় ধৰি অব্যাহত ৰখা পৃথক কমতাপুৰ ৰাজ্য গঠন তথা কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ আন্দোলনক কালি অসম চৰকাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিলে। পৃথক কমতাপুৰ ৰাজ্যৰ পোনপটীয়া স্বীকৃতি প্ৰদান নকৰাকৈ ‘কমতাপুৰ অটোনমাছ কাউন্সিল বিল-২০২০’ গৃহীত কৰি আওপকীয়াকৈ হ’লেও কমতাপুৰৰ দাবীকে স্বীকৃতি প্ৰদান কৰে, যাৰ বাবে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো জাতীয় সংগঠন উৎফুল্লিত।

এই চেগতে আমি সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মক আন্তৰিক কৃতজ্ঞতা আৰু  ধন্যবাদ জ্ঞাপন কৰে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰো এই ক্ষেত্ৰত যথেষ্ট অৱদান আছে বাবে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

উপদেষ্টা ৰায়ে লগতে আশা প্ৰকাশ কৰিছে যে অসম চৰকাৰৰ অন্যতম সুদক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মক আহ্বায়ক হিচাপে লৈ ৰাজ্য চৰকাৰৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা পাঁচ জনীয়া সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত অতি শীঘ্ৰে ৰাজ্যৰ প্ৰায় সত্তৰ লাখ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে জনজাতিৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হ’ব।

ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত তদানীন্তন বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীৰ শাসন কালত ২০১৬ বৰ্ষৰ ৮ জুলাই তাৰিখে বিটিচিৰ সচিবে NO.BTC/IBA-103/2004/60 যোগে অসমৰ আদিবাসী আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে জনজাতীয় মন্ত্ৰালয়ক পত্ৰ প্ৰেৰণ কৰা বিষয়টো আজিৰ সংবাদ মেলত উত্থাপন কৰে, যাৰ বাবে সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীয়ে আগন্তুক বিটিচিৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলক সমৰ্থন কৰিব বুলিও সংবাদ মেলখনত প্ৰকাশ কৰে।

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি আৰু ব্যক্তিগত অসুবিধাৰ বাবে কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপস্থিত থকা সংবাদ মেলখনত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গণেশ ৰায়,সহকাৰী সম্পাদক বলোৰাম ৰায়ৰ উপৰি চিৰাং জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াসকলে সংবাদ মেলখনত মুখ্য উপদেষ্টা নিৰেন চন্দ্ৰ ৰায়ক সহযোগ কৰে।

You might also like