নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি লুকাছেনক’ৰ পদত্যাগ দাবী

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ বেলাৰুছত ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাছেনক’ৰ পদত্যাগৰ দাবীত পুনৰ বৃহৎ বিক্ষোভ কার্যসূচী গ্রহণ কৰিছে দেশখনৰ বিৰোধী দলসমূহে৷ প্রতিবাদী কার্যসূচী সংগঠিত কৰাৰ অভিযোগত নিৰাপত্তা বাহিনীয়ে ৰাজধানী মিনস্কত কেইবাডজনো লোকক গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ হোৱা লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে শিক্ষার্থী৷

স্মর্তব্য যে একেৰাহে ষষ্ঠ কার্যকালৰ বাবে ৰাষ্ট্রপতি লুকাছেনক’ বিজয়ী হোৱা বুলি নির্বাচনী কার্যালয়ে ঘোষণা কৰাৰ লগে লগে বিক্ষোভত উত্তপ্ত হৈছে দেশখন৷ বিৰোধী দলসমূহে নির্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰিছে৷ ইফালে, বিৰোধী নেত্রী অ’লগা ক’ভালকোভাক চৰকাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ ভাবুকি প্রদান কৰাৰ পিছতে নেত্রীগৰাকীয়ে পোলেণ্ডত গৈ আশ্রয় গ্রহণ কৰিছে৷

You might also like