নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্রান্ত যুৱতীক ধর্ষণ কৰি গ্রেপ্তাৰ হ’ল এম্বুলেন্স চালক

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কেৰালাৰ পথনমথিটা জিলাৰ আৰানমুলাত এগৰাকী ১৯ বছৰীয়া ক’ভিড আক্রান্ত যুৱতীক ধর্ষণ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে এম্বুলেঞ্চৰ চালক এজনক৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র জিলাখনত সৃষ্টি হৈছে চাঞ্চল্য৷

ইতিমধ্যে গ্রেপ্তাৰ হোৱা এম্বুলেঞ্চ চালকজনক ২৫ বছৰীয়া নুফল বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ স্মর্তব্য যে পানথালমত আত্মীয়ৰ ঘৰত কোৱাৰেণ্টাইনত থকাৰ পিছতে ক’ভিড চেণ্টাৰলৈ লৈ অহা হৈছিল যুৱতীগৰাকীক৷ কিন্তু ক’ভিড চেণ্টাৰলৈ অনাৰ পৰিৱর্তে এক জনশূন্য অঞ্চললৈ নি এম্বুলেঞ্চ চালকজনে যুৱতীগৰাকীৰ ওপৰত যৌন আতিশয্য চলায়৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি মাজনিশাহে ক’ভিড চেণ্টাৰত যুৱতীগৰাকীক গৈ এম্বুলেঞ্চৰ পৰা নমাই দিয়ে চালক নুফলে৷ নিশাৰ ভাগতে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত নুফলক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

You might also like