নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বজাৰত চমক সৃষ্টি কৰিবলৈ আহি আছে দুৰ্দান্ত স্মাৰ্ট ফোন…

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ   আপুনি স্মাৰ্ট ফোন কিনিম বুলি ভাবিছে নেকি। তাৰ বাবে কিছুদিন অপেক্ষা কৰক। ভাৰতৰ বজাৰত ছেপ্টেম্বৰ মাহত কেইবাটাও দুৰ্দান্ত স্মাৰ্ট ফোন মুকলি হ’ব। জানিব পৰা মতে ছেপ্টেম্বৰ মাহত কমেও ৫টা স্মাৰ্ট ফোন মুকলি কৰিব বিভিন্ন কোম্পানীয়ে। ছেপ্টেম্বৰ মাহত বজাৰত লাভ কৰা ফোন সমূহ হৈছে

REALME 7

ৰিয়েলমি ৭ চিৰিজ ৰিয়েলমি ৭ চিৰিজৰ দুটা ফোন Realme 7 আৰু Realme 7 Pro অচিৰেই বজাৰত মুকলি কৰা হ’ব। যোৱা ৩ ছেপ্টেম্বৰত ফোন দুটা মুকলি কৰা হৈছে। ফোন দুটাৰ বিশেষ একো জানিব পৰা নাই যদিও 65 ৱাটৰ ফাষ্ট চাৰ্জিং সৈতে উপলব্ধ হ’ব। লগতে ৬ জিবি আৰু ১২৮ জিবি আৰু ৮ জিবি আৰু ১২৮ জিবি সৈতে উপলব্ধ হ’ব। আনহাতে কেমেৰাৰ ক্ষেত্ৰত ৬৪ মেগাপক্সেল সংযুক্ত কৰা হৈছে।

OPPO F17

ৰিলেয়মিৰ পিছতে OPPOই বজাৰত মুকলি কৰিব Oppo F17 আৰু OPPO F17 Pro বজাৰত উপলব্ধ হ’ব। দুয়োটা ফোনটে চাৰিটা কেমেৰা সংযুক্ত কৰা হৈছে। Oppo F17 Pro ত ৩০ ৱাটৰ VOOC4.0 চাৰ্জিংৰ সৈতে উপলব্ধ হ’ব। দুয়োটাৰ ফোনৰ দাম প্ৰায় ২৫ হাজাৰ টকাৰ ভিতৰত হ’ব।

SAMSUNG GALAXY M51

ছেমচাংৰ GALAXY M51ৰ ৭০০০ এমএইচ বেটাৰীৰ লগতে ৮ জিবি ৰেম সহ মুকলি হ’ব স্মাৰ্ট ফোনটো। GALAXY M51টো ৪ টা কেমেৰা সংযুক্ত হৈ থাকিব। ভাৰতত এই ফোনটো ছেপ্টেম্বৰত দ্বিতীয় সপ্তাহত মুকলি হোৱাৰ কথা।

POCO X3

Xiaomiৰ সহযোগী বেণ্ড Pocoই POCO X3 ভাৰতৰ বজাৰত মুকলি হ’ব। POCO X3ত ছেলফিৰ বাবে ২০ মেগাপিক্সেল কেমেৰা সংযুক্ত হৈ থাকিব। লগতে 5160 এমএইচ বেটাৰিৰ সৈতে ৩৩ ৱাট ফাষ্ট চাৰ্জিং উপলব্ধ হ’ব।

GOOGLE PIXEL 4A

GOOGLE PIXELপ 4A স্মাৰ্টফোনটোত ৫.৪১ ইঞ্চি ফুল এইচ ডি ডিচপ্লে, ৬ জিবি ৰেম থাকিব। ফোনটোত ১২ মেগাপিক্সেল ৰিয়েৰ কেমেৰাৰ লগতে ৮ মেগাপিক্সেল কেমেৰা সংযুক্ত হৈ থাকিব। ফোনটোৰ ৩১৪০ এমএইচ বেটাৰি লগতে ১৮ ৱাটৰ ফাষ্ট চাৰ্জিং পোৱা যাব।

You might also like