নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ কুখ্যাত মাফিয়া ডন ডাউদ ইব্রাহিমৰ নাম লৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক টেলিফোনযোগে ভাবুকি দিয়াৰ পিছত সোমবাৰে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু মহাৰাষ্ট্রৰ গৃহমন্ত্রী অনিল দেশমুখকো অনুৰূপ মৃত্যুৰ ভাবুকি দিছে৷
মুম্বাই আৰক্ষীয়ে প্রকাশ কৰা মতে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু গৃহমন্ত্রী অনিল দেশমুখৰ বাসগৃহলৈ বহিঃদেশৰ পৰা ডাউদ ইব্রাহিমৰ নাম লৈ মৃত্যুৰ ভাবুকি দিছে টেলিফোনযোগে৷ এই মৃত্যুৰ ভাবুকি সন্দর্ভত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷
তাৎপর্যপূর্ণ যে দেওবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক ডাউদ ইব্রাহিমৰ হৈ ডুবাইৰ পৰা অচিনাকি লোকে ফোনযোগে ভাবুকি দিছিল৷ নিশা ১০.৩০ বজাৰ পিছত দুয়োজনলৈ ফোনকল আহিছিল বুলি আৰক্ষী সূত্রত প্রকাশ৷