নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্প আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাটো বিচাৰে লাডেনৰ ভতিজীয়ে

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ কুখ্যাত সন্ত্রাসবাদী তথা আইছিছৰ মুৰব্বী প্রয়াত ওছামা বিন লাডেনৰ ভতিজী নুৰ বিন লাডিনে দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে ড’নাল্ড ট্রাম্প নির্বাচিত হোৱাটো বিচাৰে৷

লাডেনৰ ভতিজী নুৰ বিন লাডিনে ‘দ্য পোষ্ট’ নামৰ কাকত এখনৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে যদি আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে ডেমক্রেটিক প্রার্থী জ’ বিডেন নির্বাচিত হয়, তেতিয়াহ’লে ৯/১১ৰ লেখিয়া ভয়াৱহ আত্মঘাতী আক্রমণ সংঘটিত হ’ব দেশখনত৷ বর্তমানৰ ৰাষ্ট্রপতি ট্রাম্পেহে তেনে আক্রমণৰ পৰা দেশখনক সুৰক্ষিত কৰি ৰাখিব পাৰিব৷

উল্লেখ্য যে যেতিয়া বাৰাক অ’বামা আৰু বিডেন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল, তেতিয়াই আইছিছক প্রসাৰণৰ অনুমতি দিছিল৷ ইউৰোপত প্রৱেশৰ সুবিধা দিছিল৷ ট্রাম্পে সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ পৰিণতিত সন্ত্রাসবাদীয়ে আক্রমণ কৰিবলৈ সুযোগ পোৱা নাই৷

You might also like