নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ প্রাক্তন প্রধানমন্ত্রী নৰসিংহ ৰাওক মৰণোত্তৰভাৱে দেশৰ সর্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্রদান কৰাৰ দাবী কৰিছে তেলেংগানা বিধান সভাই৷ কেন্দ্রীয় চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিবলৈ আজি ৰাজ্যখনৰ বিধানসভাই এটা প্রস্তাৱ গৃহীত কৰিছে৷ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাৱে এই প্রস্তাৱ উত্থাপন কৰাৰ সময়ত কেন্দ্রীয় চৰকাৰক সংসদত প্রয়াত নেতাগৰাকীৰ প্রতিমূর্তি আৰু প্রতিকৃতি ৰখাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে৷
অকল সেয়াই নহয়, প্রস্তাৱটোত হায়দৰাবাদস্থিত কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ নাম ‘পি ভি নৰসিংহ ৰাও কেন্দ্রীয় বিশ্ববিদ্যালয়’লৈ সলনি কৰাৰো আহ্বান জনোৱা হৈছে৷ স্মর্তব্য যে তেলেংগানাৰ সন্তান নৰসিংহ ৰাও আছিল দক্ষিণ ভাৰতৰ প্রথমগৰাকী প্রধানমন্ত্রী৷ প্রস্তাৱটোত ৰাও নতুন অর্থনৈতিক সংস্কাৰৰ স্থপতিবিদ, অসাধাৰণ কূটনীতিক, বহুভাষী তথা বিশিষ্ট দার্শনিক আছিল বুলিও ঘোষণা কৰা হৈছে৷ ৰাওৰ দক্ষতাৰ বাবেই দেশে প্রগতিৰ নতুন পথ লাভ কৰিবলৈ সক্ষম হৈছিল বুলিও মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ গতিকে এনে এগৰাকী দক্ষ নেতাক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্রদান কৰিব লাগে বুলি দাবী কৰিছে তেলেংগানা চৰকাৰে৷
অৱশ্যে এইক্ষেত্রত এআইএমআইএমে কোনোধৰণৰ ইতিবাচক মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই৷ বিশ্বজুৰি এগৰাকী বিশিষ্ট বুদ্ধিজীৱী হিচাপে নৰসিংহ ৰাওক আখ্যা দিয়া হয় বুলিও উল্লেখ কৰিছে কে চন্দ্রশেখৰ ৰাৱে৷ স্মর্তব্য যে এসময়ত অভিশপ্ত অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রীৰ দায়িত্ব পালন কৰা নৰসিং ৰাৱে ভূমিসংস্কাৰৰ কামো সম্পন্ন কৰিছিল৷