ভূমধ্য সাগৰক কেন্দ্র কৰি গ্রীচ–তুৰস্কৰ মতানৈক্য
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ পূব ভূমধ্য সাগৰৰ তেল আৰু গেছ উদ্ঘাটনৰ বাবে নাটোৰ সহযোগী ৰাষ্ট্র তুৰস্কই একপক্ষীয়ভাৱে প্রচেষ্টা চলোৱাৰ লগে লগে ইউৰোপীয় শিবিৰত পুনৰ ভাঙোন সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷
শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰী তথা ভয়াৱহ বিত্তীয় সংকটে গ্রীচৰ অভ্যন্তৰত অস্থিৰতাৰ সৃষ্টি কৰা সত্ত্বেও তুৰস্কৰ এই কার্যক প্রত্যাহ্বান জনাবলৈ দেশখনে প্রতিৰক্ষা খণ্ডত বৃহৎ অংকৰ ধনৰাশি খৰচ কৰাৰ সিদ্ধান্ত লৈছে৷ কেইবাশ কোটি ইউৰো গ্রীচে প্রতিৰক্ষা ক্ষেত্রত বিনিয়োগ কৰিব বুলি কালি চৰকাৰী মুখপাত্র এগৰাকীয়ে ঘোষণা কৰাৰ লগে লগে ভূমধ্য সাগৰীয় অঞ্চলত আগন্তুক দিনত সামৰিক কুচকাৱাজ তীব্রতৰ হোৱাৰ আশংকাই দেখা দিছে৷
স্মর্তব্য যে ২০১৮ চনৰ আন্তর্জাতিক বেইলআউটৰ পিছৰে পৰা গ্রীচৰ অর্থনীতিত চলি আছে সংকট৷ ইফালে, শেহতীয়াকৈ ক’ভিড–১৯ মহামাৰীয়ে দেশখনত সৃষ্টি কৰিছে নতুন দুর্যোগ৷ ইফালে, দেশখনৰ প্রধানমন্ত্রী কিৰিয়াক’ছ মিট্ছ’টাকিছে শেহতীয়াকৈ ফ্রান্স আৰু অন্যান্য ইউৰোপীয় ৰাষ্ট্রৰ সৈতে অত্যাধুনিক যুদ্ধবিমান ক্রয়ৰ বিষয় লৈ আলোচনাও আগবঢ়াইছে৷
প্রধানমন্ত্রীগৰাকীয় এই বিষয়টোক লৈ বৃহস্পতিবাৰে পুনৰ ফৰাচী ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নৰ সৈতে আলোচনা চলাব৷ লক্ষণীয়ভাৱে তুৰস্কৰ কোনোধৰণৰ একপক্ষীয় গেছ–তেল উদ্ঘাটনৰ কার্যক ভূমধ্য সাগৰত সহজভাৱে লোৱা নহ’ব বুলি হুংকাৰ দিছে গ্রীচে৷