নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

jio ক টক্কৰ দিবলৈ সস্তীয়া প্লেনেৰে ভাৰতৰ বজাৰত আত্মপ্ৰকাশ Vi ৰ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ভাৰতৰ টেলিকম বজাৰত এতিয়া যেন Jio-ৰ আধিপত্য! এটাৰ পাছত এটা চমকপ্ৰদ অফাৰেৰে দেশৰ বজাৰ দখলৰ চেষ্টা কৰিছে মুকেশ আম্বানিৰ এই সংস্থাটোৱে। কিন্তু Jio-ক টক্কৰ দি বহুকেইটা নতুন প্লেন লৈ ভাৰতৰ টেলিকম বজাৰত আত্মপ্রকাশ ঘটিল Vi! আচলতে Vodafone আৰু Idea-ই নতুন নাম, ল’গো আৰু প্লেন লৈ নতুনকৈ এবাৰ আত্মপ্রকাশ কৰিছে ভাৰতৰ বজাৰত।

Vodafone Idea-ৰ নতুন ব্রেণ্ড Vi-ৰ নতুন প্লেনসমূহৰ সম্পর্কে জানো আহক…

১) ২৪৯ টকাৰ প্লেনত গ্ৰাহকসকলে পাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। যাৰ বৈধতা ২৮ দিন।

২) ২৯৯ টকাৰ প্লেনত প্রতিদিনে পাব ২+২ জিবি ইন্টাৰনেট ডাটা। যাৰ বৈধতা ২৮ দিন।

৩) ৩৯৯ টকাৰ প্লেনত পাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ৫৬ দিন।

৪) ৫৯৯ টকাৰ প্লেনত পাব প্রতিদিন ১.৫ জিবি ইন্টাৰনেট ডাটা। যাৰ বৈধতা ৮৪ দিন।

৫) ১৪৯ টকাৰ প্লেনত মুঠ ২ জিবি ইন্টাৰনেট ডাটা + ৩০০টি SMS। যাৰ বৈধতা ২৮ দিন।

৬) ৩৭৯ টকাৰ প্লেনত গ্ৰাহকে পাব মুঠ ৬ জিবি ইন্টাৰনেট ডাটা + ১০০০টি SMS। এই প্লেনৰ বৈধতা ৮৪ দিন।

ইপিনে এইসকলোবোৰৰ ওপৰত আছে এক ২,৩৯৯ টকাৰ বার্ষিক প্লেন। এই প্লেনত গ্ৰাহকসকলে পাব মুঠ প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ৩৬৫ দিনৰ।

You might also like