নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 Covid-19- শুকুৰবাৰে ৰাজ্যত পুনৰ ১৬ পজিটিভৰ প্রাণহানি, প্রতি ডেৰ ঘণ্টাত মৃত্যু এজনকৈ লোকৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা ৰোগীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ বিশেষকৈ ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত শৰীৰত অক্সিজেনৰ মাত্রা হ্রাস পোৱা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজ্যত। ৰাজ্যৰ বিভিন্ন চৰকাৰী–বেচৰকাৰী হাস্পতাল আৰু ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে ২৯,৬৮৬গৰাকী ৰোগী৷ ইয়াৰ ভিতৰত বর্তমানলৈ মৃত্যু হৈছে ৪১৪গৰাকীৰ৷

কিন্তু সুস্থ হোৱা ৰোগীৰ সংখ্যা আশানুৰূপভাৱে ৰাজ্যত বৃদ্ধি পালেও মৃত্যুৰ হাৰ আকস্মিকভাৱে বাঢ়ি যোৱা তথ্যই উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ বিগত দুটা দিনৰ লগতে কালি নতুনকৈ মৃত্যু হোৱা ১৬জন লোকক ধৰি ৰাজ্যত মৃত্যুক সাবটি লৈছে ৫২গৰাকী লোকে৷ যোৱা দুদিনত প্রতিদিনে ১৮জনকৈ ৰোগীৰ প্রাণহানি হৈছে ক’ৰোনাত আক্রান্ত হৈ৷ ৰাজ্যত বিগত এই তিনিটা দিনত প্রতি প্রায় ডেৰ ঘণ্টাত এজনকৈ লোকৰ প্রাণ কাঢ়িছে মাৰাত্মক ভাইৰাছে৷

এনে পৰিস্থিতিৰ মাজতে কালি পুনৰ ১৬গৰাকী ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ কালি মৃত্যু হোৱা লোককেইজন হ’ল ডিব্রুগড় জিলাৰ প্রিয়ংকা উপাধ্যায় (২৪), কামৰূপ মহানগৰ জিলাৰ তুলসীৰাম প্রজাপতি (৫০), নগাঁও জিলাৰ ভবেন্দ্র প্রসাদ বৰা (৬০), মহেশ কুমাৰ অজিতচাৰিয়া (৫৪), কামৰূপ মহানগৰ জিলাৰ কৃষ্ণা চেটার্জী (৭৫), এ আৰ জাজোদিয়া (৭৭), মৰিগাঁও জিলাৰ নুৰুল ইছলাম (৮০), লখিমপুৰ জিলাৰ প্রিতোশ সৰকাৰ (৫২), শোণিতপুৰ জিলাৰ গৌতম দেৱনাথ (৩২), কাছাৰ জিলাৰ বাসন্তীবালা পল (৭৫), কৰিমগঞ্জ জিলাৰ প্রমোদ দাস (৬২), তাপু নাথ (২১), কামৰূপ মহানগৰ জিলাৰ প্রবীণ কুমাৰ (৫৮), ডিব্রুগড় জিলাৰ দীপালী গগৈ (৬০), শিৱসাগৰ জিলাৰ ৰাফিদা বেগম (৬৫) আৰু নগাঁও জিলাৰ নিকুঞ্জলতা ভূঞা (৭৫)৷

মৃত্যু হোৱা এই লোকসকলৰ সৈতে ৰাজ্যত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩০গৰাকীলৈ বৃদ্ধি পালে৷ ইফালে, ক’ৰোনা সংক্রমণ অব্যাহত ৰাখি ২৪ ঘণ্টাত পুনৰ ২,৫৩৪গৰাকী লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত ৩৬,৪১৩গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ইয়াৰে ২,৫৩৪গৰাকী লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৬.৯৬ শতাংশ৷ কালি আক্রান্ত হোৱা লোকসকলৰ ৫৮৮গৰাকী কামৰূপ মহানগৰ জিলাৰ, ১৯৪গৰাকী যোৰহাট জিলাৰ, ১৭২গৰাকী ডিব্রুগড় জিলাৰ আৰু ১৫৩গৰাকী ধেমাজি জিলাৰ৷ ৰাজ্যত এতিয়ালৈ আক্রান্তৰ সংখ্যা ১,৩৮,৩৩৯লৈ বৃদ্ধি পালে৷

You might also like