আধাৰ কেন্দ্রৰ অভাৱঃ ক’ভিড প্রট’কল ভাঙি কেন্দ্রই কেন্দ্রই সর্বসাধাৰণৰ দীঘলীয়া শাৰী
নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ সুবিধা গ্রহণার্থে হিতাধিকাৰীৰ বাবে অতি প্রয়োজন হৈ পৰিছে আধাৰ কার্ড৷ তেনে সময়ত হাজো বিধানসভা সমষ্টিত মাত্র কেইটামান আধাৰ চেণ্টাৰহে অনুমোদন কৰিছে৷
সমষ্টিটোৰ বিশখনকৈ গাঁও পঞ্চায়তৰ বিপৰীতে আধাৰ চেণ্টাৰ অনুমোদন নকৰি হাজো খণ্ড উন্নয়ন বিষয়াৰ কার্যালয় চৌহদকে ধৰি মাত্র তিনিটামানহে চেণ্টাৰত আধাৰ কার্ডৰ কাম চলি আছে, যাৰ পৰিপ্রেক্ষিতত সর্বসাধাৰণ ৰাইজে আধাৰ কার্ডৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷
প্রখৰ ৰ’দ–বৰষুণক নেওচি সম্প্রতি সর্বসাধাৰণ ৰাইজে পুৱাৰে পৰা সন্ধিয়া পর্যন্ত মহামাৰী ক’ৰোনাৰ প্রট’কল নামানি শাৰী পাতি থকা পৰিলক্ষিত হৈছে৷ দিনৰ দিনটো ভোকে–পিয়াহে শাৰী পাতি আধাৰ কার্ডৰ নামত জীয়াতু ভোগা ৰাইজে অতিশীঘ্রে হাজো সমষ্টিৰ প্রতিখন গাঁও পঞ্চায়তৰ বিপৰীতে একোটাকৈ আধাৰ চেণ্টাৰ অনুমোদন কৰিবলৈ বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে৷