ছয়গাঁৱত অবৈধ ইটাভাতা উচ্ছেদৰ দাবীত ওলাই আহিল সহস্ৰাধিক লোক
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বাংকাকাটাত অবৈধভাৱে চলি থকা ইটাভাতাসমূহ উচ্ছেদ কৰাৰ দাবীত আজি দিনৰ প্ৰায় ১০.৩০ বজাত বি আৰ এফৰ উদ্যোগত আৰু কেবাখনো গাঁৱৰ সহযোগত সহাস্ৰাধিক পুৰুষ মহিলাই উলিয়াই এক বৃহৎ প্ৰতিবাদী সমদল ৷ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ ইটাভাতা বন্ধ কৰক, কৃষিভূমি সুৰক্ষা দিয়ক, ইটাভাতা নামত দালালৰাজ নচলিব, প্ৰকৃতিক সুৰক্ষা দিয়ক শ্ল’গানেৰে প্ৰতিবাদী কাৰ্যসূচী অধিক উত্তপ্ত কৰি তোলে ৷
জানিব পৰা মতে, প্ৰতিবাদকাৰীসকলে বাংকাকাটা জয়নাৰায়ণ বিদ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গাঁওখনৰ মাজত স্থাপন কৰা তমিজ আলী নামৰ লোকজনৰ ইটাভাতালৈ যোৱাৰ লগতে উক্ত অঞ্চলত থকা কেইবাটাও ইটাভাতা বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে বৃহত্তৰ বাংকাকাটা অঞ্চলত তিনিটা চিমনিভাটা থকাৰ লগতে কেইবাটাও বাংলাভাটা ইটাৰ ভাতা আছে ৷ ইয়াৰে প্ৰায়কেইটাই ইটাভাতাই অবৈধ বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে ৷ ইটাভাতাকেইটাই অঞ্চলটোৰ পৰিৱেশ দূষিত কৰা বুলিও ৰাইজে অভিযোগ কৰে ৷ উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে তমিজ আলী নামৰ লোকজনৰ নামত থকা চিমনি ভাতাটোৰ নামত তমিজ আলীয়ে ওচৰতে থকা সাততালুক পঞ্চায়তৰ এটি বিলৰ বহুসংখ্যক মাটি বেদখল কৰিছে ৷
তমিজ আলীয়ে বিলটোৰ বহু মাটি পুতি পেলোৱাৰ লগতে তাৰ মাটি খান্দি ইটাভাতাটোত ব্যৱহাৰ কৰা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে বাংকাকাটাত এনেদৰে গাৰ জোৰেৰে অবৈধভাৱে ইটাভাটা চলাই থকা মালিক সকলৰ লগত প্ৰশাসনৰ গোপন বুজাবুজি আছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ বাংকাকাটাত এনেদৰে অবৈধভাৱে স্থাপন কৰা ইটাভাটা সমূহ বন্ধ কৰিবলৈ ছয়গাঁও চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ ওচৰত কেইবাবাৰো লিখিত অভিযোগ দিয়াৰ পিছতো প্ৰশাসনে ইটাভাটা সমূহ বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷